নাগৰিকত্ব সংশোংধনী বিধায়ক বাতিলৰ দাবীত বিভিন্ন সংগঠনে জনোৱা অসম বন্ধৰ প্ৰভাৱ আজি বোকাখাতত সৰ্বাত্মক হোৱা দেখা গ’ল।
বন্ধৰ প্ৰভাৱ শান্তিপূৰ্ণ যদিও ঠায়ে ঠায়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই বন্ধৰ সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰে। বন্ধৰ সময়ছোৱাত চহৰখনৰ সকলো ব্যৱসায়-প্ৰতিষ্ঠান বন্ধ থাকে।
আনহাতে, বন্ধৰ মাজতে বোকাখাত নগৰত মটৰ চাইকেলৰ খুন্দাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন কৰ্মী গুৰুতৰভাৱে আহত হয়। আহত কৰ্মীজনক সঞ্জয় শইকীয়া বুলি চিনাক্ত কৰা হৈছে।
বৰ্তমান তেওঁক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই মটৰ চাইকেল আৰোহীয়ে ঘটনাস্থলীৰ পৰা পলায়ণ কৰে। অৱশ্যে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা এ এছ ০৪ এন-৫৫০৮ নম্বৰৰ মটৰ চাইকেলখন জব্দ কৰিছে।
বোকাখাতৰ লগতে কাজিৰঙাতো বন্ধৰ সৰ্বাত্মক প্ৰভাব দেখা যায়। বন্ধৰ সমৰ্থকসকলে কাজিৰঙাত ৩৭ নং ৰাষ্ট্ৰীয় পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।