• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2023 8:02 pm
Ajit Bhuyan challenges Himanta Biswa Sarma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমাৎ অভিযোগ-প্ৰতিঅভিযোগেৰে ৰাজনৈতিক বাক-বিতণ্ডা বৃদ্ধি পাইছে ৰাজ্যসভাৰ সাংসদ অজিত ভূঞা আৰু ৰাজ্য চৰকাৰৰ মাজত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰাৰ পিছতে অজিত ভূঞাই সাংসদ পুঁজিৰ ব্যৱহাৰত স্বজন-তোষণ আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনাইছে সাংসদ ভূঞাই। এক বিবৃতি যোগে সাংসদ অজিত ভূঞাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক শত্ৰুতাৰ পোতক তোলাৰ বাবে ভূঞাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তোলাৰ অভিযোগ কৰিছে।

বিবৃতিটোত অজিত ভূঞাই কয়, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ সদস্য-সদস্যাৰ নামত থকা প্ৰতিষ্ঠানে চৰকাৰী প্রশাসন যন্ত্ৰ ব্যৱহাৰ কৰি আৰু চৰকাৰী বিভাগসমূহৰ পৰা ধন আনি অনুষ্ঠিত কৰা এটাৰ পিছত আনটো অনুষ্ঠানৰ অৰ্থনৈতিক লেনদেনৰ সমস্ত তথ্য ৰাইজৰ জ্ঞাতাৰ্থে প্রকাশ কৰিবলৈ আহ্থান জনাই মই কৰা কেইটামান মুকলি প্রশ্নৰ উত্তৰ দিব নোৱাৰি উলংগ হোৱাৰ ভয়ত এতিয়া মুখ্যমন্ত্ৰীজনে মোৰ সাংসদ পুঁজি ব্যয়ৰ আসোঁৱাহ খুচৰি আমাৰ প্রত্যাহ্বানৰ পোতক তোলাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।”

Apply Now

ইতিমধ্যে উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা সাংসদ পুঁজিৰ ব্যয়ৰ ফাইল তলৱ কৰাই নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একাংশ অনুগত আৰু ঘনিষ্ঠ জ্যেষ্ঠ ‘সাংবাদিক’ৰ দ্বাৰা কিছুমান সম্পূৰ্ণ মিছা অভিযোগ সামাজিক মাধ্যমকে ধৰি একাংশ প্রচাৰ মাধ্যমত প্রচাৰ কৰি অজিত ভূঞাক জনমানসত হেয় প্রতিপন্ন কৰিবলৈ কৌশল ৰচনা কৰিছে বুলি তেওঁ লগতে অভিযোগ তুলিছে।

“তেওঁৰ আজ্ঞাবাহী বুলি সকলোৱে জনা এজন ডেকা মন্ত্ৰীৰ হতুৱাই তেওঁৰ ষড়যন্ত্ৰ আগবঢ়াই নিবলৈ বিচৰা হৈছে। ইতিমধ্যে মোৰ সাংসদ পুঁজি সম্পৰ্কত মুখ্যমন্ত্ৰীৰ ‘ভিজিলেল চে’ল’ত এটা গোচৰ ৰুজু কৰি বিষয়াসকলক লগাই দিয়া হৈছে আসোঁৱাহ বিচাৰিবলৈ৷ ইয়াতেই ওলাই পৰি মুখ্যমন্ত্ৰীজন কেনে ধৰণৰ চৰিত্ৰৰ মানুহ।”— সাংসদ ভূঞাই লগতে কয়

অজিত ভূঞাই লগতে তেওঁ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘আচল চৰিত্ৰটো উদঙাই দিয়াটো সহ্য কৰিব পৰা নাই’ বুলি কটাক্ষ কৰে। “মই তুলি ধৰা প্রশ্নবোৰৰ উত্তৰ তেওঁৰ হাতত আছে, কিন্তু সেইবোৰ ৰাজহুৱা কৰিবলৈ যিকণ সাহস আৰু সততাৰ প্রয়োজন সেইকণ তেওঁৰ নাই যে সেই কথা বাৰে বাৰে প্রমাণ হৈছে। তেওঁ ভালকৈয়ে জানে যে সেইবোৰ উত্তৰ ৰাজহুৱা হৈ গ’লে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ পাইকাৰী লুণ্ঠনৰ ছবিখন পোহৰলৈ ওলাই আহিব। সেয়ে ভয়।”– ভূঞাই বিবৃতিটোত লগতে কয়।

বিবৃতিটোত লগতে তেওঁ কয়, “মই অকণো আচৰিত হোৱা নাই কাৰণ ক্ষমতাই মূৰত ধৰা মানুহৰ প্রকৃতি এনেকুৱাই হয়। সকলো তেওঁৰ ভৃত্য মন্ত্ৰী-বিধায়ক-সাংবাদিকৰ শাৰীৰ ব্যক্তি বুলি থকা তেওঁৰ ধাৰণা যে ভুল সেই কথা হয়তো তেওঁ উপলব্ধি কৰাৰ সামৰ্থ্যও নাই। মই সদায় সঁচা কথা কৈ আহিছোঁ আৰু কোনো ভয়-ভাবুকি, প্ৰলোভনে আজিলৈকে মোক কক্ষচ্যুত কৰিব পৰা নাই আৰু নোৱাৰেও।”

এগৰাকী মুখ্যমন্ত্ৰী হৈ সাংসদ উন্নয়ন পুঁজিৰ ধন কোনে কেনেকৈ ব্যয় কৰিব পাৰে সেয়া নজনাটো অত্যন্ত লাজৰ কথা বুলি ভূঞাই হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে। এই সন্দৰ্ভত তেওঁ কয়, “সাংসদ উন্নয়ন পুঁজিৰ ধন সাংসদজনে নিজৰ ইচ্ছা মতে ব্যয় কৰিব নোৱাৰে। এখন চৰকাৰী কমিটী থাকে আৰু কমিটীখনক সাংসদজনে কেৱল কোনটো অঞ্চলত কি কাম কৰিব খোজা হৈছে সেইটো জনাই দিব লাগে। ইয়াৰ পিছৰ পৰ্যায়ত সংশ্লিষ্ট জিলাখনৰ উপায়ুক্তজনৰ তত্্বাৱধানতহে কামৰ খতিয়ান চাই এই পুঁজি নিৰ্দিষ্ট কামৰ বাবে ধন কেইবাটাও কিস্তিত মোকলাই দিয়া হয়।”

এনে পৰিস্থিতিত সাংসদ এজনে পুঁজিৰ অপব্যৱহাৰ কৰাৰ সুৰুঙা ক’ত বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে। লগতে তেওঁ কয় যে, “মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ এজন জ্যেষ্ঠ সাংবাদিকে মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপি লৈ সামাজিক মাধ্যমত হাজোৰ এটা জৰাজীৰ্ণ পথ মোৰ সাংসদ পুঁজিৰে নিৰ্মাণ কৰা বুলি ফটোসহ তুলি ধৰিছে। সাংবাদিকৰ চৰিত্ৰ যদি এনেকুৱাই হয় তেন্তে আৰু ক’বলৈ কি বাকী থাকিল! তেওঁলোকে জানি লওক আগতে যে তেওঁলোকে দেখুওৱা পথটো মোৰ সাংসদ পুঁজিৰে নিৰ্মাণ কৰা পথেই নহয়। উপায়ুক্ত কাৰ্যালয়ৰ পৰা দিছপুৰে লৈ যোৱা ফাইলবোৰ লুটিয়াই চাওক আগতে, সেইটো পথৰ আঁচনি মোৰ সাংসদ পুঁজিৰে সজাৰ কিবা তথ্য বিচাৰি পায় নেকি।”

সাংসদ ভূঞাই লগতে প্রয়োজন হ’লে সাংসদ পুঁজিৰ প্রতিটো টকাৰ ব্যয়ৰ বিস্তাৰিত তথ্য ৰাজহুৱা কৰিম বুলি মন্তব্য কৰি “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দীৰ্ঘকাল স্বাস্থ্য বিভাগৰ মন্ত্ৰী হৈ থাকৌতে ক’ৰ ধন ক’ত ব্যয় কৰিলে, কোন কোন আত্মীয়ক সেইবোৰ কামৰ ঠিকা দিলে আৰু এতিয়া গড়কাপ্টানি (লোক-নিৰ্মাণ বিভাগ)ত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাহিৰে আন কোনোবাই বৃহৎ বৃহৎ ঠিকাৰ কাম পাইছেনে, সেইবোৰ তথ্য ৰাজহুৱা কৰিবলৈ মুখ্যমন্ত্ৰী শৰ্মাৰ সাহসে কুলাব নে নাই সেইটোৰো উত্তৰটো দি লওক” বুলিও প্ৰশ্ন কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই অজিত ভূঞাই লগতে কয়, “মই খুব স্পষ্টভাৱে কৈছোঁ- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি সাহস আছে তেন্তে মই ইয়াৰ আগতে ৰাজহুৱাকৈ উত্থাপন কৰা প্রশ্ন কেইটাৰ উত্তৰ ৰাজহুৱাকৈ দিয়ক। আৰু যদি উত্তৰ দিবলৈ ভয় খাইছে সেইটোও ৰাজহুৱাকৈ কৈ দিয়ক। মোক সেই প্রশ্নবোৰৰ উত্তৰ লাগিবই।” তেওঁ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি আন কেইটামান প্ৰশ্নও উত্থাপন কৰিছে।

বিবৃতিটোত মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বানজনাই তেওঁ প্ৰশ্ন কৰে, “মই মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ দুৰ্নীতিৰ সম্পৰ্কত প্রত্যাহ্বান জনাই ৰাজহুৱাকৈ তোলা প্রশ্নকেইটাৰ পিছতহে মোৰ সাংসদ পুঁজিৰ হিচাব ল’বলৈ কিয় তৎপৰ হ’ল? ইয়াৰ আগলৈকে মুখ্যমন্ত্ৰী আৰু তেওঁৰ সাংগোপাংগো সকল শুই আছিল নেকি? এতিয়াহে “ভিজিলেন্স’ত গোচৰ তৰিবলৈ ৰৈ আছিল কিয়!”

ইয়াৰ উপৰিও ভূঞাই তীব্ৰ কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাক কয়, “এয়াই আপোনালোকৰ চৰিত্ৰ নেকি? আপোনালোকৰ বিৰুদ্ধে মাত মাতিলেই পুলিচ, ই ডি,চি বি আই লগাই বিৰোধীৰ কণ্ঠ ৰূদ্ধ কৰিবলৈ আপোনালোক তৎপৰ হৈ পৰে! সাংসদ পুঁজিৰ কামত সাংসদ হিচাপে মোৰ কোনো ভূমিকাই নাই। এই পুঁজিৰ কাম তদাৰক কৰিবলৈ চৰকাৰে কমিটী গঠন কৰি দিছে য’ত বেছিভাগেই আপোনালোকৰ বাছনিত উঠা অফিচাৰ! তেওঁলোকেই সমস্ত তদাৰক কৰে আৰু উপায়ুক্তজনে কামৰ খতিয়ান চাই কাম কৰা ঠিকাদাৰক ধন মোকলাই দিয়ে। যদি গণ্ডগোল হৈছে তেন্তে সেয়া আপোনালোকৰ বাছনিত উঠা অফিচাৰ সকলেহে কৰিব পাৰে।

“কিন্তু মোৰ দৃঢ় বিশ্বাস যে অফিচাৰসকল সৎ অফিচাৰ, তেওঁলোকে তেনে বিত্তীয় গণ্ডগোল কৰিব নোৱাৰে। শেষত মই আহ্বান জনাম যাতে মোৰ সৈতে থকা ৰাজনৈতিক শত্ৰুতাৰ বাবে এইসকল আমোলাৰ বিৰুদ্ধে আপোনালোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। তাৰ পৰিৱৰ্তে আপোনালোকৰ কু-অভিসন্ধি চৰিতাৰ্থ কৰিবলৈ যদি প্রয়োজন হয় তেন্তে সাহসেৰে মোকেই গ্ৰেপ্তাৰ কৰকহি। মই সাজু আছোঁ। মোৰ বাবে এইবোৰ নতুন কথা বুলি মই অন্ততঃ নাভাবো।”— বিবৃতিটোত অজিত ভূঞাই লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd