• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত সাংসদ তপন কুমাৰ গগৈয়ে বিতৰণ কৰিলে বিধায়ক এলেকা উন্নয়ন পুঁজিৰ ধনমঞ্জুৰী পত্ৰ

১২৬ টা সমষ্টিৰ প্ৰথম ৫ টা স্থানৰ ভিতৰত শিৱসাগৰক জিলিকাই তোলা হব- সাংসদ তপন কুমাৰ গগৈ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
January 30, 2021 6:22 pm
IMG-20210130-WA0008
295
VIEWS
Share on FacebookShare on Twitter

যোৰহাট লোকসভা সমষ্টিৰ সংসদ তপন কুমাৰ গগৈয়ে আজি শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক এলেকা উন্ময়ন পুঁজি ২০১৯-২০ আৰু ২০২০-২১ বিত্তবৰ্ষৰ ধনমঞ্জুৰী পত্ৰসমূহ আনুষ্ঠানিকভাৱে হিতাধিকাৰী সকলৰ মাজত বিতৰণ কৰে৷

সভাৰ আৰম্ভণিতে সাংসদ গৰাকীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যুৰ দিন “শ্বহীদ দিৱস”ত তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে৷

ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে যে, অসম দৰ্শন আঁচনিৰ অধীনত জিলাখনৰ প্ৰাচীন কীৰ্তি চিহ্ন, দৌল-দেৱালয়, মঠ-মন্দিৰ আদিলৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে জিলাখনৰ নামঘৰসমূহলৈ আঢ়ৈ লাখ টকাকৈ আৰ্থিক অনুদান ইতিমধ্যে প্ৰদান কৰা হৈছে৷

তেওঁ অৱগত কৰে যে, ইতিমধ্যে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক এলেকা উন্নয়ন পুঁজিৰ ২০১৯-২০ বিত্ত বৰ্ষৰ বাবে ৩৮ টা আঁচনিৰ বিপৰীতে ৯৯.৭০ লাখ টকা আৰু ২০২০-২১ বিত্তবৰ্ষৰ বাবে ১৭ টা আঁচনিৰ বিপৰীতে ৫৬ লাখ টকাৰ অনুমোদন জনোৱা হৈছে৷

 সভাত ইয়াৰে ৪৬ খন আঁচনিৰ বিপৰীতে ধনমঞ্জুৰী পত্ৰ প্ৰদান কৰা হয়৷ সভাত সাংসদগৰাকীয়ে প্ৰয়াত বিধায়ক প্ৰণৱ কুমাৰ গগৈৰ দেহাৱসানৰ পৰিপ্ৰেক্ষিতত উন্নয়নৰ স্বাৰ্থত চৰকাৰে তেখেতক সমষ্টিৰ দায়িত্ব প্ৰদান কৰা বুলি অৱগত কৰে৷

 সাংসদ গৰাকীয়ে জনায় যে, হিতাধিকাৰী সকলে প্ৰথম কিস্তিত নিৰ্ধাৰিত পুঁজিৰ ৭৫ শতাংশ বেংক একাউন্টযোগে লাভ কৰিব আৰু বাকী ২৫ শতাংশ ব্যৱহাৰিক প্ৰমাণপত্ৰ তথা যাৱতীয় নথি দাখিল কৰাৰ অন্তত দ্বিতীয় কিস্তিত লাভ কৰিব৷ তেখেতে যিসমূহ সমিতিয়ে সমিতিৰ তথ্যসমুহ প্ৰদান কৰা নাই সেইসমূহ কমিটিক তথ্যসমূহ অনুমোদনৰ বাবে প্ৰদান কৰাৰ লগতে বেংক একাউন্ট নোখোলা কমিটিসমূহক অনতিপলমে বেংক একাউন্ট খোলাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

সাংসদগৰাকীয়ে পুঁজিৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পূৰ্বে নিৰ্ধাৰিত আঁচনিৰ কামসমূহ আৰম্ভ কৰিবলৈ নিৰ্মাণ সমিতিসমূহক আহ্বান জনায়৷ সাংসদগৰাকীয়ে সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত সমূহ ৰাইজৰ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি শিৱসাগৰ বিধানসভা সমষ্টিক ৰাজ্যৰ ১২৬ টা সমষ্টিৰ প্ৰথম ৫ টা স্থানত জিলিকাই তোলা হ’ব বুলি জনায়৷

আজিৰ সভাত  শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই সকলো নিৰ্মাণ সমিতিক যাৱতীয় কামসমূহ ক্ষীপ্ৰতাৰে আৰু গুণগত মান বজাই ৰাখি সম্পন্ন কৰিবলৈ আহ্বান জনায়৷

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অতিৰিক্ত উপায়ুক্ত জুনুমণি সোণোৱালে৷

আজিৰ সভাত নিৰ্মাণ সমিতিৰ বিষয়ববীয়াসকলৰ লগতে বিশিষ্ট সমাজসেৱী সুৰভী ৰাজকোঁৱৰী আৰু ভৱেন মহন উপস্থিত থাকে৷

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd