• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

M S Dhoni: স্বাধীনতা দিৱসৰ পূৰ্বে ধোনীৰ বিশেষ বাৰ্তা; ত্ৰিৰংগাৰে উজলাই তুলিলে নিজৰ ইনষ্টাগ্ৰাম!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2022 2:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

MS Dhoni changes his Instagram DP to tricolour ১৫ আগষ্টৰ ঐতিহাসিক দিনটোৰ পূৰ্বেই নিজৰ ইনষ্টাগ্ৰাম ডিপি ত্ৰিৰংগাৰে উজলাই তুলিলে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ‘কেপ্টেইন কুল’ ধোনীয়ে। তেওঁ ইংৰাজী, হিন্দী আৰু সংস্কৃতত লিখিছে, “মই এগৰাকী ভাৰতীয় হিচাপে ধন্য।”

ধোনীয়ে ১৫ বছৰ ধৰি ভাৰতীয় ক্ৰিকেটৰ এগৰাকী অপ্ৰতিদ্বন্দ্বী যোদ্ধা হিচাপে সেৱা আগবঢ়াইছে। ২০২০ চনৰ ১৫ আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে টীম ইণ্ডিয়াৰ সৰ্বকালৰ অন্যতম মহান অধিনায়কগৰাকীয়ে।

ধোনীক শেষবাৰৰ বাবে ২০১৯ চনত ৫০ অভাৰৰ এদিনীয়া বিশ্বকাপত দেশৰ জাৰ্চীত দেখা গৈছিল। চকুৰ পচাৰতে যেন ধোনীৰ অৱসৰৰ দ্বিতীয় বাৰ্ষিকী আহি পালে।

Apply Now

‘কেপ্টেইন কুল’ৰ নেতৃত্বত ভাৰতে ২০০৭ চনত টি-২০ বিশ্বকাপ আৰু ২০১১ চনত ৫০ অ’ভাৰৰ এদিনীয়া বিশ্বকাপ জিকিছিল। ধোনীৰ অপৰাজিত মেন ইন ব্লুয়ে ২০১৩ চনত আইচিচি চেম্পিয়নছ ট্ৰফী জিকিছিল।

ধোনীৰ অধিনায়কত্বত ভাৰতে ২০১০ আৰু ২০১৬ চনত এছিয়া কাপ জিকিছিল। ধোনীয়ে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লয় যদিও তেওঁ চেন্নাই চুপাৰ কিংছৰ হৈ আই পি এলত খেলিছে।

বাইশ গজৰ সৰ্বকালৰ শ্ৰেষ্ঠ উইকেটকিপাৰ বেটছমেনসকলৰ মাজৰ অন্যতম ধোনী কেৱল এগৰাকী ক্ৰিকেটাৰ নহয়, তেওঁ এগৰাকী সু-প্ৰশিক্ষিত সৈনিকো।

ধোনীক ২০১১ চনত ভাৰতীয় সেনাই লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় পদবী প্ৰদান কৰিছিল। মাত্ৰ চাৰি বছৰৰ পিছত, ধোনীয়ে সফলতাৰে তেওঁৰ পেৰাচুট জাম্প প্ৰশিক্ষণ সম্পূৰ্ণ কৰে আৰু এজন প্ৰশিক্ষিত পেৰাট্ৰুপাৰ হয়।

Nation's Son indeed @MSDhoni 🇮🇳#HarGharTiranga #HappyIndependenceDay #MSDhoni pic.twitter.com/WtPcEyT5cF

— MS Dhoni 7781 #Dhoni (@msdhoni_7781) August 13, 2022

 ২০১৯ ৰ বিশ্বকাপত উইকেট কিপিং গ্ল’ভছত ভাৰতীয় সেনাৰ ‘বলিদান’ প্ৰতীক ব্যৱহাৰ কৰি ধোনী বিতৰ্কত সাঙোৰ খাই পৰিছিল। বিশ্বকাপ সমাপ্ত হোৱাৰ পিছত ধোনী দক্ষিণ কাশ্মীৰলৈ যায়। তাত তেওঁ ১০৬ টেৰিটৰিয়েল আৰ্মি বেটেলিয়ন (পেৰা)ত প্ৰশিক্ষণ লয়। আন সেনা জোৱানৰ দৰে ধোনীয়েও ভিক্টৰ ফোৰ্চৰ হৈ দুসপ্তাহৰ প্ৰশিক্ষণৰ সময়ত টহল আৰু পহৰা দিছে। তেওঁ অৱসৰত তেওঁৰ সহকৰ্মীসকলৰ সৈতে ভলীবলো খেলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd