• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুকেশ আম্বানিৰ বেয়া দিন! ধনকুবেৰৰ তালিকাৰ আৰু তললৈ নামিল ৰিলায়েন্সৰ গৰাকী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 9, 2021 2:07 pm

2 min read

Mukesh-Ambani-Picture-750x375

মুকেশ আম্বানি।

179
VIEWS
Share on FacebookShare on Twitter

মুকেশ আম্বানিৰ বেয়া দিন আঁতৰা নাই। এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰ খিতাপ হেৰুওৱাৰ পাছত এইবাৰ বিশ্বৰ শীৰ্ষ ধনকুবেৰৰ তালিকাত আৰু অৱনতি ঘটিল আম্বানিৰ স্থান।

কিছুদিন পূৰ্বে ব্লুমবাৰ্গৰ তালিকাৰ শীৰ্শ দহটা স্থানৰ পৰা আঁতৰি এঘাৰ নম্বৰ স্থানলৈ অৱনতি ঘটনা আম্বানি এইবাৰ তেৰ নম্বৰ স্থানলৈ নামিল।

বৰ্তমান আম্বানিৰ মুঠ সম্পত্তিৰ মূল্য ৭৩.৪ বিলিয়ন ডলাৰ। ভাৰতীয় হিচাপত এই মূল্য হৈছে ৫.৩৬লাখ কোটি টকা।

যোৱা বছৰৰ আৰম্ভণিত এই পৰিমান আছিল ৯০ বিলিয়ন ডলাৰ অৰ্থাৎ ৬.৬২লাখ কোটি টকা। সেই হিচাপে যোৱা এবছৰত মুঠ সম্পত্তিৰ পৰিমান ১লাখ কোটি টকাৰো অধিক হ্ৰাস পাইছে।

হঠাতে কিয় মুকেশ আম্বানিৰ এনে অৱস্থা হ’ল? যোৱা আগষ্ট মাহতো তেওঁ ব্লুমবাৰ্গৰ তালিকাৰ চাৰি নম্বৰ স্থানত আছিল। মাত্ৰ কেইমাহতে বহু তললৈ নামি যাৱলগীয়া হ’ল মুকেশ আম্বানি।

দৰাচলতে যোৱা তিনি মাহত ৰিলায়েন্সৰ শ্বেয়াৰ হুৰাহুৰে নামি গৈছে। সেয়েহে, আম্বানিৰ মুঠ সম্পত্তিৰ পৰিমানো হ্ৰাস পাইছে।

যোৱা আগষ্টত ২৪,৭১৩ কোটি টকাৰ বিনিময়ত ‘ফিউচাৰ গ্ৰুপ’ৰ খুচুৰা আৰু পাইকাৰী ব্যৱসায় তথা লজিষ্টিক আৰু ৱেৰহাউছিং ব্যৱসায় ৰিলায়েন্সে ক্ৰয় কৰিছিল। সেই সময়ত সংস্থাটোৰ শ্বেয়াৰ মূল্য শীৰ্ষত আছিল।

ইয়াৰ পৰা সংস্থাৰ ১৮.৩শতাংশ শ্বেয়াৰ অংকৰ অৱনতি ঘটিছে। ইয়াৰ আঁৰত আছে আমেৰিকাৰ ই-কমাৰ্ছ সংস্থা এমাজনৰ সৈতে ৰিলায়েন্সৰ ব্যৱসায়িক সংঘাত।

ৰিলায়েন্সৰ সৈতে ফিউচাৰ গ্ৰুপৰ চুক্তিক লৈ এমাজনৰ আপত্তি আছে। যোৱা বছৰেই ‘ফিউচাৰ কুপনছ’ত প্ৰায় ২০০ মিলিয়ন ডলাৰ বিনিয়োগ কৰিছে সংস্থাটোৱে। এনে পৰিস্থিতিত ফিউচাৰ গ্ৰুপে ৰিলায়েন্সক সকলো সম্পত্তি বিক্ৰী কৰি দিয়াৰ বাবেই এমাজনৰ আপত্তি।

এনে বিবাদ-প্ৰতিবাদৰ মাজতেই আম্বানিৰ ৰিলায়েন্সৰ শ্বেয়াৰ মূল্য হ্ৰাস পাইছে।

Recent News

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

a mam

কেৱল দিল্লীতে নহয়, দেশৰ চাৰি স্থানত ৰাজধানী বিচাৰিলে এগৰাকী মুখ্যমন্ত্ৰীয়ে, কোন তেওঁ?

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd