• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৌৰ নিগমৰ নিৰ্বাচনক লৈ বি জে পি চৰকাৰে ৰাজনীতি কৰিছে: প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 26, 2021 2:48 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ কৰ্তৃত্বক সম্পূৰ্ণ নস্যাৎ কৰি অসমৰ বি জে পি চৰকাৰে কাম-কাজ কৰিবলৈ আৰম্ভ কৰিছে যিটো গণতন্ত্ৰৰ বাবেই ভয়ংকৰ ভাবুকি ৷

এই অভিযোগ প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাৰ। শৰ্মাই কয় শেহতীয়াকৈ ৰাজ্যিক নিৰ্বাচন আয়োগৰ ক্ষমতা আজুৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গৃহ আৰু নগৰ উন্নয়ন বিভাগ (হাউছিং এণ্ড আৰবান ডেভেলপমেণ্ট) ৰ অধীনত এখন ‘ডিলিমিটেশ্বন ব’ৰ্ড’ গঠন কৰিবলৈ আগবাঢ়িছে যিটো দেখদেখকৈ সম্পূৰ্ণ অসাংবিধানিক।

Apply Now

যোৱা ২০১৮ চনতে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ’ব লাগিছিল। কিন্তু বি জে পি চৰকাৰে গাফিলতিৰে যোৱা চাৰে তিনিবছৰে সেই দায়িত্বৰ পৰা আঁতৰি থাকিল। বাৰ্ড সমূহৰ ডিলিমিটেশ্বন যদি প্ৰয়োজনীয় আছিল যোৱা চাৰে তিনিবছৰে তাক পেলাই থোৱা হ’ল কিয়?

ৱাৰ্ড ডিলিমিটেশ্বনৰ বাবে সৰ্বদলীয় সভা আহ্বান কৰি আলোচনাৰ মাজেৰে এটা সৰ্বসন্মত সিদ্ধান্তত উপনীত হোৱাটো নিয়ম। সেই সকলো জলাঞ্জলি দি বিগত চাৰে তিনিবছৰে বি জে পি চৰকাৰে সৰ্বদলীয় সভা কিয় পাতিব নোৱাৰিলে তাৰ উত্তৰ গুৱাহাটীৰ ৰাইজক দিয়ক বুলিও কয় শৰ্মাই।

এতিয়া হঠাৎ সকলো সাংবিধানিক বিধি-ব্যৱস্থা নস্যাৎ কৰি বি জে পি নেতৃত্বাধীন চৰকাৰে কেৱল নিজৰ ৰাজনৈতিক লাভালাভৰ অংকত শেষ মুহূৰ্তত লৰালৰিকৈ ৱাৰ্ড ডিলিমিটেশ্বনৰ বাবে ব’ৰ্ড গঠন কৰি নিজৰ অভিষ্ট সিদ্ধি কৰিবলৈ প্রয়াস কৰিছে।

নক’লেও হ’ব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰ এতিয়া কেৱল ক্ষমতাৰ ৰাগীত মতলীয়া হৈছে। দেশৰ প্ৰচলিত আইন-কানুন আৰু সাংবিধানিক বিধি-ব্যৱস্থা অগ্ৰাহ্য কৰি গণতান্ত্ৰিক কাঠামোতো ধ্বংস কৰি পেলাবলৈ তেওঁলোকে এতিয়া আপ্ৰাণ চেষ্টা চলাইছে।

ক্ষমতা আহৰণৰ বাবে যিকোনো স্তৰলৈ নামিবলৈও তেওঁলোকে  কুণ্ঠাবোধ কৰা নাই। এয়া গণতন্ত্ৰৰ প্ৰতি ভয়ংকৰ ভাবুকি।

প্ৰচলিত আইন আৰু বিধি-ব্যৱস্থা মতে এটা বাৰ্ড সমষ্টি কেৱল পাঁচ বছৰৰ বাবেহে ‘ৰিজাৰ্ভড’ হ’ব পাৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ এইখন চৰকাৰে এই সকলো নীতি, পৰম্পৰা ভৰিৰে মোহাৰি ৱাৰ্ড ভিত্তিত ৰিজাৰ্ভেচনৰ ব্যৱস্থা ১০ বছৰলৈ বঢ়াই আইন প্ৰণয়ন কৰিছে।

এয়া কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে। আমি, কংগ্ৰেছ দলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ৷ আৰু এই সীমা পূৰ্বৰ নীতি মতেই, অৰ্থাৎ এটা ৱাৰ্ড সমষ্টি সৰ্বোচ্চ পাঁচ বছৰৰ বাবে ‘ৰিজাৰ্ভড’ হোৱাৰ ব্যবস্থা বাহাল থাকিব লাগে।

আমি জানো যে ৰাজহুৱা জাননী বিজ্ঞাপনযোগে প্রচাৰ কৰি ৰাজ্যিক নিৰ্বাচন আয়োগে যোৱা নবেম্বৰ মাহৰ ১ তাৰিখে জাৰি কৰা অনুসৰি গুৱাহাটীৰ ৩১ টা ৱাৰ্ড সমষ্টিত ভোটাৰ তালিকা সংশোধনী আৰু প্ৰস্তুতিৰ বাবে ৩১ গৰাকী চৰকাৰী বিষয়াৰ নাম সন্নিবিষ্ট কৰি মহানগৰীৰ ৰাইজক অৱগত কৰিছিল।

তাৰ পিছত ৰাজ্যিক নিৰ্বাচন আয়োগক সম্পূৰ্ণ অন্ধকাৰত ৰাখি বি জে পিৰ চৰকাৰে এতিয়া নিজৰ খেয়াল-খুচি মতে নিৰ্বাচনী কাম-কাজত মূৰ সুমুৱাবলৈ আৰম্ভ কৰি দিছে।

আচলতে অসমত এতিয়া কি চলি আছে সেয়া বুজিবলৈ টান হৈ পৰিছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ সেই ৰাজহুৱা জাননীখনৰ কাৰ্যকাৰিতা এতিয়াও আছে নে নাই সেই সম্পৰ্কত ৰাজ্য চৰকাৰ, ৰাজ্যিক নিৰ্বাচন আয়োগ সকলো নিমাত, নিস্তব্ধ।

ইয়াৰ পৰাই বুজা যায় যে এক চৰম অব্যৱস্থা আৰু সমন্বয়হীনতাৰ মাজেৰে চলিছে হিমন্ত বিশ্ব শৰ্মাৰ বি জে পি চৰকাৰ।

আমি, কংগ্ৰেছে এই সকলো বিষয় স্পষ্ট কৰিবলৈ আৰু অতি শীঘ্ৰে এখন সৰ্বদলীয় সভা আহ্বান কৰি পৌৰ নিগমৰ নিৰ্বাচন সম্পৰ্কে এখন স্পষ্ট ছবি দাঙি ধৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক দাবী জনায় প্ৰাক্তন সাংসদ শৰ্মাই।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd