আকৌ বাতৰিৰ শিৰোনাম দখল কৰিছে প্ৰেমিক, প্ৰেমিকা আৰু ফ্ৰীজৰ যুটিয়ে।
যোৱা জুন মাহৰ পৰা নিৰুদ্দেশ হৈ আছিল এগৰাকী আমেৰিকান মহিলা। ৩৫ বছৰীয়া মহিলাগৰাকীৰ নাম হিথাৰ শ্বৱাব।
নিৰুদ্দেশ হোৱাৰ সময়ত হিথাৰৰ মাতৃয়ে সন্দেহ প্ৰকাশ কৰি অভিযোগ কৰিছিল যে হিথাৰক হত্যা কৰা হৈছে। মাতৃয়ে আশংকা কৰা মতে হিথাৰৰ প্ৰেমিক চাড ষ্টিভেনে হিথাৰক হত্যা কৰিছে। অৱশেষত সঁচা বুলি প্ৰমাণিত হ’ল এই অভিযোগ।
মাতৃৰ অভিযোগৰ ভিত্তিত যোৱা ৬ নৱেম্বৰত হিথাৰক বিচাৰি টেক্সাছৰ মানিনিত থকা ষ্টিভেনৰ ঘৰত গৈ উপস্থিত হৈছিল আৰক্ষী। ষ্টিভেনৰ বাসগৃহত তালাচী চলাইছিল আৰক্ষীয়ে। তাতেই উদ্ধাৰ কৰা হয় হিথাৰৰ মৃতদেহ।
ষ্টিভেনৰ ঘৰৰ ফ্ৰীজত এটা পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল হিথাৰৰ মৃতদেহ।
অৱশ্যে হিদাৰৰ মৃত্যু কেনেকৈ হ’ল সেই বিষয়ে একো জানিব পৰা হোৱা নাই। কিন্তু আৰক্ষীৰ জেৰাত ষ্টিভেনে কয় যে জুলাই মাহত হিথাৰৰ মৃত্যু হৈছিল। তেতিয়া তেওঁ একো উপাই বিচাৰি নাপাই মৃতদেহটো প্লাষ্টিকেৰে মেৰিয়াই ফ্ৰীজত ৰাখিলে।
অৱশ্যে তেওঁৰ প্ৰেমিক ষ্টিভেনে হিথাৰৰ মৃত্যুৰ বিষয়ে কেইবাটাও কাহিনী ৰচনা কৰিছে। জুন মাহত তেওঁ আৰক্ষীক জনাইছিল যে হিথাৰে তেওঁক এৰি থৈ গৈছে। হিথাৰ ক’ত আছে সি নাজানে।
শেহতীয়াকৈ ষ্টিভেনে আৰক্ষীক জনাইছিল যে বাথৰুমত পৰি হিথাৰে মূৰত আঘাত পাইছিল। তাৰ বাবেই তেওঁৰ মৃত্যু হ’ল।
ইয়াৰ উপৰিও ষ্টিভেনে ওচৰ-চুবুৰীয়াক কৈছিল যে হিথাৰৰ মৃত্যু হৈছে কেন্সাৰত। ইতিমধ্যে ষ্টিভেনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। লগতে তেওঁৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰা হৈছে কয়।