• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ফ্লেছবেকত আজমেৰ ১৯৯২: পিতৃহন্তাৰ হত্যাৰে ১৯৯২ ৰ আজমেৰ কাণ্ডক পুনৰ তুলি আনিলে মদন সিঙৰ পুত্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2023 9:50 pm
Madan Singh Murder
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চন ১৯৯২। স্থান ৰাজস্থানৰ এখন সৰু চহৰ আজমেৰ। হিন্দু আৰু মুছলমানৰ সমন্বয়ৰ ডোলেৰে বান্ধ খাই থকা পবিত্ৰ স্থান আজমেৰ। এই আজমেৰকে ১২ ছেপ্টেম্বৰত জোকাৰি যায় এক চাঞ্চল্যকৰ হত্যাকাণ্ডই, তোলপাৰ লাগে সমগ্ৰ দেশত। হত্যা কৰা হৈছিল মদন সিং নামৰ এগৰাকী সাংবাদিকক। স্থানীয় দৈনিক পত্ৰ ‘লেহৰৌ কি বৰখা’ৰ মুখ্য সম্পাদক মদন সিং। স্থানীয় চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে গুলীয়াই হত্যা কৰা হয় মদন সিঙক। ৪ ছেপ্টেম্বৰৰ নিশাৰ পৰাই অৱশ্যে আৰম্ভ হৈছিল এই প্ৰচেষ্টা।

৪ ছেপ্টেম্বৰত পথৰ মাজতে নিজ বাহনত আহি থকা অৱস্থাত বাহন আগচি আন এখন বাহনৰ পৰা মদন সিঙলৈ দুই আততায়ীয়ে কৰে গুলীবৰ্ষণ। গুলীয়ে হানি যোৱা মদনে আত্মৰক্ষাৰ বাবে জাঁপ দিয়ে পথৰ কাষৰ এটা নলাত। মদন সিঙক তাতে এৰি উধাও হয় আক্ৰমণকাৰী। পিছত চিকিৎসালয়ত থকা মদন সিঙে কংগ্ৰেছ(আই)ৰ প্ৰাক্তন বিধায়ক ডাঃ ৰাজকুমাৰ জয়পাল আৰু তেওঁৰ বন্ধু স্থানীয় মাফিয়া কিংপিন ছাৱাই সিংক এই আক্ৰমণৰ বাবে দায়ী বুলি ঘোষণা কৰে। কিন্তু তেওঁৰ বক্তব্যক আওকাণ কৰিলে আৰক্ষীয়ে।

Apply Now

তাৰ পিছতে ১২ ছেপ্টেম্বৰত শ্বটগান আৰু দুটা পিষ্টল লৈ পাঁচজন লোকে তেওঁৰ চিকিৎসালয়ৰ কোঠাত প্ৰৱেশ কৰি গুলীচালনা কৰে। এই ভয়াৱহ আক্ৰমণৰ দুদিন পিছত মৃত্যুবৰণ কৰে মদন সিঙে। মৃত্যুৰ পূৰ্বে মদনে জয়পাল, ছাৱাই সিং আৰু নৰেন্দ্ৰ সিঙক নিজৰ আক্ৰমণকাৰী হিচাপে নাম উল্লেখ কৰে।

পিছে কি আছিল এই হত্যাকাণ্ডৰ আঁৰত! কিয় আৰক্ষীয়ে আওকাণ কৰিছিল মৃত্যুশয্যাত থকা মদন সিঙৰ ভাষ্যক! মদন সিঙেই বা কিয় নাম লৈছিল এই নিৰ্দিষ্ট লোককেইগৰাকীৰ! ইয়াৰ আঁৰত আছিল এই ঘটনাৰ পূৰ্বে আজমেৰক অশান্ত কৰি থকা এক বিশেষ কাণ্ড। ঘটনাৰ কিছুদিন পূৰ্বৰে পৰা আজমেৰক অস্থিৰ কৰি ৰাখিছিল এক যৌন কেলেংকাৰী তথা ব্লেকমেইলিং কাণ্ডই।

মদনৰ হত্যাকাণ্ডৰ এই ৰহস্যধৰ্মী অৱহাৱাৰ আৰম্ভণি হৈছিল তিনি বছৰ পূৰ্বে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰী আৰু স্থানীয় ধনৱন্ত পৰিয়ালৰ এগৰাকী যুৱকৰ মাজত হোৱা প্ৰেমৰ সম্পৰ্কৰ পৰা। যুৱকগৰাকীৰ বন্ধুবৰ্গই দুয়োৰে অশ্লীল ফটো তুলি লৈ কিশোৰীগৰাকীক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে। তেতিয়াৰ পৰাই এই গেংটোৱে এই যৌন কেলেংকাৰীৰ জালখন ধীৰে ধীৰে সম্প্ৰসাৰণ কৰে আৰু প্ৰায় ২০০ গৰাকী স্কুল আৰু কলেজীয়া ছাত্ৰীক এই জালত পেলায়।

মদন হত্যাকাণ্ডৰ এবছৰ পূৰ্বেই এই কৰ্মকাণ্ড দৃষ্টিগোচৰ হৈছিল আৰক্ষীৰ। কিন্তু স্থানীয় ৰাজনীতিৰ হেঁচাত আগবঢ়াবলৈ সক্ষম নহ’ল আইনী ব্যৱস্থা। তদন্তত ফাদিল হৈছিল ব্লেকমেইলিং ৰেকেটৰ আঁৰত থকা অপৰাধী-ৰাজনীতিবিদৰ মিতিৰালি। কিন্তু ৰাজনৈতিক হেঁচাত সিমানতে গেঁঠেলা মাৰে তদন্ত। কিন্তু যেতিয়া স্থানীয় হিন্দী দৈনিক পত্ৰ ‘নৱজ্যোতি’য়ে এই ব্লেকমেইল ৰেকেটৰ সবিশেষ কিছুমান কিশোৰী-যুৱতীৰ নগ্ন ফটোসহ প্ৰকাশ কৰে, তেতিয়াই পোহৰলৈ আহে সমগ্ৰ কাণ্ড।

“অৱশেষত আমি আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছিলো, কাৰণ প্ৰশাসন আৰু আৰক্ষীক টোপনিৰ পৰা জোকাৰি যোৱাৰ এয়াই একমাত্ৰ উপায় আছিল।”- এই মন্তব্য কৰিছিল নৱজ্যোতিৰ সম্পাদক দীনবন্ধু চৌধাৰীয়ে। এই চাঞ্চল্যকৰ খবৰে সমগ্ৰ চহৰখনকে হতবাক কৰি তোলে। তিনিদিনীয়া বন্ধ পালন কৰি ক্ষুব্ধ নাগৰিকে আয়োজন কৰে ৰাজহুৱা বিক্ষোভৰ। তাৰ পাছতেই লাহে লাহে পুনৰ মুকলি হয় তদন্ত।

তেনে সময়তে সংঘটিত হয় মদন সিঙৰ হত্যাকাণ্ড। মৃত্যুশয্যাত থকা মদন সিঙৰ ভাষ্যক আৰক্ষীয়ে আওকাণ কৰাৰ আঁৰত আছিল আন এক কাৰণ। আৰক্ষীৰ দৃষ্টিত মদন সিঙৰ হত্যা হৈছিল দুই গেঙৰ মাজত হোৱা বাদানুবাদৰ ফলত। হত্যাৰ বলি হোৱা মদন সিঙে লেহৰৌ কী বৰখাক ব্লেকমেইলিং আৰু বিজ্ঞাপনৰ ৰাজহ সংগ্ৰহৰ যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল বুলি অভিযোগ উঠিছিল। আজমেৰৰ কুখ্যাত ব্লেকমেইলিং গেঙক মদন সিঙে ব্লেকমেইলিং কৰাৰো অভিযোগ উত্থাপন হৈছিল।

আৰক্ষীয়ে সেয়ে মদনৰ ভাষ্যৰ আধাৰত জয়পালক গ্ৰেপ্তাৰ কৰা নাছিল। আৰক্ষীয়ে ধৰি লৈছিল যে মদনে ইচ্ছাকৃতভাৱে প্ৰতিদ্বন্দ্বী গোটৰ জয়পালক জড়িত কৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে পিছত তদন্তৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছিল জয়পালসহ আন অভিযুক্তক। সেই সময়ত মদন সিঙৰ দুই পুত্ৰ- সূৰ্য আৰু ধৰ্মৰ বয়স আছিল প্ৰায় ৮ৰ পৰা ১২ বছৰ।

২০১২ চনত মদন সিং হত্যাকাণ্ডৰ গোচৰত সাৱাই সিং আৰু কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাজকুমাৰ জয়পাল আদিক আদালতে দোষমুক্ত কৰিছিল। তাৰ পাছতেই মদন সিঙৰ দুই পুত্ৰই সূৰ্য আৰু ধৰ্মই পুষ্কৰ পথত অৱস্থিত এখন হোটেলত গুলীচালনা কৰি কাৰামুক্ত হোৱা পিতৃহন্তাক হত্যা কৰি প্ৰতিশোধ লোৱাৰ চেষ্টা কৰে। কিন্তু এই প্ৰচেষ্টাত বিফল হয় দুয়ো ভাতৃ। অৱশেষত প্ৰতিশোধৰ এই প্ৰথম প্ৰচেষ্টাৰ দহ বছৰ পিছত পৰিকল্পিতভাৱে শনিবাৰে পিতৃহত্যাৰ প্ৰতিশোধ পূৰণ কৰিলে মদন সিঙৰ দুই পুত্ৰই।

শনিবাৰে পুষ্কৰৰ এখন ৰিজ’ৰ্টত পৰিকল্পনা ৰূপায়িত কৰি দুই ভাতৃয়ে। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে সূৰ্য আৰু ধৰ্মই আন এগৰাকী ব্যক্তিৰ সৈতে শনিবাৰে বিয়লি ৰিজ’ৰ্টত প্ৰৱেশ কৰি এটা কোঠা ঠিক কৰে। তাৰপাছতে তেওঁলোকে ৰিজ’ৰ্টখন পৰিদৰ্শন কৰিবলৈ আৰম্ভ কৰে আৰু ৰিজ’ৰ্টখনৰ পিছফালে যায়। তাতে চুইমিং পুলৰ ওচৰত বহি বন্ধুবৰ্গৰ সৈতে চাহৰ জুতি লৈ আছিল মদন সিং হত্যাৰ অন্যতম প্ৰধান দোষী ছাৱাই সিঙে। আৰু তৎমুহূৰ্ততে সূৰ্য, ধৰ্ম আৰু আনগৰাকী ব্যক্তিয়ে চাহমেলত থকা ছাৱাই সিঙক লক্ষ্য কৰি গুলীচালনা কৰে।

এই নিৰ্বিচাৰ গুলীচালনাত ছাৱাই সিঙৰ মূৰ আৰু পেটত গুলী লাগে আৰু গুলীৰ আঘাতৰ ফলত মৃত্যু হয় সিঙৰ। আহত হয় দীনেশ তিৱাৰী নামৰ আন এগৰাকী ব্যক্তিৰ। ইফালে ৰিজৰ্টৰ এগৰাকী কৰ্মচাৰীয়ে বৰ্ণনা কৰিছে ঘটনাৰ আন এক দৃশ্য। কৰ্মচাৰীগৰাকীয়ে কয়, “মই গুলীৰ শব্দ শুনি বাহিৰলৈ ওলাই আহি দেখিলোঁ যে অভিযুক্তই চিঞৰি চিঞৰি হাঁহিছে আৰু লগতে নিজৰ পিতৃ হত্যাৰ প্ৰতিশোধ ল’লো বুলি সজোৰে চিঞৰিছে।”

এইদৰেই পিতৃহত্যাৰ ৩১ বছৰৰ পিছত হত্যাকাৰীক হত্যাৰে প্ৰতিষোধ পূৰ্ণ কৰে মদন সিঙৰ দুই পুত্ৰই। এই হত্যাকাণ্ডই পুনৰ তুলি আনিছে ১৯৯২ চনৰ আজমেৰ কাণ্ডক। ইফালে, পুষ্কৰৰ উপ-অধীক্ষক ইছলাম খানে জানিবলৈ দিয়া মতে অভিযুক্ত সূৰ্য সিঙক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আৰক্ষীয়ে তেওঁৰ হাতৰ পৰা এটা দেশীয় নিৰ্মিত পিষ্টল আৰু তিনিটা গুলী উদ্ধাৰ কৰিছে। আনহাতে ধৰ্ম সিং আৰু আনগৰাকী ব্যক্তি পলাতক অৱস্থাত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd