• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2026 8:14 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডু এক্সপ্ৰেছত এটা পৰিত্যক্ত ৰঙা ছুটকেছৰ ভিতৰত ৩৮ বছৰীয়া এগৰাকী মহিলাৰ খণ্ড-বিখণ্ড মৃতদেহ উদ্ধাৰৰ ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই ভয়ংকৰ হত্যাকাণ্ডৰ তদন্তত ২৪ দিন ধৰি চলোৱা দেশজোৰা অভিযানৰ অন্তত অৱশেষত দুজন সন্দেহযুক্ত অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা দুজন হৈছে অসমৰ কাছাৰ জিলাৰ ২২ বছৰীয়া মানিক উদ্দিন লস্কৰ আৰু ওড়িশাৰ কেওনঝৰ জিলাৰ ২১ বছৰীয়া তেওঁৰ পত্নী ভাগৱতী মাঝি।

শনিবাৰে মণিপুৰৰ জিৰিবাম জিলাৰ কাছিমপুৰ অঞ্চলত তামিলনাডু আৰক্ষী আৰু মণিপুৰ আৰক্ষীৰ যুটীয়া অভিযানত দুয়োকে আটক কৰা হয়। আৰক্ষীৰ মতে, ধৃত দম্পতীয়ে হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত বিভিন্ন ঠাইত আত্মগোপন কৰি আছিল। অৱশেষত গোপন খবৰৰ ভিত্তিত তেওঁলোকৰ অৱস্থানৰ সন্ধান লাভ কৰাৰ পাছতেই অভিযান চলাই দুয়োকে গ্ৰেপ্তাৰ কৰা হয়।

Apply Now

এই ভয়ংকৰ ঘটনাৰ আৰম্ভণি হয় ৫ আগষ্ট, ২০২৬ত। আগ্ৰা কেণ্ট ষ্টেচনত তামিলনাডু এক্সপ্ৰেছ উপস্থিত হোৱাৰ সময়ত ৰে’লখনৰ অসংৰক্ষিত ডবাত থকা যাত্ৰীসকলে এখন ডাঙৰ, পৰিত্যক্ত ৰঙা ছুটকেছৰ পৰা তীব্ৰ দুৰ্গন্ধ ওলোৱা বুলি ৰে’ল কৰ্তৃপক্ষক জনায়। খবৰ পাই চৰকাৰী ৰে’ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ছুটকেছটো পৰীক্ষা কৰাত ভিতৰত এগৰাকী মহিলাৰ মূৰবিহীন আৰু খণ্ড-বিখণ্ড মৃতদেহ উদ্ধাৰ কৰে।

পাছত ফৰেনছিক পৰীক্ষাৰ জৰিয়তে মৃত মহিলাগৰাকীৰ পৰিচয় হায়াথুন নিশা বুলি নিশ্চিত কৰা হয়। ৩৮ বছৰীয়া নিশা মূলতঃ ওড়িশাৰ বাসিন্দা আছিল যদিও চেন্নাইৰ ওচৰৰ গুডুভাঞ্চেৰীত বাস কৰিছিল আৰু এটা বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত আছিল। তেওঁৰ পৰিচয় নিশ্চিত হোৱাৰ পাছতেই তদন্তকাৰী দলে হত্যাকাণ্ডৰ আঁত বিচাৰি চেন্নাইত তদন্ত আগবঢ়ায়।

আৰক্ষীয়ে চেন্নাই চেণ্ট্ৰেল ষ্টেচনৰ বিস্তৃত চিচিটিভি ফুটেজ পৰীক্ষা কৰি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰে। ফুটেজত মানিক উদ্দিন লস্কৰক এখন গধুৰ ৰঙা ছুটকেছ লৈ ষ্টেচনৰ ভিতৰেৰে যোৱা দেখা যায়। তেওঁৰ সৈতে ভাগৱতী মাঝিও আছিল। এই দৃশ্যৰ সূত্ৰ ধৰি আৰক্ষীয়ে তেওঁলোকৰ অৱস্থান বিচাৰি গুডুভাঞ্চেৰীৰ ভাড়াঘৰলৈ উপস্থিত হয়।

ভাড়াঘৰত তালাচী চলাওঁতে তদন্তকাৰীসকলে আন এক ভয়ংকৰ তথ্য লাভ কৰে। এটা ডাঙৰ ৰন্ধনপাত্ৰৰ ভিতৰত মৃতদেহৰ আন কিছুমান খণ্ড উদ্ধাৰ কৰা হয়। ইয়াৰ পাছতে ঘটনাটো হত্যাকাণ্ডৰ গোচৰ হিচাপে অধিক গুৰুত্বসহকাৰে তদন্ত আৰম্ভ কৰা হয়। প্ৰথমে গুডুভাঞ্চেৰী আৰক্ষী থানাত নিৰুদ্দেশৰ অভিযোগ পঞ্জীয়ন কৰা হৈছিল।

ঘটনাৰ পাছত আৰক্ষীয়ে দেশৰ বিভিন্ন ৰাজ্যত অনুসন্ধান আৰম্ভ কৰে। কিন্তু লস্কৰ আৰু মাঝিয়ে তিনিসপ্তাহৰো অধিক সময় ধৰি আৰক্ষীৰ চকুত ধূলি দি পলাই থাকিবলৈ সক্ষম হয়। অৱশেষত চোৰাংচোৱা তথ্যৰ জৰিয়তে তেওঁলোক মণিপুৰৰ সীমান্তৱৰ্তী জিৰিবাম জিলাত থকাৰ খবৰ লাভ কৰে আৰক্ষীয়ে। তাৰ পাছতে তামিলনাডু আৰু মণিপুৰ আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই কাছিমপুৰৰ পৰা দুয়োকে গ্ৰেপ্তাৰ কৰে।

মণিপুৰ আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, গ্ৰেপ্তাৰ হোৱা দুয়োজনকে বৰ্তমান গুডুভাঞ্চেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত গতাই দিয়াৰ প্ৰক্ৰিয়া চলি আছে। স্থানীয় আদালতত তেওঁলোকক হাজিৰ কৰাই ট্ৰেনজিট ৱাৰেণ্ট সংগ্ৰহ কৰাৰ পাছত দুয়োকে তামিলনাডুলৈ লৈ যোৱা হ’ব।

চেন্নাইত আৰক্ষীয়ে অভিযুক্ত দুয়োজনক জেৰা কৰাৰ পাছত এই নৃশংস হত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত কাৰণ, হত্যাৰ উদ্দেশ্য আৰু ঘটনাৰ সম্পূৰ্ণ ক্ৰম পোহৰলৈ অহাৰ সম্ভাৱনা আছে। ইফালে এগৰাকী মহিলাৰ মৃতদেহ খণ্ড-বিখণ্ড কৰি ৰে’লযোগে আঁতৰাই নিয়াৰ এই নৃশংস ঘটনাই পুনৰ দেশজুৰি নিৰাপত্তা আৰু অপৰাধ নিয়ন্ত্ৰণক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

August 31, 2026 8:27 am
পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

August 31, 2026 8:14 am
গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

August 31, 2026 8:27 am
পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

August 31, 2026 8:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd