NORTHEAST NOW (Assamese)

হত্যাকাৰীক গ্ৰেপ্তাৰ : কিয় হত্যা কৰিলে যোৰহাটৰ কনিষ্ঠ চিকিৎসক ৰাহুল বসুমতাৰীক?

September 6, 2020 2:54 pm · কল্পজ্যোতি শইকীয়া
Updated: September 6, 2020 4:59 pm

যোৰহাটৰ কনিষ্ঠ হোমিওপেথিক চিকিৎসক ডাঃ ৰাহুল বসুমতাৰীৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত দিগন্ত তাঁতী নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে।

২৪ ঘণ্টা নহওঁতেই কালি নিশা হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যোৰহাট আৰক্ষী।

হত্যাকাৰী দিগন্ত তাঁতীয়ে নিজ মুখে স্বীকাৰ কৰিছে চিকিৎসক ৰাহুল বসুমতাৰীক হত্যাৰ কৰা কথা।

অৱশ্যে বৰ্তমানো হত্যাৰ কাৰণ জানিব পৰা নাই যদিও হত্যাকাৰীৰ দিগন্ত তাঁতীয়ে মন্তব্য কৰে যে চিকিৎসকগৰাকীয়ে তেওঁৰ লগত ‘বেয়া কৰাৰ বাবে’ হত্যাকাণ্ডটো সংঘটিত বুলি কৰা স্বীকাৰ কৰিছে।

‘সি মোৰ লগত বেয়া কৰিলে, সেইকাৰণে মাৰি পেলালো।‘ হত্যাকাৰীয়ে অকপট স্বীকাৰোক্তি দি সংবাদ মাধ্যমৰ আগত কয়।

উল্লেখ্য যে, শনিবাৰৰ নিশা যোৰহাটৰ চিনামৰা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে হত্যাকাৰী দিগন্ত তাঁতীক।

দিগন্ত তাঁতীক গ্ৰেপ্তাৰৰ পাছতেই উদ্ধাৰ হৈছে মৃত ৰাহুল বসুমতাৰীৰ এ এছ ০৩ ৱাই ৮২৮১ নম্বৰৰ থান্ডাৰ্বাড বাইক আৰু ম’বাইল ।

টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ সমীপৰ মানুহ এঘৰত কালি পুৱা প্ৰায় ৬:৩০ বজাত বাইকখন ৰাখিছিল হত্যাকাৰী দিগন্তই।

হত্যাকাৰী দিগন্ত তাঁতী পেচাত এজন ৰং মিস্ত্ৰী বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে যোৰহাটৰ চন্দন নগৰৰ ভাড়াঘৰত অতি নৃশংসভাৱে হত্যা কৰা হৈছিল ডাঃ ৰাহুল বসুমতাৰী নামৰ কনিষ্ঠ চিকিৎসকজনক।

নিজৰ শোৱা কোঠাতে পাচলি কটা কটাৰীৰে ডিঙি ৰেপি হত্যা কৰা হৈছিল চিকিৎসকজনক।

আৰক্ষীয়ে অতি তৎপৰতাৰে অভিযান চলাই গ্ৰেপ্তাৰ কৰে অভিযুক্ত দিগন্ত তাঁতীক। যোৰহাট আৰক্ষীৰ এয়া যেন এক বৃহৎ সাফলতা।

Related News