NORTHEAST NOW (Assamese)

সমকামিতাই কাল হ’ল নেকি কনিষ্ঠ চিকিৎসক ডাঃ ৰাহুল বসুমতাৰীৰ!

September 6, 2020 7:27 pm · স্মিতা ভট্টাচাৰ্য
Updated: September 6, 2020 7:33 pm

মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে যোৰহাটৰ কনিষ্ঠ হোমিওপেথিক চিকিৎসক ডাঃ ৰাহুল বসুমতাৰীৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দিগন্ত তাঁতী নামৰ এজন যুৱকক।

তদন্তকাৰী আৰক্ষীৰ মতে পেচাত ৰং মিস্ত্ৰী দিগন্ত তাঁতীয়ে যোৱা নিশা ডাঃ ৰাহুল বসুমতাৰীক হত্যা কৰি তেওঁৰ থাণ্ডাৰবাৰ্ড বুলেট, ডিএছএলআৰ কেমেৰা আৰু মোবাইল ফোনটো লৈ উধাও হৈছিল।

অভিযুক্ত দিগন্ত তাঁতীক জেৰা কৰাৰ পিছতে এই হত্যাকাণ্ডৰ বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।

আৰক্ষীৰ প্ৰাথমিক তদন্তৰ তথ্যৰ মতে মৃত ডাঃ ৰাহুল বসুমতাৰীৰে সৈতে হত্যাকাৰী দিগন্ত তাঁতীৰ সমকামিতাৰ সম্পৰ্ক আছিল।

লিচুবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিদ্যুৎ দত্তই কয় যে দিগন্ত তাঁতীৰ সৈতে ডাঃ ৰাহুল বসুমতাৰীৰ সমকামিতাৰ সম্পৰ্ক আছিল আৰু উক্ত দিনা দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হোৱাত দিগন্তই ৰাহুলক হত্যা কৰে।

ইফালে আন এক আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ডাঃ ৰাহুল বসুমতাৰীয়ে দিগন্ত তাঁতীৰ ওপৰত আক্ৰমণৰ চেষ্টা কৰিছিল আৰু নিজৰ প্ৰতিৰক্ষাৰ বাবে ডাঃ ৰাহুলক হত্যা কৰিছিল তাঁতীয়ে।

“তাঁতীয়ে চুৰি কৰা বুলেটখন উদ্ধাৰ কৰা হৈছে আৰু ৰাহুলৰ স্মাৰ্ট ফোন আৰু ডিএছএলআৰ কেমেৰাটো লুকুৱলাই থোৱা ঠাইখন দেখুৱাই দিছে।” সংবাদ মাধ্যমৰ আগত এইদৰে কয় আৰক্ষীয়ে।

লিচুবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দত্তই কয় যে ডাঃ ৰাহুল বসুমতাৰীৰ স্মাৰ্টফোনৰ ফোনকলসমূহ ট্ৰেচ কৰি হত্যাকাৰী তাঁতীৰ সন্ধান লাভ কৰিছিল আৰক্ষীয়ে।

স্মৰ্তব্য যে বিটিচিৰ ওডালগুৰি জিলাৰ কনিষ্ঠ হোমিওপেথিক চিকিৎসক ডাঃ ৰাহুল বসুমতাৰীক যোৱা নিশা যোৰহাটৰ চন্দন নগৰৰ ৪ নং বাইলেনৰ তেওঁৰ ভাড়াঘৰত ডিঙিত চোকা অস্ত্ৰেৰে ৰেপি হত্যা কৰা হৈছিল।

Related News