ধৰ্মীয় সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন আগ বঢ়াই আজি উত্তৰ লখিমপুৰৰ আশ্ৰয় মহিলা সমাজ নামৰ এটি মুছলমান মহিলাৰ স্বেচ্ছাসেৱী সংগঠনে জিলাখনৰ বড়ীমূৰিস্থিত বড়ীমূৰি নামঘৰক আৰ্থিক বৰঙনি প্ৰদান কৰে।
১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা নামঘৰটোৰ পৰিচালনা সমিতিৰ সভাপতি গুণিন দত্তৰ হাতত আশ্ৰয় মহিলা সমাজৰ সভানেত্ৰী আস্ফিয়া হুছেইন আৰু সম্পাদিকা টাজৱাৰ চুলতানা তালুকদাৰে উক্ত বৰঙনি অৰ্পন কৰে।
এই উপলক্ষে বড়ীমূৰি নামঘৰত এক অনুষ্ঠান অনুষ্ঠিত হয়। ভাগৱত সমাজৰ দ্বাৰা নাম-কীৰ্তনেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰি সংগঠনটোৰ প্ৰচাৰ উপদেষ্টা ফাৰহানা আহমেদে কয় যে অসমৰ হিন্দু আৰু মুছলমানৰ মাজত থকা সাতামপুৰুষিয়া বান্ধোনক দীৰ্ঘ কৰাৰ উদ্দেশ্যৰে এইয়া তেওঁলোকৰ এক ক্ষুদ্ৰ প্ৰয়াস।
উল্লেখযোগ্য যে ৭ হাজাৰ টকাৰ উক্ত আৰ্থিক বৰঙনি নামঘৰটোৰ কিছু নিৰ্মাণ কাৰ্যৰ বাবে আগবঢ়োৱা হৈছে।
বড়ীমূৰি নামঘৰ পৰিচালনা সমাজৰ সম্পাদক নিতুল শৰ্মাই এই বৰঙনিৰ বাবে আশ্ৰয় মহিলা সমাজক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে এনে পদক্ষেপে সমাজলৈ শুভ বাৰ্তা প্ৰেৰণ কৰিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানটোত আশ্ৰয় মহিলা সমাজৰ সম্পাদিকা টাজৱাৰ চুলতানা তালুকদাৰ আৰু কোষাধাক্ষা আনোৱাৰা বেগমেও ভাষণ প্ৰদান কৰে।
নামঘৰ পৰিচালনা সমিতিৰ উপ সভাপতি ব্ৰজেন বৰা আৰু ভকতনীসকল উপস্থিত থকা অনুষ্ঠানটোৰ শেষত নামঘৰ ভাগৱত সমাজে আশ্ৰয় মহিলা সমাজৰ সদস্যাসকলক আশীৰ্বাদ দিয়ে।