• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন : হিন্দু লোকৰ নশ্বৰ দেহ শ্মশানলৈ কান্ধত কঢ়িয়াই নিলে মুছলমান লোকে

NE NOW NEWS পার্শ্বজোতি গগৈ
শিবসাগৰ , January 20, 2019 6:47 am

2 min read

IMG-20190119-WA0021

সম্প্ৰীতিৰ নিৰ্দশন দাঙি ধৰি শিৱসাগৰত মুছলমান লোকে হিন্দু লোকৰ মৃতদেহ কঢ়িয়াবলৈ সাজিছে চাঙী। ফটো : নৰ্থইষ্ট নাও

453
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ চহৰৰ ঐতিহাসিক দৰবাৰ ৰোডৰ ইছলাম ধৰ্মাৱলম্বী লোকে শনিবাৰে এগৰাকী হিন্দু ধৰ্মাৱলম্বী লোকৰ মৃতদেহ সৎকাৰ কৰি সম্প্ৰীতিৰ এক নিৰ্দশন দাঙি ধৰে।

শনিবাৰে আবেলি প্ৰায় ৪ বজাত নিজৰ জী-জোঁৱাইৰ ঘৰৰ সমীপত বাস কৰা নবীন চন্দ্ৰ ভট্টাচাৰ্য নামৰ লোকজনৰ মৃত্য হৈছিল এটা আৱাস গৃহত। তেখেতৰ প্ৰকৃত ঘৰ আছিল নামতি ৰে’ল ষ্টেচনৰ সমীপত।নবীন চন্দ্ৰ ভট্টাচাৰ্যই ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ কাৰ্যালয়ৰ কৰ্মচাৰী আছিল আৰু তেওঁৰ পত্নী নাগালেণ্ডৰ সমবায় বিভাগৰ অৱসৰ প্ৰাপ্ত বিষয়া আছিল।

ভট্টাচাৰ্য দম্পতিৰ দুই পুত্ৰ কৰ্মসুত্ৰে  বাহিৰত অছিল  আৰু তেওঁলোকৰ একমাত্ৰ কন্যা স্বপ্নালী ভট্টাচাৰ্য যোৱা ডেৰ দশকৰ পূৰ্বে দৰবাৰ ৰোডৰ এটা ইছলাম ধৰ্মাৱলম্বী পৰিয়ালৰ সন্তান ইকবাল জাহিৰ উৰফে ইকুৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল।

জানিব পৰা মতে, বিবাহৰ সময়ৰ পৰা আজিলৈকে দুয়োটা পৰিয়ালৰ মাজত কোনো বিভেদ নাছিল। পুত্ৰ কৰ্মসুত্ৰে দূৰত থকাৰ বাবে নবীন চন্দ্ৰ ভট্টাচাৰ্য আৰু তেওঁৰ পত্নীক জোৱায়েক ইকবালে নিজৰ ঘৰলৈ লৈ আহে আৰু দুয়োকে নিজৰ ঘৰৰ পিছফালে আন এটা সুকীয়া ঘৰত থাকিবলৈ সুবিধা কৰি দিয়ে যদিও কন্যা স্বপ্নালী আৰু জোঁৱায়েক ইকবালে শহুৰ শাহুৰ খোৱা বোৱাৰ পৰা ধৰি সকলো কামৰ পৰিচাৰ্য কৰে।

ইয়াৰ মাজতে শনিবাৰে পুৱতি নিশা নবীন চন্দ্ৰ ভট্টাচাৰ্যই শেষ নিশ্বাস ত্যাগ কৰে। নবীন চন্দ্ৰ ভট্টাচাৰ্যৰ মৃত্যুৰ খবৰ পাই দৰবাৰ ৰোডৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকে মছজিদৰ পৰা ফজৰৰ নামাজ পঢ়ি হাতে হাতে দা কটাৰী লৈ চাঙী নিৰ্মাণ কৰি মৃত নবীন চন্দ্ৰ ভট্টাচাৰ্যৰ শেষকৃত সম্পন্ন কৰিবলৈ ওলাই আহে।

ইপিনে, তেওঁলোকে ভট্টাচাৰ্যৰ পুত্ৰৰ লগতে পৰিয়ালৰ সকলোকে খবৰ দিয়ে। গুৱাহাটীত থকা পুত্ৰ আহি পোৱাৰ পূৰ্বেই ইছলাম ধৰ্মাৱলম্বী লোকসকলে শেষকৃত্যৰ বাবে প্ৰয়োজনীয় সকলো কামকাজ সম্পন্ন কৰে। বিয়লি পুত্ৰ আহি পোৱাত সকলো লোকে নবীন চন্দ্ৰ ভট্টাচাৰ্যৰ নশ্বৰ দেহ চাঙীত তুলি থানামুখৰ শান্তিবন  শ্মশানলৈ লৈ যায় আৰু শেষকৃত্য সম্পূৰ্ণ হোৱালৈকে উপস্থিত থাকে।

সম্প্ৰীতিৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি শিৱসাগৰত ইছলাম ধৰ্মাৱলম্বী লোকে হিন্দু ধৰ্মাৱলম্বী লোকৰ নশ্বৰ দেহ অতি আন্তৰিকতাৰে কান্ধত কঢ়িয়াই নি শেষকৃত্য সম্পন্ন কৰা কাৰ্য নি:সন্দেহে ইতিবাচক আৰু প্ৰশংসনীয় হিচাপে চৰ্চিত হৈছে।

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd