• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ গ্ৰীষ্মকালীন বিশেষ ৰে’লসেৱা; কেইখনমান ৰে’লৰ বাবে অতিৰিক্ত ষ্টপেজ প্ৰদান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 18, 2024 11:47 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰীষ্মকালীন ভিৰৰ সময়ত যাত্ৰীসকলৰ সুবিধাৰ্থে, দুযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰে এখন ৰে’ল গুৱাহাটী আৰু এছএমভিটি বেংগালুৰুৰ মাজত আৰু আনখন ত্ৰিপুৰাৰ আগৰতলাৰ পৰা মহাৰাষ্ট্ৰৰ মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাচলৈ চলাচল কৰিব। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এক বিজ্ঞপ্তিত এই কথা সদৰী কৰা হৈছে।

দুয়োখন বিশেষ ৰে’ল উভয় দিশত এঘাৰটাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব। এই পথসমূহত ভ্ৰমণ কৰা অন্যান্য ৰে’লৰ প্ৰতীক্ষাসূচীত থকা যাত্ৰীসকলে এই গ্ৰীষ্মকালীন বিশেষ ৰে’লসমূহত আৰামেৰে ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব পাৰিব।

সেই অনুসৰি, বিশেষ ৰে’ল নং ০৬৫২১ (এছএমভিটি বেংগালুৰু- গুৱাহাটী) ১৬ এপ্ৰিলৰ পৰা ২৫ জুন, ২০২৪ লৈ প্ৰতি মঙলবাৰে এছএমভিটি বেংগালুৰুৰ পৰা নিশা ১১:৪০ বজাত প্ৰস্থান কৰি শুক্ৰবাৰে পুৱা ০৪:৫০ বজাত গুৱাহাটীত আহি উপস্থিত হব। ইয়াৰ উভতনি যাত্ৰাৰ দিশত, বিশেষ ৰে’ল নং ০৬৫২২ (গুৱাহাটী – এছএমভিটি বেংগালুৰু) ২০ এপ্ৰিল তাৰিখৰ পৰা ২৯জুন, ২০২৪ লৈ প্ৰতি শনিবাৰে পুৱা ০৬:১৫ বজাত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি সোমবাৰে পুৱা ১০:৫৫ বজাত এছএমভিটি বেংগালুৰুত গৈ উপস্থিত হ’ব।

Apply Now

এই বিশেষ ৰে’লখনত কেৱল অসংৰক্ষিত সাধাৰণ আৰু চেয়াৰ কাৰ ডবা থাকিব। উভয় দিশৰ যাত্ৰাৰ সময়ত, এই বিশেষ ৰে’লখন ৰঙিয়া, নিউ জলপাইগুৰী, মালদা টাউন, খড়গপুৰ, ব্ৰহ্মপুৰ, ৰাজামুন্দ্ৰী, কটপডি জংচন আদি হৈ চলাচল কৰিব।

আন এখন বিশেষ ৰে’ল নং ০১০৬৫ (ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাচ – আগৰতলা) ৰে’লখন ১৮ এপ্ৰিল তাৰিখৰ পৰা ২৭ জুন,২০২৪ লৈ প্ৰতি বৃহস্পতিবাৰে পুৱা ১১:০৫ বজাত ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাচৰ পৰা যাত্ৰা আৰম্ভ কৰি দেওবাৰে নিশা ০১:১০ বজাত আগৰতলাত গৈ উপস্থিত হ’ব। ইয়াৰ উভতনি যাত্ৰাৰ দিশত, বিশেষ ৰে’ল নং ০১০৬৬ (আগৰতলা – ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাচ) ৰে’লখন ২১ এপ্ৰিলৰ পৰা ৩০ জুন, ২০২৪ তাৰিখ পৰ্যন্ত প্ৰতি দেওবাৰে আবেলি ০৩:১০ বজাত আগৰতলাৰ পৰা প্ৰস্থান কৰি বুধবাৰে পুৱা ০৩:৫০ বজাত ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাচত গৈ উপস্থিত হ’ব।

এই বিশেষ ৰে’লখনত দুটা এচি ৩-টায়াৰ আৰু ১৮ টা শ্লীপাৰ শ্ৰেণীৰ ডবা থাকিব। ইয়াৰ উভয় দিশৰ যাত্ৰাৰ সময়ত, বিশেষ ৰে’লখন বদৰপুৰ, গুৱাহাটী, ৰঙিয়া, নিউ জলপাইগুৰী,কাটিহাৰ,পাটলিপুত্ৰ, সাতনা, জবলপুৰ, খাণ্ডৱা জংচন, ভুচাৱল জংচন, ইগতপুৰী, কল্যাণ জংচন, দাদৰ আদি হৈ চলাচল কৰিব।

তদুপৰি,ৰে’ল যাত্ৰীসকলক সুবিধা প্ৰদানৰ দিশত এক পদক্ষেপ হিচাপে, ১৭ এপ্ৰিল, ২০২৪ তাৰিখৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১২৪২৩/১২৪২৪ (ডিব্ৰুগড়- নিউ দিল্লী- ডিব্ৰুগড়) ৰাজধানী এক্সপ্ৰেছ ৰঙিয়া ষ্টেচনত আৰু ৰে’ল নং. ১৫৬৬৫/১৫৬৬৬ (গুৱাহাটী– মৰিয়নি জংচন- গুৱাহাটী) বিজি এক্সপ্ৰেছৰ বোকাজান ষ্টেচনত দুই মিনিটৰ অতিৰিক্ত ষ্টপেজ প্ৰদান কৰা হৈছে।

লগতে, ১৮এপ্ৰিল, ২০২৪ তাৰিখৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১৩১৭৩/১৩১৭৪ (শিয়ালদহ- আগৰতলা – শিয়ালদহ) কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেলখনৰ বিহাৰা ষ্টেচনত দুই মিনিটৰ অতিৰিক্ত ষ্টপেজ প্ৰদান কৰা হৈছে।

সেইদৰে, ৰে’ল নং ১২৪২৩ (ডিব্ৰুগড়– নিউ দিল্লী) ৰাজধানী এক্সপ্ৰেছ পুৱা ০৭:৪৫ বজাত ৰঙিয়া ষ্টেচনত উপস্থিত হ’ব আৰু পুৱা ০৭:৪৭ বজাত প্ৰস্থান কৰিব। উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ১২৪২৪ (নিউ দিল্লী- ডিব্ৰুগড়) ৰাজধানী এক্সপ্ৰেছ ৰে’লখন সন্ধিয়া ০৬:০৪ বজাত ৰঙিয়া ষ্টেচনত আহি উপস্থিত হ’ব আৰু সন্ধিয়া ০৬:০৬ বজাত প্ৰস্থান কৰিব। ৰে’ল নং ১৫৬৬৫(গুৱাহাটী – মৰিয়নি জংচন) বিজি এক্সপ্ৰেছ ৰে’লখন নিশা ০৮:০৫বজাত বোকাজান ষ্টেচনত আহি উপস্থিত হ’ব আৰু নিশা ০৮:০৭বজাত প্ৰস্থান কৰিব।

উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ১৫৬৬৬ (মৰিয়নি জংচন – গুৱাহাটী) বিজি এক্সপ্ৰেছ ৰে’লখন পুৱা ০৯:১৯ বজাত বোকাজান ষ্টেচনত আহি উপস্থিত হ’ব আৰু পুৱা ০৯:২১বজাত প্ৰস্থান কৰিব। ৰে’ল নং ১৩১৭৩ (শিয়ালদহ – আগৰতলা) কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লখন দুপৰীয়া ১২:০৩ বজাত বিহাৰা ষ্টেচনত আহি উপস্থিত হ’ব আৰু দুপৰীয়া ১২:০৫ বজাত প্ৰস্থান কৰিব। উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ১৩১৭৪(আগৰতলা – শিয়ালদহ) কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লখন বিহাৰা ষ্টেচনত দুপৰীয়া ০১:২৫বজাত আহি উপস্থিত হব আৰু দুপৰীয়া ০১:২৭বজাত প্ৰস্থান কৰিব।

ৰে’লসমূহৰ নতুন ষ্টপেজসমূহে সংশ্লিষ্ট অঞ্চলসমূহৰ ৰে’ল যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰাৰ বাবে আন এক বিকল্প প্ৰদান কৰিব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইট আৰু এনটিইএছত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য এবাৰ চাই লবলৈ অনুৰোধ জনোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

October 8, 2026 3:28 pm
২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

October 8, 2026 3:14 pm
“জ্ঞানেশ কুমাৰ গাদী এৰক!” বেংগালুৰুত চিজেপিৰ প্ৰতিবাদত ধ্ৰুৱ ৰাঠী আৰু প্ৰকাশ ৰাজ

“জ্ঞানেশ কুমাৰ গাদী এৰক!” বেংগালুৰুত চিজেপিৰ প্ৰতিবাদত ধ্ৰুৱ ৰাঠী আৰু প্ৰকাশ ৰাজ

October 8, 2026 2:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

October 8, 2026 3:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd