• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোটদান অনুষ্ঠিত হোৱাৰ পূৰ্বেই বিটিচিত বিজয়ী ঘোষণা সাংসদ নৱ শৰণীয়াৰ

GSP য়ে চৰকাৰ গঠন কৰি কি কি উন্নয়নমূলক জোৱাৰ আনিব? জনালে শৰণীয়াই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 5, 2020 7:10 pm
Naba Saraniya
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ সৈতে লগ লাগি অসমীয়া ভাষাক চতুৰ্থ স্হানলৈ অবনমিত কৰা কাৰ্যৰ বিৰোধিতাৰেও এই ৰাজহুৱা মুণ্ডন কাৰ্য্যসূচী ৰূপায়ন কৰিছিল সাংসদ নৱ শৰণীয়াই।

কালি নিৰ্বাচনী চমক সৃষ্টি কৰা শৰণীয়াই আজি দাবী কৰি কয় যে বিটিচিত গণ সুৰক্ষা পাৰ্টীৰ সকলো প্ৰাৰ্থী জয়ী হৈ তেওঁলোকে চৰকাৰ গঠন কৰিব।

Apply Now

ইপিনে, উক্ত সংবাদমেলতে কালি মূৰৰ চুলি খুৰাই প্ৰতিবাদ কৰাৰ প্ৰসংগ উত্থাপন কৰি তেওঁৰ লগতে মহিলাসকলে মূৰৰ চুলি খুৰাই প্ৰতিবাদ কৰিবলৈ বিচাৰিছিল বুলি উল্লেখ কৰে।

‘কালি মই অসমীয়া ভাষা বিটিচিত লুপ্ত হোৱাৰ আশংকাত ৰাজহুৱা মুণ্ডন কৰিছিলো। কালি হাজাৰ হাজাৰ যুৱকে কৈছিল যে তেওঁলোকেও পৰ্য্যায়ক্ৰমে মুণ্ডন কৰিব। ইয়াৰোপৰি কালি এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছিল যে প্ৰয়োজনত মহিলাসকলেও মুণ্ডন কৰিব বুলি কৈছিল। মই তেওঁলোকক এইবোৰ কৰিব নালাগে বুলি কৈছিলো আৰু আমাৰ ধৰ্মত এইবোৰ মানি ল’ব নোৱাৰি বুলি কৈছিলো।‘ সংবাদমেলত এইদৰে কয় শৰণীয়াই।

তাৎপয্যপূৰ্ণভাৱে, বিটিচিত ভোটদানৰ দিনা প্ৰতিবাদস্বৰূপে অবড়ো মহিলাসকলক চুলি মেলি থাকিবলৈ অনুৰোধ জনায় শৰণীয়াই।

ইপিনে, বিটিচিত বিজেপি, কংগ্ৰেছৰ বাঘা বাঘা নেতাই প্ৰচাৰ চলালেও গণ সুৰক্ষা পাৰ্টীয়ে ৩০ খন আসন লাভ কৰিব বুলি উল্লেখ কৰি লগতে কয় ‘আজি ৰিপুন বৰাই ৰেলী কৰিবলৈ গুৱাহাটীৰ পৰা ১২ খন গাড়ীত মানুহ নিছে। তাত আজি আমাৰ ৰেলীত নিজৰে ১০০০ তকৈ অধিক বাইক আছে। তাত কংগ্ৰেছ-বিজেপিৰ প্ৰাৰ্থীৰ লগত ৫ খনহে অট’ৰিক্সা ৰেলী কৰিবলৈ আজি ৰৈ আছিল। হিমন্তৰ মিটিং, আজমলৰ মিটিঙত হাজাৰ হাজাৰ মানুহ হৈছিল কিন্তু এতিয়া মাত্ৰ ১৫০০-২০০০ লৈ মানুহৰ সংখ্যা নামি আহিছে।‘

‘বিটিচিৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে ভোট কেৱল অবড়ো আৰু GSP ৰ প্ৰাৰ্থীকহে দিব।কাৰণ বিজেপি, BPF আৰু UPPL এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি।AIUDF – CONG য়ে কেৱল বিটিচিত ভোট বিভাজনহে কৰিব।‘ এইদৰে কয় শৰণীয়াই।

ইপিনে, প্ৰয়োজন সাপেক্ষে হাগ্ৰামা মহিলাৰীৰ লগতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো জেইললৈ পঠিয়াব বুলি দাবী কৰি তেওঁ লগতে কয় ‘বিটিছিত হাগ্ৰামাই যে কমিছন খাই সেই কথা ইতিমধ্যে প্ৰমাণ হৈ গৈছে। ঠিক তেনেকৈ এইখিনি দুৰ্নীতিক লৈ আমি তিনিবছৰৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ লিখিছিলো যে বিটিচিত বিত্তীয় বহু কেলেংকাৰী হৈ আছে গতিকে ইয়াৰ এক উচিত তদন্ত হ’ব লাগে। যদি এইক্ষেত্ৰত নজৰ নাৰাখে বা দুৰ্নীতি কৰিবলৈ উদগনি জনাই তেন্তে পাছলৈ তেওঁলোকৰ অসুবিধা হ’ব। হাগ্ৰামা হিমন্ত বিশ্ব শৰ্মাই দুয়োগৰাকীয়ে দুয়োগৰাকীৰ বিৰুদ্ধে যিবোৰ অভিযোগ আনিছে সেয়া কোন কি হয় নাজানো আমি চৰকাৰ গঠন কৰিলেই তদন্ত আয়োগ গঠন কৰিম। হিমন্ত চাহাব দোষী হ’লে তেওঁৱো জেইল খাব আৰু হাগ্ৰামা দোষী হ’লে তেঁৱো জেইল খাব।‘

‘অকল ওদালগুৰি জিলাত ১৬০০ কোটি টকাৰ কেলেংকাৰী হৈছিল। চাৰে চাৰি বছৰ ধৰি এই গোচৰ বা তদন্ত বিজেপি চৰকাৰৰ ভিজিলেন্সত পৰি আছে। যিজন অভিযন্তা মূল অভিযুক্ত আছিল তেওঁ এতিয়া বিটিচিৰ জলসিঞ্চন বিভাগৰ মুৰব্বী হৈ আছে।‘ শৰণীয়াই লগতে কয়।

আনহাতে, বিটিচিত চৰকাৰ গঠন কৰি কৰিবলগীয়া উন্নয়নমূলক কাম-কাজৰ বিৱৰণ দিয়ে নৱ শৰণীয়াই।

তেওঁ কয় ’১২ ডিচেম্বৰত ৰিজাল্ট দিব। আমি নিশ্চিত হ’লো আমি বিটিচিত চৰকাৰ বনাম। ১৪ ডিচেম্বৰৰ প্ৰথমখন আমাৰ কেবিনেটত ২০৩০ লৈকে সকলো অবড়ো ৰাইজৰ ভুমিপট্টা আইনীভাৱে নিশ্চিত কৰা হ’ব। বিটিচি চুক্তিৰ জৰিয়তে আমি অবড়োসকলক ঠগোৱা হ’ল। বিটিএডিৰ পৰা বাদ পৰা গাওঁসমূহৰ নাম কৰ্তন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিম আৰু ৰাজ্যপাললৈ পঠিয়াই গাওঁখিনিৰ নাম কৰ্তন কৰিম। ১০০০ গাওঁ যে বিটিচিত সোমাব বুলি ষড়যন্ত্ৰ কৰিছিল সেইখিনিও কৰ্তন কৰা হ’ব।‘

‘বিটিচিত পুনৰ চৰকাৰী ভাষা অসমীয়া হ’ব বুলি কেবিনেটত প্ৰস্তাৱ গ্ৰহণ কৰি ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিম। যদি মানি নলয় তেন্তে সুকীয়া লেণ্ড এখনৰ প্ৰস্তুতি চলাম। অৰুণোদয় আঁচনিৰ নাম সুৰ্য্যোদয় আঁচনি নামাকৰণ কৰি ৮৩০ টকাৰ লগতে বিটিচি চৰকাৰৰ ফালৰ পৰা ১২৭০ টকা দি মুঠ ২০০০ টকাকৈ প্ৰতিমাহে দিম। আত্মসহায়ক গোটলৈ আগবঢ়োৱা ৫০০০০ ৰ ঠাইত আমি ১ লাখ টকাকৈ আগবঢ়াম।‘ চৰকাৰ গঠন কৰাৰ পূৰ্বে প্ৰতিশ্ৰুতি দি এইদৰে কয় শৰণীয়াই।

আনহাতে, বিটিচিৰ যিসমূহ VCDC আছে সেয়া আইনৰ ভিতৰৰ বুলি উল্লেখ কৰি লগতে কয় ‘ইয়াৰ পৰা দুৰ্নীতিগ্ৰস্ত কমিছন খাই পেঁটুৱা হোৱা সকলোকে আঁতৰ কৰা হ’ব। সকলো পদতে স্বচ্ছ নিকা লোকক নিযুক্তি দিয়া হ’ব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd