• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাক্তন সেনা জোৱানৰ চাঞ্চল্যকৰ হত্যাকাণ্ড : আৰক্ষীৰ জালত মূল তিনিজন অভিযুক্ত

NE NOW NEWS মিণ্টু দাস
নগাঁও , October 28, 2018 6:43 am

2 min read

e111ef23-6f70-48d4-b118-c394f7a916b0

হত্যাকাণ্ডত ব্যৱহৃত আৰক্ষীয়ে উদ্ধাৰ কৰা পিষ্টল। ফটো : নৰ্থইষ্ট নাও

263
VIEWS
Share on FacebookShare on Twitter

নগাঁও চহৰৰ নিকটৱৰ্তী ননৈৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তিনি মূল অভিযুক্ত নগাঁও আৰক্ষীৰ জালত পৰিছে। শনিবাৰে নগাঁও আৰক্ষীয়ে এই হত্যাকাণ্ডৰ লগত জড়িত তিনিজনক আটক কৰিছে। নগাঁও আৰক্ষীৰ এইটো এক বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছে।

উল্লেখ্য যে, যোৱা ২২ অক্টোবৰৰ সন্ধ্যা ননৈ খাটৰগাঁৱৰ নিজগৃহত প্ৰাক্তন সেনা জোৱান দীপেন নাথক গুলীয়াই হত্যা কৰা হৈছিল। ইতিমধ্যে, আৰক্ষীয়ে হত্যাকাণ্ডত জড়িত প্ৰণৱ নাথ, ৰাজীৱ বণিক আৰু চুলতান আলীক গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে, দুৰ্ধৰ্ষ চুপাৰী কিলাৰ ৰাজীৱ বণিকে শূন্য দূৰত্বৰ পৰা গুলীয়াইছিল দীপেন নাথক। প্ৰণৱ নাথে ব্যৱসায়িক কথা-বতৰাৰ চলৰে মাতি নিছিল নিহত দীপেন নাথক। কুখ্যাত ডকাইত চুলতান আলীৰ বাইকত পলায়ন কৰিছিল ৰাজীৱ বণিক আৰু প্ৰণৱ নাথে।

আনহাতে, হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছদিনাই নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিৰ নেতৃত্বত যোৱা এটা দলে গ্ৰেপ্তাৰ কৰিছিল প্ৰণৱ নাথক। প্ৰণৱ নাথৰ স্বীকাৰোক্তিৰ ভিত্তিত শনিবাৰে দিনৰ ১১ বজাত ৰহা কাকতি গাঁৱৰ পৰা ৰহাৰ ভাৰপ্ৰাপ্ত বিষয়া মলয় আচাৰ্জীয়ে দুৰ্ধৰ্ষ অপৰাধী ৰাজীৱ বণিকক গ্ৰেপ্তাৰ কৰে।

সেইদৰে, ৰাজীৱ বণিকৰ স্বীকাৰোক্তিৰ ভিত্তিত নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুল দাসৰ নেতৃত্বত অসামৰিক পোছাকত যোৱা আৰক্ষীৰ এটা দলে দিনৰ ২ বজাত নগাঁও বাইপাছৰ সুগন্ধি ধাবাৰ পৰা চুলতান আলীক গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে, নগাঁৱৰ উপ আৰক্ষী অধীক্ষক জন দাস, পদ্ম পেগু আৰু ৰহাৰ ভাৰপ্ৰাপ্ত বিষয়া মলয় আচাৰ্জীৰ নেতৃত্বত যোৱা এটা দলে বাক্সাৰ তামুলপুৰৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত পিষ্টল আৰু পালচাৰ বাইকখন জব্দ কৰিছে।

উল্লেখযোগ্য যে, ৰাজীৱ বণিক বিভিন্ন কূটাঘাতমূলক কামত জড়িত হৈ আছিল আৰু মাজে-সময়ে গোটেই নগাঁও জিলাতে ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

Recent News

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd