NORTHEAST NOW (Assamese)

য়ে মাস্ক মুঝে দে দে ঠাকুৰ…. কৰ’নাৰ বিৰুদ্ধে কোনে চলালে এই সজাগতামূলক প্ৰচাৰ?

August 1, 2020 12:16 pm · কল্পজ্যোতি শইকীয়া
ফটো সৌজন্য: টুইটাৰ

বলিউদৰ চিনেমাৰ এটা অতি জনপ্ৰিয় আৰু বিখ্যাত ডাইল’গ। বলিউডৰ জনপ্ৰিয় তথা প্ৰয়াত অভিনেতা আমজাদ খান আৰু সঞ্জীৱ ঠাকুৰৰ ‘শ্বোলে’ চিনেমাৰ এই বিখ্যাত ডাইলগ প্ৰকাশ পাইছিল গব্বৰ সিঙ ওৰফে আমজাদ খানৰ মুখত।

সঞ্জীৱ ঠাকুৰ ওৰফে ঠাকুৰক উদ্দেশ্যি গব্বৰে দিয়া সেই ডাইলগ আছিল ‘য়ে হাত মুঝে দে দে ঠাকুৰ…….।

সেই ডাইলগটোকে ব্যতিক্ৰমী ৰূপত ব্যৱহাৰ কৰিছে নগাওঁ আৰক্ষীয়ে।

জনসাধাৰণক ৰাজহুৱা স্থানত বা কোনো বাহনত ভ্ৰমণ কৰাৰ সময়ত মাস্ক পিন্ধিবলৈ আহ্বান জনাই ‘য়ে মাস্ক মুঝে দে দে ঠাকুৰ’ লিখিত তথা শ্বোলে চিনেমাৰ সেই বিশেষ দৃশ্যাংশৰ ফটো ব্যৱহাৰ কৰিছে। য’ত নেকি ঠাকুৰে কৈছে ‘মাস্ক নেহি।‘

উক্ত দৃশ্য শ্বোলে চিনেমাৰ গব্বৰ সিঙে ঠাকুৰক ধৰি আনি হাত দুখন কাটিবলৈ ধৰাৰ সময়ৰ।

এই ফটো ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰি নগাওঁ আৰক্ষীয়ে লিখিছে ‘মাস্ক কে লিয়ে কুচ ভি’। আপুনি মাস্ক নিপিন্ধাৰ বাবে কি অজুহাত দেখুৱাব?’

সঁচা অৰ্থত ক’বলৈ গ’লে জনসাধাৰণক সজাগ কৰিবৰ বাবে নগাওঁ আৰক্ষীৰ এই নিদৰ্শন সঁচাই প্ৰশংসনীয়।

সকলোৱে একেমুখে নগাওঁ আৰক্ষীৰ এই পদক্ষেপৰ শলাগ লৈছে।

পূৰ্বেও বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ জৰিয়তে সামাজিক দুৰত্বৰ প্ৰচাৰ চলোৱাৰ লগতে অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা ৰাজকুমাৰ ঠাকুৰীয়াৰ জৰিয়তেও মাস্ক আৰু হেণ্ড চেনিটাইজাৰৰ প্ৰচাৰ চলাই ব্যতিক্ৰমীতাৰ পৰিচয় বহন কৰি আহিছে অসম আৰক্ষীয়ে।

Related News