যুদ্ধ নহয় আলোচনা আৰু কূটনৈতিক পদক্ষেপেৰেহে সমস্যা সমাধান সম্ভৱ বুলি মন্তব্য কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। শেহতীয়াকৈ ইৰানৰ সৈতে আমেৰিকা আৰু ইজৰাইলৰ সংঘাতৰ মাজতে প্রধানমন্ত্রীগৰাকীয়ে শান্তিৰ বাবে এই বিশেষ বার্তা প্ৰেৰণ কৰিছে।
দিল্লীত ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবৰ সৈতে হোৱা এক বৈঠকত মোদীয়ে স্পষ্ট কৰি দিয়ে যে ভাৰতে সদায় যুদ্ধৰ বিপৰীতে শান্তি আৰু আইনৰ শাসনক সমর্থন কৰে। তেওঁ কয় যে পশ্চিম এছিয়াৰ পৰা ইউক্রেইনলৈকে যিকোনো জটিল সমস্যা কেৱল আলোচনা আৰু বুজাবুজিৰ জৰিয়তেহে সমাধান কৰিব পৰা যায়।
প্রধানমন্ত্রীয়ে পোনপটীয়াকৈ কোনো দেশৰ নাম উল্লেখ কৰা নাই যদিও তেওঁৰ এই মন্তব্যই ইৰানৰ শাসন ব্যৱস্থালৈ এক ইংগিত বহন কৰিছে বুলি চৰ্চা চলিছে। ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণত ইৰানৰ ধৰ্মীয় নেতাৰ মৃত্যুৰ পাছত দেশখনৰ আভ্যন্তৰীণ পৰিস্থিতি আৰু ধৰ্মীয় ফতোৱাক লৈ জনসাধাৰণৰ মাজত যি অসন্তুষ্টি আছিল, তাৰ পৰিপ্ৰেক্ষিততে মোদীয়ে আইনৰ শাসনৰ ওপৰত গুৰুত্ব দিয়া বুলি ধাৰণা কৰা হৈছে। আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পেও ইৰানৰ শাসন ব্যৱস্থা সলনি কৰাৰ কথা উল্লেখ কৰিছিল আৰু প্রধানমন্ত্রীৰ এই মন্তব্যই সেই দিশটোকো স্পৰ্শ কৰিছে।
এক কূটনৈতিক মহলৰ মতে প্রধানমন্ত্রীয়ে আলোচনাৰ পথ খোলা ৰখাৰ পৰামৰ্শ দি আমেৰিকাকো এক বিশেষ বাৰ্তা দিছে। বিশেষকৈ ইৰানৰ পাৰমাণৱিক অস্ত্রক লৈ আলোচনা চলি থকাৰ মাজতে ইজৰাইল আৰু আমেৰিকাই কৰা আক্ৰমণৰ পাছত মোদীয়ে সামৰিক সংঘাতক একমাত্র পথ হিচাপে গণ্য নকৰিবলৈ আহ্বান জনাইছে। তেওঁৰ মতে বন্দুকৰ গুলীতকৈ মেজত বহি কৰা আলোচনাহে বেছি ফলপ্রসূ হ’ব পাৰে।
ইফালে চৌদি আৰৱ, ওমান আৰু কুৱেইটত থকা আমেৰিকাৰ সামৰিক ঘাটিত ইৰানে কৰা আক্ৰমণৰো বিৰোধিতা কৰিছে ভাৰতে। যদিও মোদীয়ে ইৰানৰ নাম লোৱা নাই, তথাপিও অন্য দেশৰ সাৰ্বভৌমত্ব উলংঘা কৰি কৰা এনে আক্ৰমণৰ তেওঁ নিন্দা কৰিছে। এই সন্দৰ্ভত তেওঁ ইতিমধ্যে আক্রান্ত হোৱা দেশসমূহৰ ৰাষ্ট্ৰপ্রধানসকলৰ সৈতে টেলিফোনত কথা পাতি ভাৰতৰ স্থিতি স্পষ্ট কৰি দিছে।





