ডিঙিত বিহুৱান আৰু পটভূমিত বিহু গীতৰ সুৰ বাজি আছে। মহাকাশত ওপঙি থকা অৱস্থাত নাছাৰ এগৰাকী মহাকাশচাৰীয়ে ‘বিহু’ নৃত্য কৰি আছে। পৃথিৱীৰ পৰা ৪০০ কিলোমিটাৰ ওপৰত শূন্য মাধ্যাকৰ্ষণ শক্তিত ভাঁহি আছে যেন ঘৰৰ গোন্ধটো। এই ভিডিঅ’টো পুনৰ ভাইৰেল হোৱাৰ লগে লগে আৱেগেৰে উপচি পৰে ইণ্টাৰনেট ।
মানুহে যিদৰে ভিডিঅ’টো শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছিল, দেখি এনে লাগিছিল যেন মাত্ৰ যোৱা সপ্তাহতে সেইটো লোৱা হৈছে। কিন্তু নাই এই ভিডিঅ’টো ২০০৪ চনৰ। অৱশ্যে মহাকাশত ওপঙি থকা অৱস্থাত সেই বিহু নৃত্যই আজিও সকলোৰে মন উন্মনা কৰি তোলে।
এইবাৰ ৰঙালী বিহুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ’টো শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে, বিহু এতিয়া ‘গ্ল’বেল’। ২০২৩ চনত গিনিজৰ অভিলেখ গঢ়ি তোলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ব’হাগ বিহু উদযাপনৰ বিষয়টোও তেওঁ উত্থাপন কৰে।
কিন্তু অলপ সময়ৰ ভিতৰতে ইণ্টাৰনেটে তথ্য পৰীক্ষা কৰিবলৈ (ফেক্টচেক) আৰম্ভ কৰিলে, ‘ভিডিঅ’টো ২০০৪ চনৰ। সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল মনমোহন সিং আৰু অসমৰ মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ।’ এক্সত এজন ইউজাৰৰ মন্তব্য নিমিষতে ভাইৰেল হৈ পৰিল।
ডিঙিত গামোচা লোৱা সেই মহাকাশচাৰীগৰাকী কোন? তেওঁ আন কোনো নহয় নাছাৰ বিখ্যাত মহাকাশচাৰী মাইক ফিংকে। নাছাত কৰা চাৰিটা অভিযানত তেওঁ ৫৪৯ দিন মহাকাশত কটায়। ২০০৪ চনত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত ডিঙিত গামোচা লৈ বিহুগীত বজাই নাচিবলৈ আৰম্ভ কৰে।
কিন্তু তেওঁ কিয় মহাকাশত বিহু নাচিলে? এই উত্তৰৰ আঁৰত লুকাই আছে এক সুন্দৰ প্ৰেম কাহিনী। ফিঙ্কৰ পত্নী হৈছে এগৰাকী অসম কন্যা ৰেনিতা শইকীয়া ফিংকে। তেওঁৰ পৰাই মাইকে গামোচাৰ অৰ্থ, বিহুৰ ছন্দ আৰু সেই সুৰৰ আৱেগ শিকিছিল। এই বিহু নৃত্য কোনো ‘প্ৰদৰ্শন’ নাছিল, ই আছিল পত্নীলৈ দিয়া এক নীৰৱ প্ৰেমৰ চিঠি, মহাকাশৰ পৰা শিপা স্পৰ্শ কৰাৰ প্ৰয়াস।
সেই মাইক ফিংকে এতিয়া ক’ত? তেওঁ এতিয়াও নাছাৰ মহাকাশচাৰী। কিন্তু ২০২৬ চনৰ জানুৱাৰী মাহত গুৰুতৰ শাৰীৰিক সমস্যাৰ বাবে তেওঁক মহাকাশৰ পৰা জৰুৰীকালীন ভিত্তিত ঘূৰাই অনা হয়, এইটোৱেই আছিল আই এছ এছৰ প্ৰথম চিকিৎসাজনিত অৱসৰ। বৰ্তমান তেওঁ হিউষ্টনত চিকিৎসাধীন হৈ আছে।
যদিও ভিডিঅ’টো পুৰণি, তথাপিও ভাইৰেল হোৱাৰ লগে লগেই নেটিজেনৰ হৃদয় চুই গ’ল। এগৰাকী মহাকাশচাৰীৰ নৃত্য, যি এটা কথাই সোঁৱৰাই দিয়ে যে পৃথিৱীৰ বহু ওপৰতো ঘৰখনে আপোনাক ৰিঙিয়ায়। কাৰণ কিছুমান নৃত্য কেৱল নৃত্য নহয়, প্ৰেম প্ৰকাশৰ মাধ্যম, যিটো মাধ্যাকৰ্ষণ শক্তিয়েও ৰুদ্ধ কৰিব নোৱাৰে।
পিচে, মুখ্যমন্ত্ৰীৰ এনে মোদী প্ৰীতিক বহুতেই সমালোচনা কৰিছে। ভুল তথ্যৰে কাৰোবাক তোষামোদ কৰাৰ চেষ্টাক বহুজনে ধিক্কাৰ দিছে। এনেয়েও এইবাৰৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীয়ে কৰা আচৰণক লৈ অসন্তুষ্ট জনতা। আনক সকলো সময়তে কটু সমালোচনা কৰা আৰু অশ্ৰাব্য মন্তব্য কৰাৰ বিষয়টো এতিয়া সৰ্বত্ৰ চৰ্চাৰ বিষয়। সেইদৰেই প্ৰধানমন্ত্ৰীক সন্তুষ্ট কৰিবলৈ কৰা এনে চাতুকাৰিতাক সকলোৱে নিন্দা কৰিছে। সেয়ে, সচেতন নাগৰিকৰ আগত আকৌ এবাৰ মুখথেকেচা খালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।





