• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহাকাশত নিস্তব্ধ নাছাৰ ‘মেভেন’! মঙল গ্ৰহৰ কক্ষপথত এক দশকৰো অধিক কালৰ গৱেষণাৰ সামৰণি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2026 9:18 am
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙল গ্ৰহৰ বায়ুমণ্ডল অধ্যয়নৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰেৰণ কৰা ‘মেভেন’ মহাকাশযানৰ ১১ বছৰীয়া সুদীৰ্ঘ অভিযানৰ আনুষ্ঠানিকভাৱে সামৰণি পৰিছে। যোৱা ছমাহ ধৰি যোগাযোগ বিচ্ছিন্ন হৈ থকা যানখনক বৰ্তমান ‘উদ্ধাৰ কৰিব নোৱাৰা অৱস্থা’ত থকা বুলি মঙলবাৰে নাছাই ঘোষণা কৰে। ২০১৩ চনত উৎক্ষেপণ কৰা মেভেন আছিল মঙল গ্ৰহৰ বায়ুমণ্ডল আৰু ইয়াৰ ক্ৰমবিকাশ পৰ্যবেক্ষণৰ বাবে নাছাৰ প্ৰথমটো অভিযান।

বুধবাৰে নাছাৰ বিষয়াসকলে সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি, যোৱা ৬ ডিচেম্বৰত শেষবাৰৰ বাবে মেভেনৰ সৈতে যোগাযোগ স্থাপন হৈছিল। পৃথিৱীৰ দিশৰ পৰা মঙল গ্ৰহৰ পিছফালে সোমাই পৰাৰ লগে লগে যানখনৰ সংকেত অপ্ৰত্যাশিতভাৱে বিচ্ছিন্ন হৈ পৰে। মেৰিলেণ্ডস্থিত নাছাৰ গডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰৰ মেভেন প্ৰকল্পৰ প্ৰবন্ধক মাইক ম’ৰোৱে জনোৱা মতে, মঙলৰ পিছফালৰ পৰা ওলাই অহাৰ পিছত যানখন প্ৰতি মিনিটত ২.৭ পাক হাৰত অস্বাভাৱিকভাৱে ঘূৰ্ণনশীল অৱস্থাত আছিল। এই ঘূৰ্ণনৰ ফলত যানখনৰ বেটেৰীৰ শক্তি নিঃশেষ হৈ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিকল হোৱা বুলি নাছাৰ পৰ্যালোচনা ব’ৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছে।

Apply Now

২০১৪ চনত মঙলৰ কক্ষপথত প্ৰৱেশ কৰা মেভেনে ইয়াৰ পূৰ্বনিৰ্ধাৰিত এবছৰীয়া অভিযানৰ সময়সীমা অতিক্ৰম কৰি এক দশকৰো অধিক কাল সেৱা আগবঢ়াইছিল। যানখনে সৌৰবতাহ আৰু সূৰ্যৰ পৰা নিৰ্গত আধানযুক্ত কণাৰ তীব্ৰ সোঁতৰ সৈতে মঙলৰ বায়ুমণ্ডলৰ পাৰস্পৰিক ক্ৰিয়াৰ অধ্যয়ন কৰিছিল। তিনিশ কোটি বছৰৰ আগতে মঙল গ্ৰহত ডাঠ বায়ুমণ্ডল আৰু পানী থকাৰ লগতে অণুজীৱৰ বাবে অনুকূল পৰিৱেশ থকা বুলি ধাৰণা কৰা হয়। বৰ্তমানৰ শুকান আৰু বাসোপযোগী নোহোৱা অৱস্থালৈ গ্ৰহটো কেনেদৰে পৰিৱৰ্তিত হ’ল, সেই বিষয়ে মেভেনে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছে। এই সন্দৰ্ভত কাৰীয়ে কয় যে পৃথিৱীকে ধৰি আন যিকোনো গ্ৰহতকৈ মঙল গ্ৰহৰ বায়ুমণ্ডলীয় অৱক্ষয়ৰ বিষয়ে এতিয়া অধিক উন্নত বুজাবুজি গঢ়ি উঠিছে।

মহাকাশৰ বতৰৰ পৰিৱৰ্তন, বিশেষকৈ সৌৰ ধুমুহাৰ সময়ত মঙলৰ বায়ুমণ্ডলৰ খহনীয়া দ্ৰুতগতিত বৃদ্ধি পোৱা বুলি মেভেনে আৱিষ্কাৰ কৰিছিল। সৌৰ ধুমুহাৰ তীব্ৰ শক্তিযুক্ত কণা বায়ুমণ্ডলত প্ৰৱেশ কৰিলে সৃষ্টি হোৱা কেইবাপ্ৰকাৰৰ মেৰুপ্ৰভা যানখনে ধৰা পেলাইছিল। ইয়াৰ উপৰি, পাৰ্চিভাৰেন্স ৰ’ভাৰৰ সৈতে লগ লাগি মেভেনে প্ৰথমবাৰৰ বাবে দৃশ্যমান পোহৰত মঙল গ্ৰহৰ আকাশত সেউজীয়া ৰঙৰ মেৰুপ্ৰভা পৰ্যবেক্ষণ কৰাৰ লগতে যোৱা বছৰ আন্তঃনক্ষত্ৰীয় ধূমকেতু ‘3I/ATLAS’ পৰ্যবেক্ষণ কৰিবলৈ সক্ষম হৈছিল।

গৱেষণাৰ উপৰি মেভেনে মঙলৰ পৃষ্ঠত থকা কিউৰিঅ’চিটী আৰু পাৰ্চিভাৰেন্স ৰ’ভাৰৰ পৰা বৈজ্ঞানিক তথ্য পৃথিৱীলৈ প্ৰেৰণ কৰাত সহায় কৰিছিল। নাছাৰ গ্ৰহ বিজ্ঞান বিভাগৰ মঙল গ্ৰহ অন্বেষণ কাৰ্যসূচীৰ সঞ্চালক টিফানী মৰ্গানে জনোৱা মতে, বৰ্তমান তথ্য আহৰণৰ ক্ষেত্ৰত মাজে-সময়ে সামান্য পলম হয় যদিও মেভেনৰ অভাৱ পূৰণ কৰিব পৰাকৈ যোগাযোগ ব্যৱস্থাটো পৰ্যাপ্তভাৱে শক্তিশালী। নাছাৰ মহাকাশ যোগাযোগ কাৰ্যসূচীৰ উপ-প্ৰবন্ধক গ্ৰেগ হেকলাৰে উল্লেখ কৰে যে মঙল গ্ৰহৰ ৰিলে’ নেটৱৰ্কত এতিয়াও আন চাৰিখন মহাকাশযান সক্ৰিয় হৈ আছে আৰু মেভেনৰ বিফলতাৰ বাবে ৰ’ভাৰৰ কাৰ্যকলাপত কিছু সৰু সালসলনি কৰা হৈছে।

বৰ্তমান নাছাৰ পৰ্যালোচনা ব’ৰ্ডে মেভেনৰ বিফলতাৰ কাৰণ সম্পৰ্কে অনুসন্ধান অব্যাহত ৰাখিছে আৰু অহা কেইমাহমানৰ ভিতৰত ইয়াৰ ফলাফল প্ৰকাশ পোৱাৰ আশা কৰা হৈছে। নাছাৰ বিষয়াসকলে স্পষ্ট কৰি দিছে যে মেভেন মঙল গ্ৰহৰ পৃষ্ঠত পতিত হোৱাৰ পূৰ্বে আগন্তুক ৫০ ৰ পৰা ১০০ বছৰলৈকে গ্ৰহটোৰ কক্ষপথতে অৱস্থান কৰিব। অত্যন্ত উপবৃত্তাকাৰ কক্ষপথত প্ৰদক্ষিণ কৰা যানখনে গ্ৰহটোৰ পৰা সৰ্বনিম্ন প্ৰায় ১১০ ৰ পৰা ১৩৫ মাইল (১৮০ ৰ পৰা ২২০ কিলোমিটাৰ) আৰু সৰ্বাধিক প্ৰায় ২,৫০০ মাইল (৪,০০০ কিলোমিটাৰ) দূৰত্বলৈ অহা-যোৱা কৰিব যদিও ইয়াৰ ফলত নাছাৰ আন কোনো মহাকাশযানৰ প্ৰতি বিপদৰ সৃষ্টি নহয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am
কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am
কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

July 15, 2026 7:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am
কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd