• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী-বিষয়াৰ দেশজুৰি প্ৰতিবাদ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
February 3, 2021 9:00 pm
IMG-20210203-WA0009
263
VIEWS
Share on FacebookShare on Twitter

সৰ্বভাৰতীয় বিদ্যুৎ কৰ্মী আৰু অভিযন্তা সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত বিদ্যুৎ কৰ্মচাৰী, অভিযন্তা আৰু পেঞ্চনাৰ সমন্বয়ৰক্ষী সমিতি, অসম শাখাইও বিশ্বনাথ চাৰিআলিতো প্ৰতীকী ধৰ্মঘট কাৰ্যসূচীসমূহ কৰ্মচাৰী, বিষয়া আৰু পেঞ্চনাৰ আৰু আসাম ষ্টেট্‌ পাৱাৰ ব’ৰ্কাচ ইউনিয়নৰ সদস্যসকলৰ সৈতে ৰূপায়ণ কৰে।

বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্টীয় সমন্বয়ৰক্ষী সমিতিয়ে দীৰ্ঘদিন ধৰি দাবী উথাপন কৰি অহাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে দেশৰ বিদ্যুৎ খণ্ডৰ  ব্যক্তিগতকৰণ প্ৰক্ৰিয়া বাতিল কৰা নাই। তাৰেই প্ৰতিবাদতে বুধবাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

সম্প্ৰতি দিল্লীত চলি থকা কৃষক আন্দোলনৰ অন্যতম দাবী হিচাপে বিদ্যুৎ সংশোধনী আইন ২০২০ বাতিলৰ দাবী উথাপিত হৈছে। যদিও চৰকাৰে জনবিৰোধী এই এই আইন বাতিল কৰা নাই বৰঞ্চ লাভজনক বিদ্যুৎ বিতৰণ ক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰহে যোজা কৰিছে বুলি সমন্বৰক্ষী সমিতিয়ে অভিযোগ কৰিছে।

দেশৰ বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ সমন্বয়ৰক্ষী সমিতিৰ তীব্ৰ বিৰোধিতাৰ স্বত্বেও কেন্দ্ৰীয় চৰকাৰে ষ্ট্ৰেণ্ডাৰ্ড বিডিং ডকুমেণ্টৰ দ্বাৰা সংবিধান বিৰোধী পন্থাৰে চণ্ডীগড় বিদ্যুৎ বিতৰণ কোম্পানীক ব্যক্তিগত কৰাৰ প্ৰক্ৰিয়া হাতত লৈছে।

ইতিমধ্যে ওড়িশাৰ বিতৰণ ক্ষেত্ৰও ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়া হৈছে আৰু অসমৰ বিদ্যুৎ বিতৰণ কোম্পানী এ পি ডি চি এল ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া হাতত লৈছে বুলি মন্তব্য কৰিছে প্ৰতিবাদকাৰীসকলে।

আনহাতে কতৃপক্ষই দিনে দিনে বিতৰণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কাম যেনে ৩৩/১১ কেভি উপকেন্দ্ৰসমূহ এটাৰ পিছত এটাকৈ ব্যক্তিগত ঠিকাদাৰৰ হাতত গতাই দি ৰাজ্যৰ বিদ্যুৎ খণ্ডটো ভিতৰি ফোপোলা হ’বলৈ এৰি দিছে বুলি গুৰুতৰ অভিযোগ কৰিছে সমন্বৰক্ষী সমিটিয়ে।

বুজন সংখ্যক খালী পদত অস্থায়ী/আউটচ’ৰ্চ কৰ্মচাৰী নিযুক্ত কৰি জোৰা টাপলি মাৰি কাম চলোৱাটো কতৃপক্ষৰ বাবে নিয়মত পৰিণত হৈছে অভিযোগ কৰি বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ আৰু ফ্ৰেন্সাইচীকৰণ বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে সমন্বয়ৰক্ষী কমিটিয়ে।

‘বিদ্যুৎ (সংশোধনী) বিল-২০২০ আৰু ষ্টেণ্ডাৰ্ড বিডিং ডকুমেণ্ট বাতিল কৰক‌।ৰাজ্যৰ‌‌ নিজস্ব‌ বিদ্যুৎ উৎপাদন বৃদ্ধি ‌আৰু ৰাজ্যিক বিদ্যুৎ পৰিষদ পুনৰ একত্ৰীকৰণ কৰক। কেন্দ্ৰীয় শাসিত ৰাজ্যৰ বিদ্যুৎ বিতৰণ‌‌ ব্যৱস্থা  ব্যক্তিগতকৰণ প্ৰক্ৰিয়া বন্ধ কৰক। নতুন পেঞ্চন আঁচনি বাতিল কৰক, পুৰণি পেঞ্চন আঁচনি বহাল ৰাখক। সকলো্ ঠিকা ভিত্তিক/অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰক। সকলো খালী পদ বিধিবদ্ধ নিয়ম অনুসৰি নিযুক্তি/পদোন্নতি দিয়ক। কৃষক বিৰোধী কৃষি আইন বাতিল কৰক। ৩৩/১১ কেভি বিদ্যুৎ উপকেন্দ্ৰসমূহ পুনৰ এ পি ডি চি এলৰ হাতলৈ ঘূৰাই আনক।’ আদি এই দাবীসমূহ লৈয়ে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।

আজিৰ কাৰ্যসূচীত আসাম ষ্টেট পাৱাৰ বৰ্কাচ ইউনিয়নৰ কেন্দ্ৰীয় সম্পাদক মৃগাংক শৰ্মা, বিশ্বনাথ শাখাৰ সম্পাদক জানিৰাম ডেকা, পেঞ্চনাৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়া পদ্ম ভূঞা আৰু থগেন বৰা উপস্থিত থাকে।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd