• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : যদুমণি দত্তৰ ‘জুইফুল’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

২০২৪ চনৰ শ্ৰেষ্ঠ চলচ্চিত্ৰসমূহক স্বীকৃতি প্ৰদান কৰা ৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসম-নাগালেণ্ড সীমান্তৰ সংঘৰ্ষৰ পটভূমিত নিৰ্মিত অসমীয়া ছবি 'জুইফুল'এ ৰজত কমল বঁটা অৰ্জন কৰিছে, আনহাতে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ সন্মান লাভ কৰিছে 'আৰ্টিকল ৩৭০' ছবিয়ে।

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 19, 2026 4:01 pm
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৪ চনৰ শ্ৰেষ্ঠ চলচ্চিত্ৰসমূহক স্বীকৃতি প্ৰদান কৰা ৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসম-নাগালেণ্ড সীমান্তৰ সংঘৰ্ষৰ পটভূমিত নিৰ্মিত অসমীয়া ছবি ‘জুইফুল’এ ৰজত কমল বঁটা অৰ্জন কৰিছে, আনহাতে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ সন্মান লাভ কৰিছে ‘আৰ্টিকল ৩৭০’ ছবিয়ে।

 

Apply Now

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে ১৮ জুলাই তাৰিখে ২০২৪ চনৰ শ্ৰেষ্ঠ চলচ্চিত্ৰসমূহক স্বীকৃতি প্ৰদান কৰি ৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰিছে। এই বৰ্ষৰ বঁটাত আদিত্য সুহাস জাম্ভালেৰ পৰিচালিত ‘আৰ্টিকল ৩৭০’ ছবিয়ে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰৰ সন্মান লাভ কৰাৰ বিপৰীতে যদুমণি দত্তৰ পৰিচালনা আৰু প্ৰযোজনাত নিৰ্মিত ‘জুইফুল’ ছবিয়ে শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

 

শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা লাভ কৰা ‘জুইফুল’ হৈছে অসম আৰু নাগালেণ্ড সীমান্তৰ সংঘৰ্ষজৰ্জৰ অঞ্চলৰ দুগৰাকী মাতৃৰ কাহিনী। এই অঞ্চলসমূহৰ গাওঁবাসীৰ দৈনন্দিন জীৱনৰ সংগ্ৰাম, য’ত দিনৰ ভাগত বিশ্ৰাম আৰু নিশা পহৰা দিয়াটোৱেই একমাত্ৰ নিয়ম, সেয়া ছবিখনত নিখুঁতভাৱে ফুটাই তোলা হৈছে। এই সন্মানৰ অংশ হিচাপে ছবিখনে ৰজত কমল বঁটা আৰু দুই লাখ টকাৰ নগদ ধন লাভ কৰিব। ইয়াৰ লগতে পৰম্পৰাগত শিপিনীসকলৰ জীৱন সংগ্ৰামৰ ওপৰত নিৰ্মিত ‘লাইফ ইন লুম’ নামৰ তথ্যচিত্ৰখনৰ বাবে এডমন ৰেনছনে শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰীৰ বঁটা লাভ কৰিছে।

 

ৰাষ্ট্ৰীয় পৰ্যায়ৰ মূল বঁটাসমূহৰ ভিতৰত জম্মু-কাশ্মীৰৰ পটভূমিত নিৰ্মিত ‘আৰ্টিকল ৩৭০’ ছবিত কৰা সাৱলীল অভিনয়ৰ বাবে যামী গৌতমে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। আনহাতে, ‘ভ্ৰময়ুগম’ ছবিৰ বাবে মামুট্টী আৰু ‘চান্দু চেম্পিয়ন’ ছবিৰ বাবে কাৰ্তিক আৰিয়ানে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান অৰ্জন কৰে। ‘স্বাতন্ত্ৰ্য বীৰ সাৱৰকাৰ’ ছবিৰ বাবে ৰণদীপ হুডাই শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ বঁটা লাভ কৰাৰ লগতে উদ্যোগী শ্ৰীকান্ত বোল্লাৰ জীৱনভিত্তিক ‘শ্ৰীকান্ত’ ছবিয়ে শ্ৰেষ্ঠ হিন্দী ছবিৰ সন্মান লাভ কৰে। পাৰ্শ্ব চৰিত্ৰৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা সঞ্জয় মিশ্ৰই (ভক্ষক) আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা সচানা নামিদাস (মহাৰাজ) আৰু ৰূপশ্ৰী ভাৰকাডী (মিথ্যা) যুটীয়াভাৱে লাভ কৰে। শ্ৰেষ্ঠ নেপথ্য গায়কৰ বঁটা অভয় জোধপুৰকাৰ আৰু গায়িকাৰ বঁটা ভাইকম বিজয়লক্ষ্মীয়ে লাভ কৰিছে। ইয়াৰ উপৰি শেহনাদ জলালে শ্ৰেষ্ঠ চিত্ৰগ্ৰহণ (ভ্ৰময়ুগম) আৰু বান্দ্ৰেড্ডি সুকুমাৰে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ (পুষ্পা: দ্য ৰুল – পাৰ্ট ২) বঁটা অৰ্জন কৰিছে।

 

আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ শাখাত অঞ্জন দত্তৰ ‘চালচিত্ৰ এখন’এ শ্ৰেষ্ঠ বঙালী ছবি, অভিষেক জৈনৰ ‘মাৰাণ’এ শ্ৰেষ্ঠ গুজৰাটী ছবি, সুমন ভাটৰ ‘মিথ্যা’ই শ্ৰেষ্ঠ কানাড়া ছবি আৰু ফাজিল মহম্মদৰ ‘ফেমিনিছি ফাতিমা’ই শ্ৰেষ্ঠ মালায়ালম ছবিৰ সন্মান লাভ কৰে। একেদৰে ধনুশৰ ‘ৰায়ণ’ শ্ৰেষ্ঠ তামিল, যদু বংশীৰ ‘কমিটি কুৰোল্লু’ শ্ৰেষ্ঠ তেলেগু, অমৰ্ত্য ভট্টাচাৰ্যৰ ‘লহৰী’ শ্ৰেষ্ঠ ওড়িয়া, পৰেশ মোকাচীৰ ‘মুক্কাম পোষ্ট বোম্বিলৱাড়ী’ ছবিয়ে শ্ৰেষ্ঠ মাৰাঠী ছবি, ‘ধোলী’য়ে শ্ৰেষ্ঠ গড়ৱালী আৰু ‘ইম্বু’ৱে শ্ৰেষ্ঠ টুলু ছবিৰ বঁটা লাভ কৰে। ইয়াৰ উপৰিও শ্ৰেষ্ঠ অনা-কাহিনী ছবি হিচাপে ‘ভংগাৰ’ আৰু শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে ‘ৰাম-নামী’ নিৰ্বাচিত হৈছে। আনহাতে ‘কল্কি ২৮৯৮ এডি’, ‘অমৰণ’, ‘ভুল ভুলাইয়া ৩’, আৰু ‘স্ত্ৰী ২’ আদি জনপ্ৰিয় ছবিসমূহেও বিভিন্ন শাখাত বঁটা লাভ কৰি ভাৰতীয় চলচ্চিত্ৰৰ বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছে।

 

২০২৪ চনত চেন্সৰ ব’ৰ্ডৰ প্ৰমাণপত্ৰ লাভ কৰা চলচ্চিত্ৰসমূহৰ মাজৰ পৰা নিৰ্বাচিত এই উৎকৃষ্ট ছবি আৰু কলা-কুশলীসকলক পৰৱৰ্তী সময়ত এক আনুষ্ঠানিক কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বঁটা আৰু প্ৰশস্তিপত্ৰ প্ৰদান কৰা হ’ব। এই বৰ্ষৰ বঁটাই ভাৰতীয় মূলসুঁতিৰ ছবিৰ লগতে আঞ্চলিক ছবিসমূহৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা আৰু কলাত্মক উত্তৰণক দেশৰ ৰাষ্ট্ৰীয় মঞ্চত পুনৰবাৰ সবলভাৱে প্ৰতিষ্ঠা কৰিলে।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

September 30, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd