• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ কি হ’ব! ৰাছিয়াৰ মিছাইল আক্ৰমণকলৈ উত্তেজনাৰ মাজতে পাৰমাণৱিক অস্ত্ৰ অনুশীলনৰ ঘোষণা নাটোৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2022 10:27 am
নাটোৰ মহাসচিব জেনছ ষ্টলটেনবাৰ্গ।

নাটোৰ মহাসচিব জেনছ ষ্টলটেনবাৰ্গ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

NATO set to hold nuclear exercises ইউক্ৰেইনৰ ৰাজধানী কিয়েভ আৰু অন্যান্য চহৰত ৰাছিয়াৰ মিছাইল আক্ৰমণৰ ফলত প্ৰায় বিধ্বস্ত হৈ পৰিছে ইউক্ৰেইন। ৰাছিয়াই সোমবাৰে ইউক্ৰেইনত এক মাৰাত্মক আক্ৰমণ চলাইছিল। এই মিছাইল আক্ৰমণত কমেও ১৯ জন লোক নিহত হোৱাৰ লগতে আন ১০০ ৰো অধিক লোক আহত হৈছে।

ৰাছিয়াৰ এই ভয়ংকৰ মিছাইল আক্ৰমণক লৈ ব্যাপক উত্তেজনা অব্যাহত আছে। আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমীয়া দেশসমূহে এই অভূতপূৰ্ব মিছাইল আক্ৰমণৰ বাবে ক্ষোভ প্ৰকাশ কৰি গৰিহনা দিছে।

লগতে পঢ়ক: আৰু নহয়! এইবাৰ ৰাছিয়াৰ বিৰুদ্ধে ভোট দিলে ভাৰতে

Apply Now

ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত সামৰিক মিত্ৰজোঁট নাটোৱে এই উত্তেজনা আৰু অধিক বৃদ্ধি কৰি অহা সপ্তাহত বাৰ্ষিক পাৰমাণৱিক অনুশীলন কৰাৰ কথা ঘোষণা কৰিছে।

মিত্ৰজোঁটৰ মহাসচিব জেনছ ষ্টলটেনবাৰ্গে মঙলবাৰে ব্ৰাছেলছত ঘোষণা কৰে যে ৩০ সদস্যযুক্ত নাটোৰ ১৪ খন দেশে ‘ষ্টিডফাষ্ট নুন’ নামৰ এক অনুশীলনত অংশগ্ৰহণ কৰিব।

ষ্টলটেনবাৰ্গে কয়, “এই অনুশীলনৰ জৰিয়তে আমি জনাই দিব বিচাৰো যে আমাৰ পৰমানু অস্ত্ৰসমূহ নিৰাপদ, সুৰক্ষিত আৰু কাৰ্যকৰী হৈ আছে।”

লগতে পঢ়ক: বিজেপি নেতাৰ কুকীৰ্তি! ১৬ জন দলিত শ্ৰমিকক বন্দী কৰি নিৰ্যাতন; প্ৰহাৰৰ ফলত গৰ্ভপাত মহিলাৰ

নাটো মিত্ৰজোঁটে এই অনুশীলনত ইউৰোপত নিয়োজিত হৈ থকা পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব। অনুশীলনৰ মুখ্য অংশটো ৰাছিয়াৰ মূল ভূখণ্ডৰ পৰা ১,০০০ কিলোমিটাৰৰো অধিক দূৰত্বত সম্পন্ন কৰা হ’ব।

নাটোৰ মহাসচিবগৰাকীয়ে কয়, “যদি আমি এক নিয়মীয়া আৰু দীৰ্ঘ পূৰ্ব পৰিকল্পিত অনুশীলন বাতিল কৰোঁ, ইউক্ৰেইনত চলি থকা যুদ্ধৰ বাবে ই বহুতলৈ ভুল বাৰ্তা প্ৰেৰণ কৰিব।”

ৰাছিয়াই ইউক্ৰেইনত চলাই থকা সামৰিক অভিযানৰ সময়ত পশ্চিমীয়া দেশসমূহ ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত পোনপটীয়াকৈ জড়িত নহয় যদিও তেওঁলোকে কিয়েভক বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰে সহায় কৰি আহিছে। 

লগতে পঢ়ক: গুৱাহাটীত গ্ৰেপ্তাৰ ভুৱা পৰিচয়েৰে লুটিবলৈ চেষ্টা কৰা তিনি ছদ্মবেশী দুৰ্নীতি বিৰোধী শাখাৰ বিষয়া!

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে শেহতীয়াকৈ ইউক্ৰেইনৰ যুদ্ধত যিকোনো ধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰাৰ ভাবুকি দিছে। নাটোৰ মহাসচিব ষ্টলটেনবাৰ্গে মঙলবাৰৰ ভাষণত পুটিনক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁৰ ভাবুকিত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰোক্ষ ইঙ্গিত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd