NATO set to hold nuclear exercises ইউক্ৰেইনৰ ৰাজধানী কিয়েভ আৰু অন্যান্য চহৰত ৰাছিয়াৰ মিছাইল আক্ৰমণৰ ফলত প্ৰায় বিধ্বস্ত হৈ পৰিছে ইউক্ৰেইন। ৰাছিয়াই সোমবাৰে ইউক্ৰেইনত এক মাৰাত্মক আক্ৰমণ চলাইছিল। এই মিছাইল আক্ৰমণত কমেও ১৯ জন লোক নিহত হোৱাৰ লগতে আন ১০০ ৰো অধিক লোক আহত হৈছে।
ৰাছিয়াৰ এই ভয়ংকৰ মিছাইল আক্ৰমণক লৈ ব্যাপক উত্তেজনা অব্যাহত আছে। আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমীয়া দেশসমূহে এই অভূতপূৰ্ব মিছাইল আক্ৰমণৰ বাবে ক্ষোভ প্ৰকাশ কৰি গৰিহনা দিছে।
লগতে পঢ়ক: আৰু নহয়! এইবাৰ ৰাছিয়াৰ বিৰুদ্ধে ভোট দিলে ভাৰতে
ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত সামৰিক মিত্ৰজোঁট নাটোৱে এই উত্তেজনা আৰু অধিক বৃদ্ধি কৰি অহা সপ্তাহত বাৰ্ষিক পাৰমাণৱিক অনুশীলন কৰাৰ কথা ঘোষণা কৰিছে।
মিত্ৰজোঁটৰ মহাসচিব জেনছ ষ্টলটেনবাৰ্গে মঙলবাৰে ব্ৰাছেলছত ঘোষণা কৰে যে ৩০ সদস্যযুক্ত নাটোৰ ১৪ খন দেশে ‘ষ্টিডফাষ্ট নুন’ নামৰ এক অনুশীলনত অংশগ্ৰহণ কৰিব।
ষ্টলটেনবাৰ্গে কয়, “এই অনুশীলনৰ জৰিয়তে আমি জনাই দিব বিচাৰো যে আমাৰ পৰমানু অস্ত্ৰসমূহ নিৰাপদ, সুৰক্ষিত আৰু কাৰ্যকৰী হৈ আছে।”
লগতে পঢ়ক: বিজেপি নেতাৰ কুকীৰ্তি! ১৬ জন দলিত শ্ৰমিকক বন্দী কৰি নিৰ্যাতন; প্ৰহাৰৰ ফলত গৰ্ভপাত মহিলাৰ
নাটো মিত্ৰজোঁটে এই অনুশীলনত ইউৰোপত নিয়োজিত হৈ থকা পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব। অনুশীলনৰ মুখ্য অংশটো ৰাছিয়াৰ মূল ভূখণ্ডৰ পৰা ১,০০০ কিলোমিটাৰৰো অধিক দূৰত্বত সম্পন্ন কৰা হ’ব।
নাটোৰ মহাসচিবগৰাকীয়ে কয়, “যদি আমি এক নিয়মীয়া আৰু দীৰ্ঘ পূৰ্ব পৰিকল্পিত অনুশীলন বাতিল কৰোঁ, ইউক্ৰেইনত চলি থকা যুদ্ধৰ বাবে ই বহুতলৈ ভুল বাৰ্তা প্ৰেৰণ কৰিব।”
ৰাছিয়াই ইউক্ৰেইনত চলাই থকা সামৰিক অভিযানৰ সময়ত পশ্চিমীয়া দেশসমূহ ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত পোনপটীয়াকৈ জড়িত নহয় যদিও তেওঁলোকে কিয়েভক বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰে সহায় কৰি আহিছে।
লগতে পঢ়ক: গুৱাহাটীত গ্ৰেপ্তাৰ ভুৱা পৰিচয়েৰে লুটিবলৈ চেষ্টা কৰা তিনি ছদ্মবেশী দুৰ্নীতি বিৰোধী শাখাৰ বিষয়া!
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে শেহতীয়াকৈ ইউক্ৰেইনৰ যুদ্ধত যিকোনো ধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰাৰ ভাবুকি দিছে। নাটোৰ মহাসচিব ষ্টলটেনবাৰ্গে মঙলবাৰৰ ভাষণত পুটিনক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁৰ ভাবুকিত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰোক্ষ ইঙ্গিত আছে।