নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৰ বাবে এক ডাঙৰ সফলতা। বাণিজ্যিক চহৰ মুম্বাইত অভিযান চলাই উদ্ধাৰ হৈছে বিপুল পৰিমাণৰ ড্ৰাগছ। জব্দ কৰা ড্ৰাগছৰ বজাৰ মূল্য প্ৰায় ১,৭৪৫ কোটি টকা।
সংশ্লিষ্ট মহলে এই ঘটনাক আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ চক্ৰৰ বিৰুদ্ধে ডাঙৰ সফলতা বুলি গণ্য কৰে। জানিব পৰা মতে, গোপন সূত্ৰৰ জৰিয়তে এনচিবিৰ বিষয়াসকলৰ ওচৰলৈ এই তথ্য আহিছিল। তাৰ পিছত অভিযানৰ পৰিকল্পনা কৰা হয়। নৱী মুম্বাই-থানে অঞ্চলৰ কালম্বোলি-ভিৱাণ্ডী কৰিডৰ এলেকাত অভিযান চলায় বিষয়াসকলে।
জানিব পৰা মতে, সেই অঞ্চলৰ দুটা স্থানৰ পৰা এই বিপুল পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ কোকেইন উদ্ধাৰ কৰা হৈছে। মুঠ কোকেইন উদ্ধাৰ হৈছে ৩৪৯ কেজি। প্ৰথমটো অভিযান কালাম্বলীৰ কে ডব্লিউ চি গুদাম কমপ্লেক্সৰ সমীপত চলোৱা হয়। এখন মাৰুতি গাড়ী জব্দ কৰি তালাচী চলায়। কাৰ্টুনটোত আছিল ক্ৰিকেট পেড আৰু গ্ল’ভছ। সেই সঁজুলিৰ ভিতৰতে ড্ৰাগছ ভৰাই সৰবৰাহ কৰা হৈছিল! এক কেজিৰ মুঠ ১৩৬টা পেকেট পোৱা গৈছিল।
এই ঘটনাত এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। নিৰন্তৰ জেৰাৰ অন্তত অধিক তথ্য লাভ কৰা হৈছে। জানিব পৰা মতে, এটা গুদামত আৰু অধিক ড্ৰাগছ লুকুৱাই ৰখা হৈছিল।
ইয়াৰ পিছতে তদন্তকাৰীয়ে ভিৱাণ্ডিৰ ৰেহনাল গাঁৱৰ লক্ষ্মণ চৌহদৰ এটা গুদামত অভিযান চলায়। তাতো একেধৰণৰ এক কেজি কোকেইনৰ পেকেট পোৱা গৈছে। অৱশ্যে এই সংখ্যা বহু বেছি আছিল, মুঠতে ২১৩ টা। প্ৰথম আৰু দ্বিতীয় অভিযানত মুঠ ৩৪৯ কেজি কোকেইন জব্দ কৰা হৈছে।
তদন্তকাৰীয়ে প্ৰথমে জানিবলৈ দিয়া মতে, গুদামত উদ্ধাৰ হোৱা কোকেইন সামগ্ৰীৰ খালী অংশত চোৰাংভাৱে সৰবৰাহ কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় চৰকাৰে ড্ৰাগছৰ চক্ৰটো শিপাই-মূলে উভালি পেলাবলৈ বদ্ধপৰিকৰ বুলি বাৰ্তা দিয়ে। এই অভিযানত এটা ডাঙৰ আন্তঃৰাষ্ট্ৰীয় চক্ৰ উৎখাত হ’ল। তেওঁ সমগ্ৰ এনচিবিৰ দলটোক অভিনন্দন জনায়।





