• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বিজেপিৰ কংগ্ৰেছ শূন্য উত্তৰ-পূব কিমান দূৰ: বিধেয়ক বিৰোধী আন্দোলনত স্থিতি হেৰাল নেকি নেডাৰ?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
February 28, 2019 4:19 pm
Himanta-Biswa-Sarma-570x320

নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূবক কংগ্ৰেছ শূন্য কৰাৰ লক্ষ্যৰে গঠন হোৱা নৰ্থ ইষ্ট ডেম’ক্ৰেটিক এলাইয়েন্স চমুকৈ নেডাৰ বৰ্তমান নিজৰেই অৱস্থান শূন্য হোৱাৰ দিশে আগবাঢ়িছে যেন দেখা গৈছে। নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগকলৈ উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপি নেতৃত্বৰ চৰকাৰ কেইখনৰ লগতে ইয়াৰ সহযোগী দলৰ চৰকাৰৰ নেতৃত্বইয়ো বিধেয়ক বিৰোধী স্থিতি গ্ৰহণ কৰাটো তাৎপৰ্যপূৰ্ণ হিচাপে পৰিগণিত হৈছে। একমাত্ৰ বিজেপি শাসিত অসম চৰকাৰৰ নেতৃত্বইহে বিধেয়কৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপি নেতৃত্ব তথা ইয়াৰ সহযোগী দলৰ নেতৃত্বই এই সন্দৰ্ভত গ্ৰহণ কৰা ভূমিকাই নেডাৰ ভৱিষ্যতৰ প্ৰতিও শংকাৰ সৃষ্টি কৰিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ অসমক বাদ দি বাকী বিজেপি নেতৃত্বৰ লগতে ইয়াৰ সহযোগী দলবোৰে নতুন দিল্লীক এটা কথা স্পষ্টভাৱে বুজাই দিছে যে ই কেন্দ্ৰৰ শ্ৰুতলিপিত চলিবলৈ বাধ্য নহয় আৰু পৰিস্থিতি সাপেক্ষে জাটি-মাটি-ভেটিৰ স্বাৰ্থত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সাজু আছে।

Apply Now

নিজৰ জাতীয় স্বাভিমানৰ প্ৰতি দায়বদ্ধ তথা ভৱিষ্যতৰ প্ৰতি দৃষ্টি ৰখা এই নেতাসকলে এটা কথা বুজি উঠিছে যে নতুন দিল্লীৰ সকলো নীতি বিনা প্ৰতিবদে মানি লোৱাটো উত্তৰ-পূবৰ ভৱিষ্যতৰ বাবে শুভদায়ক নহয়। সেয়েহে, খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থত তেওঁলোকে নাগৰিকত্ব বিধেয়কখনক জাতিধ্বংসী বিধেয়ক হিচাপে ধৰি লৈ ইয়াৰ স্পষ্ট বিৰোধিতা কৰিছে।

নেডাৰ ছাতিৰ তলত সমবেত হোৱা উত্তৰ-পূবৰ এই জাতীয়তাবাদী নেতাসকলে নিজৰ ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰতিবদৰ ভাষা বুজি ইয়াৰ প্ৰতি সমৰ্থন জনাইছে। তদুপৰি, এই নেতাসকলে নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে শংকিত হৈয়ো জনসাধাৰণৰ ইচ্ছাৰ বিৰুদ্ধে থিয় দিয়াৰ সাহস কৰা নাই। সেয়েহে, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই এতিয়া নিজেই নেডাৰ দায়িত্বৰ পৰা ছত্ৰভংগ দিয়া যেনহে দেখা গৈছে।

নেডাক ধৰি ৰখাত ব্যৰ্থ হোৱা নেতাগৰাকীয়ে এতিয়া নিজেই নিৰ্বাচন খেলি নতুন দিল্লীলৈ যোৱাৰ মন মেলিছে। তেওঁ এটা কথা বুজি উঠিছে যে নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব নোৱাৰিলে দলতেই নহয় ৰাজনীতিৰ ক্ষেত্ৰখনতে প্ৰাসংগিকতা হেৰুৱাব লাগিব।

উল্লেখযোগ্য যে বিধেয়ক বিৰোধী আন্দোলনৰ পাছতেই নেডাৰ কামকাজৰ পৰিসৰো সীমিত হৈ পৰিছে। নেডাৰ আহ্বায়কগৰাকী এতিয়া অসমৰ ৰাজনীতিতে ব্যস্ত হৈ পৰিছে আৰু দলত নিজকে প্ৰতিষ্ঠিত কৰাৰ বাবে কঠোৰ সংগ্ৰামত অৱতীৰ্ণ হৈছে।নিজকে বিজেপিৰ অপৰিহাৰ্য নেতা হিচাপে প্ৰতিষ্ঠা কৰাত ব্ৰতী হিমন্ত বিশ্ব শৰ্মাই এতিয়া আৰু নেডাৰ বাবে সময় দিব পৰা অৱস্থা নাই।নিৰ্বাচনত অৱতীৰ্ণ হ’লে নিজৰ অস্তিত্বৰ যুঁজত ব্যস্ত থাকিবলগীয়া নেতাগৰাকীয়ে নেডাক ধৰি ৰখাৰ যুঁজত সময় দিব পৰাটো সম্ভৱ নহয়। আনহাতে, উত্তৰ-পূবৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিত নেডাৰ আহ্বায়কগৰাকীৰ ভূমিকাও আছিল তেনেই দুৰ্বল।

নেডাক বাস্তৱতে ধৰি ৰখাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা নেডাৰ আহ্বায়কগৰাকীৰ উত্তৰ-পূবৰ ৰাজনীতিত গ্ৰহণযোগ্যতা হ্ৰাস পোৱাটোৱে নেডাৰ দায়িত্ব আন কোনো নেতাৰ হাতলৈ যোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। এইক্ষেত্ৰত অসমৰ বাহিৰে আন এখন উত্তৰ-পূবৰ ৰাজ্যৰ নেতাই এই দায়িত্ব পাব পাৰে। কিয়নো উত্তৰ-পূবৰ বাকী ৰাজ্য কেইখনৰ কোনো এজন জনপ্ৰিয় নেতাক এই দায়িত্ব অৰ্পণ কৰিলে বিজেপিয়ে সুফল লাভ কৰাৰ লগতে কংগ্ৰেছৰ বাবেও শংকা বৃদ্ধি পাব পাৰে।

আনহাতে,উত্তৰ-পূবৰ বাকী ৰাজ্যকেইখনত কেইবাজনো এনে নেতা আছে যাৰ বিৰুদ্ধে দুৰ্নীতি বা দল বাগৰাৰ ৰাজনীতিৰ অভিযোগ নাই। তদুপৰি, এই মুহূৰ্তত অসমৰ বাহিৰে বাকী কেইখন ৰাজ্যত বিজেপিয়ে নিজৰ স্থিতি সুদৃঢ় কৰি তোলাৰ বাবে এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

আনহাতে, উত্তৰ-পূবত কংগ্ৰেছে পুনৰ ক্ষমতালৈ অহাৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। পূৰ্বৰে পৰা এক শক্তিশালী স্থিতি থকা কংগ্ৰেছক শাসন-ক্ষমতাৰ পৰা আঁতৰাই ৰাখিবলৈ হ’লে বিজেপিয়ে এই ৰাজ্যকেইখনৰ জনজাতীয় নেতাসকলৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব আৰু তেওঁলোকক উপযুক্ত স্থানত অধিষ্ঠিত কৰি ঐক্যবদ্ধ শক্তি গঢ়ি তুলিব লাগিব।

অসমত বিজেপিৰ মাজত দুটা শিৱিৰত বিভক্ত নেতাসকলৰ ভিতৰত কংগ্ৰেছী শিৱিৰৰ পৰা প্ৰব্ৰজন ঘটা নেতাসকলৰ স্থিতি সন্দেহজনক বুলি জনসাধাৰণে মত ব্যক্ত কৰি আহিছে। আনহাত, জাতীয়তাবাদী শিৱিৰৰ নেতাসকলে অসমত বিজেপিক যি শক্তি আনি দিছে সেয়া অক্ষুন্ন ৰাখিবলগীয়া হ’লে জনগোষ্ঠীয় নেতাসকলক অগ্ৰাধিকাৰ দিয়াটো অৱশ্যেই গুৰুত্বপূৰ্ণ।

বিধেয়ক বিৰোধী আন্দোলনৰ পাছতে প্ৰায় গুৰুত্বহীন হৈ পৰা নেডাৰ দায়িত্বও কোনো এগৰাকী জনগোষ্ঠীয় নেতাক অপৰ্ণ কৰি বিজেপিয়ে উত্তৰ-পূৰ্বাঞ্চলত তেওঁলোকৰ স্থিতি ধৰি ৰখাৰ প্ৰয়াস কৰিব পাৰে। কিয়নো কংগ্ৰেছে বিজেপিক জনজাতীয় বিৰোধী বুলি এবাৰ প্ৰতিষ্ঠিত কৰিব পাৰিলেই উত্তৰ-পূবত বিজেপিৰ ভেটি উছন হোৱাটোও ডাঙৰ কথা নহয়।

সেয়ে হ’লে, কংগ্ৰেছ মুক্ত উত্তৰ-পূব গঢ়াৰ বিজেপিৰ লক্ষ্য আধৰুৱাই নহয় সুদূৰ পৰাহতও হৈ পৰিব। নেডাৰ আহ্বায়কগৰাকী কংগ্ৰেছ মূলৰ পৰা অহা নেতা হোৱা বাবে পূৰ্বৰে পৰা কংগ্ৰেছবিৰোধী আৰু জাতীয়তাবাদী আঞ্চলিক নেতাসকলে ভৰসা লাভ নকৰিবও পাৰে। যাৰ বাবে শেহতীয়াকৈ নেডাৰ ভূমিকা সীমিত হোৱাৰ লগতে গুৰুত্বহীনো হৈ পৰিছে।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd