• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰী: ১০ লাখত কিনি ১৫ লাখত বিক্ৰী, চিবিআইৰ জালত আয়ুৰ্বেদিক চিকিৎসক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2026 5:31 pm
108
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি অনুষ্ঠিত হোৱা নিট-ইউজি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাই এতিয়া সমগ্ৰ দেশৰ ২২ লাখৰো অধিক পৰীক্ষাৰ্থীক তীব্ৰ বিভ্ৰান্তি আৰু হাৰাশাস্তিৰ মাজলৈ ঠেলি দিছে। শেহতীয়া তদন্তৰ পৰা পোহৰলৈ আহিছে যে মহাৰাষ্ট্ৰৰ নাছিকত প্ৰথমে মাত্ৰ ১০ লাখ টকাত এই প্ৰশ্নকাকত ক্ৰয় কৰা হৈছিল। পৰৱৰ্তী সময়ত সেই একেখন প্ৰশ্নকাকত হাৰিয়ানাত ১৫ লাখ টকাত বিক্ৰী কৰা হয়। তদন্তকাৰী বিষয়াসকলে জানিবলৈ দিয়া মতে, এই বৃহৎ কেলেংকাৰীৰ আৰম্ভণি নাছিক চহৰৰ পৰাই হৈছিল আৰু তাতেই প্ৰশ্নকাকতখনৰ প্ৰথমটো ডিজিটেল কপি ফাদিল কৰা হৈছিল।

এই কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে শুভম খাইৰনাৰ নামৰ এজন আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানৰ ছাত্ৰক আটক কৰিছে। নাছিকৰ নন্দগাঁৱৰ বাসিন্দা শুভমে পুনেৰ ধনঞ্জয় নামৰ আন এজন ব্যক্তিৰ সৈতে মিলি প্ৰশ্নকাকত ফাদিলৰ এই বৃহৎ ষড়যন্ত্ৰ ৰচনা কৰিছিল। অভিযোগ অনুসৰি, শুভমে ধনঞ্জয়ৰ পৰা ১০ লাখ টকাত প্ৰশ্নকাকতখন কিনিছিল আৰু পিছত টেলিগ্ৰাম এপৰ জৰিয়তে ১৫ লাখ টকাত আনক বিক্ৰী কৰিছিল। তেওঁক সোধা-পোছা কৰাৰ পিছতে তদন্তকাৰী সংস্থাই জানিব পাৰিছে যে এই ফাদিল হোৱা প্ৰশ্নকাকত মহাৰাষ্ট্ৰৰ পৰা হাৰিয়ানাৰ গুৰুগ্ৰাম, ৰাজস্থানৰ জয়পুৰ আৰু ছিকাৰৰ লগতে বিহাৰ আৰু জম্মু-কাশ্মীৰলৈকো বৃহৎ ধনৰ বিনিময়ত বিয়পি পৰিছিল।

Apply Now

তদন্তৰ এক অংশ হিচাপে চিবিআইয়ে ৰাজস্থানৰ পৰা মংগিলাল আৰু দিনেশ বিৱাল নামৰ দুজন ভাতৃক গ্ৰেপ্তাৰ কৰিছে। জামৱা ৰামগড়ৰ বাসিন্দা এই দুই ভাতৃয়ে পৰীক্ষাৰ এসপ্তাহ পূৰ্বে, অৰ্থাৎ ২৬ এপ্ৰিলত গুৰুগ্ৰামৰ এজন চিকিৎসকৰ পৰা ৩০ লাখ টকাত নিটৰ প্ৰশ্নকাকত কিনিছিল। পিছত ২৯ এপ্ৰিলত তেওঁলোকে সেইখন আৰু অধিক দামত আন বহুতকে বিক্ৰী কৰে। তেওঁলোকৰ মাজৰে এজনে ছিকাৰত চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল। সেয়েহে তদন্তকাৰীয়ে সন্দেহ কৰিছে যে ছিকাৰ অঞ্চলটোৱেই এই সমগ্ৰ কেলেংকাৰীৰ মূল কেন্দ্ৰবিন্দু হিচাপে কাম কৰিছিল।

যোৱা ৩ মে’ত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অনুষ্ঠিত কৰা এই নিট পৰীক্ষাত প্ৰায় ২৩ লাখ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। কিন্তু অতিৰিক্ত সঞ্চালক প্ৰধান বিশাল বংশালে প্ৰকাশ কৰা অনুসৰি, পৰীক্ষাৰ এমাহ আগতেই একাংশ ছাত্ৰৰ হাতত ৪১০টা প্ৰশ্নৰ এটা গোট পৰিছিল। পৰীক্ষাৰ অন্তত দেখা গ’ল যে তাৰে ১২০টা ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন প্ৰকৃত প্ৰশ্নকাকতৰ সৈতে হুবহু মিলি গৈছে। কেৱল প্ৰশ্নই নহয়, উত্তৰৰ বিকল্পসমূহো একেই আছিল। আন এক সূত্ৰই দাবী কৰা অনুসৰি, ফাদিল হোৱা ২৮১টা প্ৰশ্নৰ ভিতৰত ১৩৫টা প্ৰশ্নই মূল পৰীক্ষাত অহা প্ৰশ্নৰ সৈতে মিলি গৈছিল।

এই সমগ্ৰ খণ্ডটোক লৈ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী আৰু আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালেও কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। ২০২৪ চনৰ নিট পৰীক্ষাৰ দৰেই এইবাৰো দেশৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ টকাত প্ৰশ্নকাকত বিক্ৰী হোৱা ঘটনাত বিৰোধীয়ে চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এই সকলোবোৰ অভিযোগ আৰু প্ৰশ্নকাকত ফাদিলৰ তথ্য পোহৰলৈ অহাৰ মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ৩ মে’ত অনুষ্ঠিত হোৱা পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰে। বৰ্তমান চিবিআইয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত চলাই আছে আৰু পৰীক্ষা বাতিল হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে এতিয়া পুনৰবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd