• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2026 9:59 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ অন্যতম ডাঙৰ প্ৰতিযোগিতামূলক পৰীক্ষা নিট-ইউজি (NEET-UG)ৰ প্ৰশ্নকাকত ফাদিল কাণ্ডত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই (CBI)-য়ে দাখিল কৰা প্ৰায় ২০ হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বীটৰ পৰা জনা গৈছে যে ‘FIFA World Cup 2026’ নামৰ এটা হোৱাটছএপ গ্ৰুপৰ জৰিয়তে এই সমগ্ৰ কেলেংকাৰীটো চলোৱা হৈছিল। বাহিৰৰ পৰা ফুটবল প্ৰেমীৰ আড্ডা যেন লাগিলেও, আচলতে ইয়াতেই নিট পৰীক্ষাৰ গোপন তথ্য আদান-প্ৰদান কৰা হৈছিল।

চিবিআইৰ তদন্ত অনুসৰি, এই ‘FIFA World Cup 2026’ গ্ৰুপটোত মুঠ ৮ জন সদস্য আছিল। ইয়াৰ জৰিয়তেই এনটিএ (NTA)-ৰ চুক্তিভিত্তিক বিষয়-বিশেষজ্ঞ পি ভি কুলকাৰ্নি আৰু মনীষা মান্ধাৰেৰ দৰে মূল অভিযুক্তৰ নাম পোহৰলৈ আহে। গ্ৰুপটোত বিশেষ বায়’লজি ক্লাছ, সময়সূচী আৰু পৰীক্ষাৰ পিছৰ নম্বৰ গণনাক লৈ নিয়মিত আলোচনা চলিছিল।

Apply Now

পুনেৰ মনীষা ৱাঘমাৰে নামৰ মহিলাগৰাকী এই সমগ্ৰ চক্ৰটোৰ মুখ্য সংযোগকাৰী আছিল। তেওঁ এনটিএৰ অনুমোদিত অনুবাদক আৰু প্ৰুফৰিডাৰ আছিল। তেওঁ পৰীক্ষাৰ্থীসকলক বিশেষজ্ঞসকলৰ ক্লাছত যোগদান কৰাই দিছিল আৰু দাবী কৰিছিল যে এই ক্লাছসমূহৰ পৰাই নিট পৰীক্ষাৰ প্ৰশ্ন আহিব।

মনীষা ৱাঘমাৰৰ স্বামীৰ পুনেত থকা ডেন্টেল ক্লিনিকখনক প্ৰশ্নকাকত ফাদিলৰ মূল কেন্দ্র হিচাপে ব্যৱহাৰ কৰা হৈছিল। তাৰ পৰাই পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞানৰ ফাদিল হোৱা প্ৰশ্নৰ ডিজিটেল কপি জব্দ কৰা হৈছে।

মনীষা মান্ধাৰে পুনেৰ নিজৰ ফ্লেটত শিক্ষাৰ্থীসকলক লৈ বিশেষ অফলাইন ক্লাছ লৈছিল। তাত তেওঁ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ NCERT কিতাপৰ নিৰ্দিষ্ট অংশ ৰঙা ৰঙেৰে চিহ্নিত কৰাই কাষত প্ৰশ্ন লিখাই দিছিল আৰু সুকীয়া বহীত উত্তৰ লিখাই নিজেই শুধৰাই দিছিল।

ঠিক একেদৰে, ৰসায়ন বিজ্ঞানৰ বিশেষজ্ঞ পি ভি কুলকাৰ্নিয়েও নিজৰ ঘৰত ৯ জন শিক্ষাৰ্থীক লৈ ফাদিল হোৱা প্ৰশ্ন ব্যৱহাৰ কৰি বিশেষ ক্লাছ লৈছিল।

পৰীক্ষাৰ পিছত চিবিআইয়ে শিক্ষাৰ্থীসকলৰ সেই বিশেষ বহী আৰু প্ৰকৃত নিট-ইউজিৰ প্ৰশ্নকাকত মিলাই চাই দেখা পায় যে অধিকাংশ প্ৰশ্নেই হুবহু একে আছিল।

তদন্তত ‘NEET 2026’ নামৰ আন এটা গোপন হোৱাটছএপ গ্ৰুপৰো সন্ধান পোৱা গৈছে। এই কেলেংকাৰীত জড়িত একাধিক লোকক ইতিমধ্যে চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে। পদাৰ্থ বিজ্ঞানৰ বিশেষজ্ঞ মনীষা হাবালদাৰৰ বিৰুদ্ধেও টকাৰ বিনিময়ত হাতেলিখা ৬৬ টা প্ৰশ্ন ফাদিল কৰাৰ অভিযোগ উঠিছে।

চিবিআইয়ে বৰ্তমান সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm
পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

September 5, 2026 4:00 pm
চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

September 5, 2026 3:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd