(এক)
ক্ষমতাসীন বিজেপি চৰকাৰখনৰ মতে সাম্প্ৰতিক আমাৰ দেশখনে শিক্ষা, স্বাস্থ্য, অর্থনীতি সকলো ক্ষেত্রতে অভিলেখ গঢ়ি অগ্ৰসৰ হৈছে। যোৱা দহ জুন তাৰিখে প্রধানমন্ত্রী মোডীয়ে ভাৰতবৰ্ষৰ নিৰ্বাচিত প্রধানমন্ত্রী হিচাপে পূৰ্ব্বসূৰী নেহৰুক অতিক্ৰম কৰিছে এটা অনন্য অভিলেখ, অন্তত বিজেপি দলৰ মতে। এই বল্লাহীন উন্নয়নৰ আঁত ধৰি কিছু সংবাদ মাধ্যম, বুদ্ধিজীৱী অত্যুৎসাহী হৈ ঘোষণা কৰিছে যে ভাৰত হেনো বিশ্বগুৰু হ’বলৈ গৈছে, অৱধাৰিতভাৱে সেই বিশ্ব গুৰুৰ মুকুট পৰিধান কৰিব মোডী ডাঙৰীয়াই। অৱশ্যে সচেতন ভাৰতীয় দ্বিধাগ্রস্ত হৈছে, বিশ্বগুৰু কি অর্থত বা কি প্রসংগত হ’ব শিক্ষা, উন্নয়ন, গণতান্ত্রিক অধিকাৰ, এইবোৰৰ ক্ষেত্ৰত নে কুসংস্কাৰ, অন্ধবিশ্বাস, ধৰ্ম-জাতিৰ বিচাৰৰ দেশখনক আকৌ এলান্ধুকলীয়া মধ্যযুগলৈ ঘূৰাই নিয়াৰ প্ৰসংগত? বিজেপি দল বা প্রধানমন্ত্রীজনে তুচ্ছ ঘাঁহ-পাতৰ পৰা একেবাৰে মংগল অভিযানলৈ, সকলো ক্ষেত্ৰতে নেহৰুক জড়িত কৰি তেওঁক নস্যাৎ কৰিব খোজে। দুই জনৰ তুলনাত আমি পটভূমি বিচাৰ কৰিব লাগিব। নেহৰুৱে ১৯৪৭ চনত কেৱল গোড়ামী, কুসংস্কাৰত নিমজ্জিত, সর্বোপৰি ৰাজতন্ত্র শাসিত (মাত্র ১৩% শিক্ষিত) এখন ভাৰতবৰ্ষ আৰু মোডীয়ে পাইছিল শিক্ষা, প্রযুক্তিৰে সংপৃক্ত এখন গণতান্ত্রিক (৭৩% শিক্ষিত) ৰাষ্ট্ৰ। বিশ্বগুৰুৰ অৰ্হতা কি বা বিশ্বগুৰু আচলতে কোন মোডী নে নেহৰু, সেয়া ইতিহাসে নিশ্চয়কৈ বিচাৰ কৰিব। আমাৰ এই আলোচনাত আমি কিছু দেখা-শুনা ঘটনাৰহে পৰ্যবেক্ষণ কৰিম।
এইটো কোনেও বিন্দুমাত্র অস্বীকাৰ নকৰিব যে নিৰান্ন, নিৰাশ্ৰয় আৰু নিৰক্ষৰ কোটি কোটি ভাৰতীয়ক আজিৰ অৱস্থা পোৱাত অন্যতম ভূমিকা (একমাত্র নহয়) লোৱাজনেই আছিল নেহৰু। প্রায় একে সময়তে স্বাধীনতাপ্রাপ্ত দেশবোৰ অৰ্থাৎ পাকিস্তান, শ্রীলংকা, ব্রহ্মদেশ আদি আজিও গণতান্ত্রিকভাৱে অস্থিৰ। নেহৰুৰ নেতৃত্বত যেতিয়া প্রায়ে চাৰে সোতৰ কোটি ভাৰতীয়ই (যাৰ বৃহৎ সংখ্যকে গণতন্ত্ৰৰ অৰ্থই বুজা নাছিল, যিহেতু তেতিয়াৰ ভাৰতখন প্রায় ৫৫০ খন দেশীয় ৰাজতন্ত্ৰৰ একীকৰণহে আছিল) প্রথম ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ (১৯৫১, ২৫ অক্টোবৰ) অগ্ৰসৰ হৈছিল, তাৰ ঠিক ন দিন আগতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী লিয়াকৎ খানক গুলীয়াই হত্যা কৰা হৈছিল, পাকিস্তান আজিও অস্থিৰ। কোনোবাই অস্বীকাৰ কৰিলেও, ইতিহাসে সোঁৱৰাই দিব যে নেহৰুৱেই আছিল এই সকলোবোৰৰ অন্যতম গুৰি ধৰোতা। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো নেহৰু আছিল খুবেই সন্মানীয়। ৰাছিয়াত কট্টৰ কমিউনিষ্ট শাসন চলি থকা অৱস্থাতে ১৯৫৮ চনত লিখক বৰিছ পেষ্টাৰনাক তেওঁৰ বিতর্কিত গ্রন্থ ‘ড° ঝিভাগো’ৰ বাবে ন’বেল বঁটা ল’বলৈ ষ্টক্হ’মলৈ যাবলৈ অনুমতি দিয়া নাছিল, বৰঞ্চ তেওঁক দেশৰ পৰা নিৰ্বাসন দিয়াৰহে যো-জা চলাইছিল। তেতিয়া বৃটিছ লিখক, দার্শনিক আলডাউছ হাক্সলি আৰু ষ্টিভেন স্পেন্দাৰকে ধৰি বহু বিশিষ্ট লোকে বৰিছ পেষ্টাৰনাকৰ হৈ মাত মাতিবলৈ লণ্ডনত এখন সমিতি গঠন কৰে আৰু তাৰ অধ্যক্ষ পাতিছিল এজন মুগবৰণীয়া ভাৰতীয়ক, অর্থাৎ জৱাহৰলাল নেহৰুক। নেহৰুৱে তেওঁৰ স্বভাৱসিদ্ধ বাক্-পটুতা আৰু পাণ্ডিত্যৰে ৰুছ ৰাষ্ট্ৰপতি নিকিটা ক্রুশ্চেভৰ লগত আলোচনা কৰিছিল। যদিও ৰুছ চৰকাৰে পেষ্টাৰনাকক বঁটা ল’বলৈ যাবলৈ অনুমতি নিদিলে, কিন্তু তেওঁৰ দেশান্তৰকে ধৰি অন্য শাস্তিৰ পৰা ৰেহাই দিলে। এই ঘটনাটোৱে নেহৰুক আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত খুবেই গুৰুত্বপূৰ্ণ কৰি তুলিছিল। ঠিক একে ঘটনা ঘটিছিল যুগোশ্লাভিয়াত। যুগোশ্লাভিয়াৰ ৰাষ্ট্ৰপতি মার্শাল জছিপ টিটোৱে পিচলৈ স্বৈৰতন্ত্ৰৰ পাতনি মেলি তেওঁৰ বিৰোধীক অকথ্য অত্যাচাৰ কৰিছিল। টিট’ৰ একালৰ সহযোগী আৰু পিছত অন্যতম বিৰোধী হোৱা মিলোভান জিলাছক (Milovan Djilas) অকথ্য যাতনাৰে কাৰাবাস দিছিল, তেতিয়া জিলাছৰ পত্নী আৰু যুগোশ্লাভিয়াৰ কিছু বিশিষ্ট লোকে নেহৰুক অনুৰোধ কৰিছিল, যাতে টিট’ৰ লগত থকা ব্যক্তিগত সম্পৰ্কৰ দোহাই নেহৰুৱে কিবা এটা কৰিব পাৰে। নেহৰুৱে জিলাছক টিট’ৰ দ্বাৰা ক্ষমাদান কৰাই জেলযাত্ৰাৰ পৰা সম্পূৰ্ণ মুক্তি দিবলৈ সক্ষম হৈছিল। সেই সময়ত নেহৰু আছিল গোষ্ঠী নিৰপেক্ষ সম্মিলনৰ সভাপতি। উপৰি উক্ত ঘটনা দুটিত নেহৰুৱে বিশ্বগুৰু বুলি দাবী কৰা নাছিল, কিন্তু তেওঁৰ কৰ্মৰাজি বিশ্বগুৰুৰ লেখীয়াই আছিল।
নেহৰুৰ ৰাজনৈতিক বিচক্ষণতা আৰু দূৰদৰ্শিতাৰ অন্যতম প্রমাণ পোৱা গৈছিল গোষ্ঠী নিৰপেক্ষ সম্মিলন নামৰ ৰাজনৈতিক গ্ৰুপটোৰ উত্থানত। ১৯৬০ চনৰ আগে-পিছে প্ৰায়বোৰ উপনিবেশেই স্বাধীন ৰাষ্ট্ৰ হৈছিল। দ্বিতীয় বিশ্বযুদ্ধত জার্মানীক পৰাস্ত কৰাৰ সূত্রে তদানীন্তন ছোভিয়েট যুক্তৰাষ্ট্ৰ খুব শক্তিশালী হৈ উঠিছিল। ইফালে পুজিবাদী আমেৰিকাও সামৰিক শক্তিৰে বলীয়ান হৈ পৰিছিল। দুই বিপৰীত মেৰুৰ আদৰ্শ সূত্ৰে, ৰাছিয়া-আমেৰিকাৰ মাজত আৰম্ভ হৈছিল শীতল যুদ্ধ। সদ্য স্বাধীনতাপ্রাপ্ত দেশসমূহে কোনো এটা গ্ৰুপত চামিল হ’ব লগা হৈছিল। কিন্তু নেহৰুৰ যুক্তি আছিল অকাট্য— শতাব্দী জোৰা পৰাধীনতাৰ পৰা সদ্য মুক্ত দেশবোৰে ৰাছিয়া বা আমেৰিকাৰ নেতৃত্বৰ গ্ৰুপত চামিল হৈ মূৰ দোৱাই থাকিব নোখোজে, ফলত আৰম্ভ হ’ল গোষ্ঠী নিৰপেক্ষ তত্বৰ আৰু সেইমতে ১৯৫৫ চনত বাণ্ডুং কনফাৰেন্সত গোষ্ঠী নিৰপেক্ষ সন্মিলনৰ (ভাৰত, যুগোশ্লাভিয়া, ইণ্ডোনেছিয়া, ইজিপ্ত আৰু ঘানাৰ সদস্যভূক্তিৰে) জন্ম হয়। আৰু আজি প্রায় ১২০ খন সদস্য দেশৰে গোষ্ঠী নিৰপেক্ষ সন্মিলন বর্তি আছে (অৱশ্যে বৰ্তমানৰ এক মেৰু সৰ্বস্ব বিশ্বত ইয়াৰ প্ৰভাৱ খুবেই সীমিত হৈ পৰিছে)।
(দুই)
অকল প্রজ্ঞা বা বিচক্ষণতাই নহয়, সময়ত নেহৰুৰ দূৰদৰ্শিতা আৰু সাহসৰ বাবেও তেওঁ আন্তঃৰাষ্ট্ৰীয় পর্যায়ত উজলি উঠিছিল। এটা বিতৰ্কিত ঘটনাৰ বাবে ইজিপ্ত চৰকাৰে ১৯৫৬ চনত চুয়েজ খালক ৰাষ্ট্ৰীয়কৰণ কৰিছিল আৰু নেহৰুৱে ইয়াক সমর্থন কৰিছিল। লগে লগে ইজৰাইলে ফ্রান্স আৰু ইংলেণ্ডৰ সৈতে ইজিপ্তৰ ওপৰত আক্ৰমণ কৰি দিলে। তেতিয়া নেহৰুৱে তেওঁৰ কূটনীতি আৰু বিচক্ষণতাৰে ৰাষ্ট্ৰসংঘত ইৰাণৰ (ইজিপ্তৰ) ফলীয়া হৈ যুদ্ধ বন্ধ কৰিছিল। এখন সদ্য মুক্ত, তদুপৰি গৰীৱ দেশখনৰ প্রধানমন্ত্রী নেহৰুৱে স্পষ্টকৈ আমেৰিকা আৰু বৃটেইনক ক্ষুৰধাৰ সমালোচনা কৰি কৈছিল যে তেওঁলোকে যেনেদৰে এখন স্বাধীন ৰাষ্ট্ৰ ইজিপ্তক আক্রমণ কৰিছে, তাক সমর্থন কৰিব নোৱাৰি। নেহৰুৱে স্বাধীনতা আৰু মানবীয়তাক অসীম গুৰুত্ব দিছিল আৰু কৈছিল যে “More than the decision, the way it was done hurt Egypt’s pride and self-respect and disregarded a people’s sentiment”, ইজিপ্তৰ ৰাষ্ট্ৰপতি নাছেৰে স্পষ্টকৈ কৃতজ্ঞতা জনাই কৈছিল যে নেহৰুৰ বাবেই তেওঁ যুদ্ধত সাহস পাইছিল। অৱশ্যে নেহৰুৰ এই কাৰ্যৰ বাবে ভাৰতে পিছত পশ্চিমীয়া ৰাষ্ট্ৰৰ পৰা নির্যাতন পাবলগীয়াও হৈছিল। কিন্তু আজি ভেনিজুৱালাৰ এজন নির্বাচিত মূৰব্বীক আমেৰিকাই ধৰি আনিছে, গাজাত হাজাৰ হাজাৰ শিশু-মহিলাৰ মৃত্যু হৈছে, কোনেও মাতিব পৰা নাই। আমাৰ বিশ্বগুৰু দেশখনৰ কথা বাৰু নোকোৱাই ভাল।
নেহৰুৱে তেওঁৰ পাণ্ডিত্য আৰু শালীনতাৰে তেওঁৰ পৰম শত্রুকো জয় কৰিব পাৰিছিল। বৃটিছ প্রধানমন্ত্রী উইনস্টন চার্চিল আছিল নেহৰু বা সমগ্ৰ ভাৰতৰে আজন্ম বৈৰী (আমাৰ সীমিত বিচাৰ বুদ্ধিৰে আমি ভাবি নেপাও যে সাহিত্যৰ ন’বেল প্রাপক, বৌদ্ধিক স্তৰৰ ইমান ওপৰত অৱগাহন কৰা ব্যক্তিজনে ভাৰতবৰ্ষক কিয় ইমান ঘৃণা কৰিছিল)। তেওঁ নেহৰুক কৈছিল “খেৰকুটাৰ মানুহ (A man of straw)” বুলি। তেওঁলোক দুয়ো প্রথমবাৰৰ বাবে খুব অন্তৰংগভাৱে লগ হৈছিল ১৯৫০ চনত, লণ্ডনত কমনরেল্থ সম্মিলনত। কথা প্রসংগত চার্চিলে সুধিছিল যে নেহৰুৱে কিমান বছৰ বৃটিছৰ কাৰাগাৰত আছিল? নেহৰুৱে কৈছিল এবা-ধৰাকৈ প্রায় দহ বছৰ। লগে লগে চার্চিলে কৈছিল যে তেন্তে বৃটিছৰ প্রতি তেওঁৰ অৰ্থাৎ নেহৰুৰ অসীম ঘৃণাও আছে। ঈষৎ হাঁহিৰে নেহৰুৱে কৈছিল যে সেয়া সত্য নহয়, কথাটো অলপ বেলেগ। নেহৰুৰ প্রজ্ঞা, যুক্তিযুক্ত উত্তৰত চার্চিল আচৰিত হৈ পৰিছিল। নেহৰুৱে কৈছিল “আমি এজন এনেকুৱা ব্যক্তিৰ নেতৃত্বত আছিলো যিয়ে সদায় আমাক দুটা কথা সোঁৱৰাই দিছিল- কাকো ভয় নকৰিবা আৰু দ্বিতীয়তে কাৰো প্রতি ঘৃণাৰ ভাব নানিবা। যিহেতু তেতিয়া আমি আপোনালোকক (অর্থাৎ বৃটিছক) ভয় কৰা নাছিলোঁ, সেয়ে আমি ঘৃণাও কৰা নাছিলোঁ।” আৰু পিছত সেই চার্চিলে নেহৰুক “এছিয়াৰ পোহৰ” (Light of Asia) বুলি অভিহিত কৰিছিল। চার্চিলেই নেহৰুক অঘোষিত বিশ্বগুৰুৰ অভীধা দিছিল। এখন চিঠিত (২১ ফেব্ৰুৱাৰী, ১৯৫৫- Nehru Revisited গ্ৰন্থৰ পৰা) চার্চিলে লিখিছিল “You might be able to do what no other human could in giving India the lead, at least in the realm of thought, thought of Asia.. and playing your outstanding past in world affairs. Remember, The light of Asia.”
অকল ৰাজনৈতিক নেতৃত্বই নহয়, সেই সময়ৰ প্ৰায় সকলো পণ্ডিত, দার্শনিকেই নেহৰুৰ ব্যক্তিত্বত মোহিত হৈছিল। বিশেষকৈ বার্ট্ৰাণ্ড ৰাছেল, আর্ণল্ড টয়নবী, হেৰল্ড মেকমিলান আদিৰ নেহৰুৰ প্রতি শ্রদ্ধা আছিল বর্ণনাতীত। ব্রিটিছ দার্শনিক ৰাছেলে বৃটেইনক সকলো এছিয়ান উপনিৱেষকে স্বাধীনতা দিবলৈ আৰু বৃটেইনৰ সজ ইচ্ছাৰ প্রমাণস্বৰূপে এই এছিয়ান দেশবোৰক নেহৰুৰ নেতৃত্বত এক নিৰপেক্ষ গোট গঠনৰ বাবে আহ্বান জনাইছিল। আৰ্ণল্ড টয়নবীৰ দৰে ঐতিহাসিক পণ্ডিতে আৰু এখোপ ওপৰলৈ গৈ কৈছিল যে তেওঁ বহুত সফল ব্যক্তিক লগ পাইছে, কিন্তু নেহৰুৰ লগত বহুজনৰ তুলনাই নহয়। টয়নবীৰ ভাষাত “None could compare with Nehru, he was so humble despite being so great.”
কিন্তু সাম্প্রতিক সময়ত নেহৰুৰ ভূমিকাক কেৱল নস্যাৎ কৰিবহে খোজা হৈছে। বর্তমানৰ বিশ্বগুৰুৰ অৱস্থান চাওক গণতন্ত্ৰৰ সূচ্যাংকৰ ভিতৰত ১০৫ (১৭৯ খন দেশৰ মাজত ভি. ডেমৰ ৰিপ’ৰ্ট মতে), প্ৰেছৰ স্বাধীনতাৰ ক্ষেত্ৰত ১৫৭ নম্বৰত (১৮০ খন দেশৰ ভিতৰত)। বিশ্বগুৰুৰ দেশখনে কোন দেশৰ পৰা কিমান দিন তেল কিনিব, সেয়া নিৰ্দ্ধাৰণ কৰিব আমেৰিকাই। আনকি এখন স্বাধীন দেশৰ মূৰব্বীজনক সম্পূর্ণ অন্যায়ভারে নিজ দেশতে হত্যা কৰাৰ পিছত, আমি বিশ্বগুণ্ডা হ’ব খোজা দেশখনে পাছদিনলৈ এটা গৰিহণা দিব পৰা নাই, শোক প্রস্তাৱ ল’ব পৰা নাই (ছুয়েজ খালৰ ঘটনাত নেহৰুৰ ভূমিকালৈ মনত পেলাওক)। আনকি আমেৰিকাই ভাৰতৰ তৈল জাহাজ আক্রমণ কৰি তিনিজন ভাৰতীয়ক হৰমুজত হত্যা কৰা ঘটনাটোতো ভাৰতে সজোৰে প্রতিবাদ কৰা নাই। আজি শ বছৰ পিছতো ভৱিষ্যৎ প্রজন্মই নেহৰুক মনত ৰাখিব তেওঁৰ “ভাগ্যৰ লগত সাক্ষাৎ” (Tryst with destiny) শীর্ষক বক্তৃতাৰ বাবে। ভৱিষ্যৎ ইতিহাসৰ বাবে থাকিবনে কোনো বিশ্বগুৰুৰ তেনে হৃদয়-মন উদ্বেলিত কৰা বাণী? উত্তৰ নিশ্চয় সময়েই দিব।





