কেইমাহমানৰ আগতে জেন জি আন্দোলনৰ জৰিয়তে নেপালী সংসদত বহিছিল বলেন শ্বাহে। কিছুদিন পূৰ্বে তেওঁ সংসদত ভাৰতৰ সৈতে সীমান্ত বিষয়ক লৈও ভাষণ দিছিল। যাৰ বাবে কাঠমাণ্ডুৰ কূটনৈতিক মহল যথেষ্ট অস্বস্তিত পৰিছিল!
ইপিনে, ২১০ বছৰীয়া চুগৌলী চুক্তিৰ মূল নথি, কাগজ-পত্ৰ বিচাৰি উলিয়াব পৰা নাই নেপাল চৰকাৰে। প্ৰতিবেদনত দাবী কৰা হৈছে যে বলেন শ্বাহ নেতৃত্বাধীন নেপাল চৰকাৰে সেই দেশৰ সংসদক জনাইছে যে তেওঁলোকে ১৮১৬ চনৰ চুগৌলী চুক্তিৰ নথি-পত্ৰ নেপাল চৰকাৰৰ হাতত আছে নে নাই সেইটো নিশ্চিত কৰিব পৰা নাই!
তদানীন্তন ব্ৰিটিছ ভাৰতে নেপালৰ সৈতে ১৮১৬ চনৰ চুগৌলী চুক্তি সম্পাদন কৰে। প্ৰসংগক্ৰমে ভাৰত-নেপাল সীমান্ত অঞ্চলৰ লিপুলেখ, লিম্পিয়াধুৰা, কালাপানী এই তিনিখন স্থানৰ অধিকাৰ সন্দৰ্ভত দুয়োখন দেশৰ মাজত এটা সমস্যা আছে।
ভাৰতৰ দাবী যে এই তিনিটা ক্ষেত্ৰ ভাৰতৰ অন্তৰ্ভুক্ত। আনহাতে নেপালে দাবী কৰে যে এই তিনিটা অঞ্চল তেওঁলোকৰ। কিন্তু সংঘাতৰ কেন্দ্ৰবিন্দুত আছে ১৮১৬ চনৰ চুগৌলি সন্ধি।নেপাল চৰকাৰে সন্ধিৰ মূল নথি-পত্ৰ বিচাৰি উলিয়াব পৰা নাই!
ভাৰত আৰু নেপালৰ মাজৰ সীমা বিবাদ মূলতঃ কালী বা মহাকালী নদীৰ উৎপত্তিৰ বিভিন্ন ব্যাখ্যাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। কাৰণ সেই নদীখন সন্ধিৰ জৰিয়তে নেপালৰ পশ্চিম সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছিল।
ইপিনে, কিছুদিন পূৰ্বে নেপালৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী বলেন শ্বাহে নেপালৰ সংসদত কৈছিল- ‘প্ৰধানমন্ত্ৰী হোৱাৰ পিছত শেহতীয়াকৈ মই এনেকুৱা এটা কথা জানিব পাৰিছো যিয়ে আপোনাক আচৰিত কৰি তুলিব। কেৱল ভাৰতে নেপালৰ ভূখণ্ড বেদখল কৰাই নহয়, নেপালেও বহু ঠাইত ভাৰতীয় ভূখণ্ড বেদখল কৰিছে। এতিয়া দুয়োখন দেশে তথ্যসমূহ পৰ্যালোচনা কৰি বন্ধু হিচাপে একেলগে বহি সমস্যাটো সমাধান কৰিব লাগে।’
এই বক্তব্যই ভাৰতৰ সৈতে নেপালৰ সীমা বিবাদৰ বিষয়ত দিল্লীৰ সন্মুখত কাঠমাণ্ডুক যথেষ্ট অস্বস্তিত পেলাইছিল। বলেন শ্বাহৰ পূৰ্বে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ সময়ৰ পৰাই এই তিনিটা স্থানক লৈ সৰৱ আছিল নেপাল।
অলিৰ চৰকাৰ বিপদত পৰাৰ সময়ত নেপালত এই তিনিটা স্থান সন্দৰ্ভত ৰাজনৈতিক সক্ৰিয়তা দেখা গৈছিল। সেই সময়ত নেপালে হঠাতে এই তিনিটা অঞ্চল নিজৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰি সংসদক সংবিধান সংশোধন কৰি এচিক সমৰ্থন কৰিবলৈ কয়। দিল্লীয়ে এই বিষয়টো একেবাৰে ভালভাৱে লোৱা নাছিল!
কাঠমাণ্ডু পোষ্টত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ কানালে সেই দেশৰ সংসদত সুগৌলী চুক্তিৰ সন্দৰ্ভত কৈছে- ‘ চুক্তিখনৰ চৰকাৰী নথি-পত্ৰ আমাৰ হাতত আছে নে নাই সেই সন্দৰ্ভত নেপাল চৰকাৰৰ হাতত কোনো নিৰ্দিষ্ট তথ্য নাই। চুক্তি সম্পৰ্কীয় কিছুমান নথি-পত্ৰ ৰাষ্ট্ৰীয় আৰ্কাইভত সংৰক্ষিত থকাৰ প্ৰমাণ পোৱা গৈছে যদিও সেইবোৰ চুক্তিখনৰ প্ৰকৃত চৰকাৰী নথি-পত্ৰ নে নহয় সেই সম্পৰ্কে আমাৰ হাতত কোনো স্পষ্ট তথ্য নাই।’
ইয়াৰ পিছতে সীমান্ত বিষয়ত দুয়োখন দেশৰ কূটনৈতিক বতাহ কোন পিনে ঢাল খায় তালৈ লক্ষ্য কৰি ৰৈছে সংশ্লিষ্ট মহলে।





