• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 27, 2026 11:30 am
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ সঞ্জীৱ প্ৰকাশ শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সন্দীপ মেহতাই। এই সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তলৈ একেৰাহে তিনিখন চিঠি প্ৰেৰণ কৰিছে ন্যায়াধীশ মেহতাই। তেওঁৰ অভিযোগ, ৰাজস্থান উচ্চ ন্যায়ালয়ত বহু কাম নিয়ম ভংগ কৰি আৰু পক্ষপাতমূলকভাৱে চলি আছে। এনে পৰিস্থিতিত তৎকালীন ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন আছে বুলিও তেওঁ উল্লেখ কৰিছে।

সংবাদ সংস্থাৰ তথ্য অনুসৰি, ন্যায়াধীশ মেহতাই ২ আগষ্টত প্ৰথমখন চিঠি প্ৰেৰণ কৰে। চিঠিখনত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে একাধিক নিৰ্দিষ্ট অভিযোগ উত্থাপন কৰা হয়। অভিযোগ অনুসৰি, আন ন্যায়াধীশৰ আসনত শুনানিৰ বাবে তালিকাভুক্ত গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল গোচৰসমূহ নিয়ম মানি নচলাকৈ নিজৰ আসনলৈ স্থানান্তৰ কৰা হৈছে।

Apply Now

ন্যায়াধীশ মেহতাই অভিযোগ কৰে যে এনে কাৰ্যকলাপে ন্যায়ালয়ৰ কাম-কাজৰ স্বচ্ছতা আৰু ন্যায়পৰায়ণতাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। লগতে স্বজনপোষণ, ক্ষমতাৰ অপব্যৱহাৰ আৰু নিয়মক আওকাণ কৰাৰ দৰে অভিযোগো উত্থাপন কৰিছে তেওঁ। তেওঁৰ মতে, মুখ্য ন্যায়াধীশৰ এনে পদক্ষেপে ন্যায়ব্যৱস্থাৰ ওপৰত থকা জনসাধাৰণৰ বিশ্বাসত প্ৰভাৱ পেলাব পাৰে।

২ আগষ্টৰ পিছত ১০ আগষ্টতো ন্যায়াধীশ মেহতাই পুনৰ এখন চিঠি প্ৰেৰণ কৰে। তাৰ পিছত ১৭ আগষ্টত তেওঁ তৃতীয়খন চিঠি লিখে। এই চিঠিসমূহত কেৱল কোনো এটা গোচৰ বা কোনো এটা সিদ্ধান্তক লৈ নহয়, সমগ্ৰ ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কাম-কাজৰ ধৰণক লৈ উদ্বেগ প্ৰকাশ কৰা হৈছে।

ন্যায়াধীশ মেহতাই সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত এই বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱাৰ লগতে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক পদৰ পৰা আঁতৰোৱাৰ দাবীও উত্থাপন কৰা বুলি জানিব পৰা গৈছে। এজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে আন এজন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে এনেদৰে একেৰাহে লিখিত অভিযোগ দাখিল কৰা ঘটনা ভাৰতীয় ন্যায়ব্যৱস্থাত যথেষ্ট বিৰল।

সঞ্জীৱ প্ৰকাশ শৰ্মাই ইয়াৰ পূৰ্বেও ৰাজস্থান উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হিচাপে কাম কৰিছিল। মাজতে তেওঁক হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল। কিন্তু স্বাস্থ্যজনিত কাৰণ দেখুৱাই পুনৰ ৰাজস্থানলৈ উভতি আহিবলৈ ইচ্ছা প্ৰকাশ কৰাৰ পিছত তেওঁক আকৌ ৰাজস্থান উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়। এতিয়া তেওঁৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে উত্থাপন কৰা অভিযোগক কেন্দ্ৰ কৰি ন্যায়ব্যৱস্থাৰ ভিতৰতে ব্যাপক চৰ্চা আৰম্ভ হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd