গোৱাৰ পৰা উভতি আহি কোৱাৰেণ্টাইনত থকা মণিপুৰৰ দম্পতীয়ে কোৱাৰেণ্টাইন কেন্দ্ৰতে এটা পুত্ৰ সন্তান লাভ কৰে।
কোৱাৰেণ্টাইন কেন্দ্ৰত জন্ম লাভ কৰা বাৰে তেওঁলোকে সন্তানটোৰ নাম এমানুৱেল কোৱাৰেণ্টাইন ৰাখে।
মণিপুৰৰ বিভাগীয় ৱেবচাইটত কোৱাৰেণ্টাইনোক উত্তৰ-পূবৰ প্ৰথমগৰাকী কোৱাৰেণ্টাইন কেন্দ্ৰত জন্মলাভ কৰা শিশু হিচাপে আখ্যা দিয়া হয়।
‘‘গোৱাৰ পৰা উভতি আহি তেওঁলোকে ইমানুৱেল স্কুলত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰত সন্তান জন্ম দিয়ে আৰু কোৱাৰেণ্টাইন কেন্দ্ৰত সন্তান জন্ম দিয়া বাবে সন্তানটোৰ নাম ইমানুৱেল কোৱাৰেণ্টান ৰখা হয়,’’ বিভাগীয় সূত্ৰত প্ৰকাশ।
অন্তঃসত্ত্বা মণিপুৰৰ মহিলা গৰাকীয়ে ২৭ মে’ত বিশেষ ৰে’লেৰে গোৱাত আহি উপস্থিত হৈছিল।
গোৱাৰ পৰা বিশেষ ৰে’লেৰে আহি মণিপুৰত উপস্থিত হোৱা স্বামী-স্ত্ৰী হালক হাইপি গাঁৱত থকা ইমানুৱেল স্কুলত কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হৈছিল।
ইয়াৰ পূৰ্বেও ভাৰত বৰ্ষৰ বিভিন্ন স্থানত ল’কডাউনৰ সময়ত জন্মহোৱা বাবে পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ নাম ল’কডাউন, চেনিটাইজাৰ ইত্যাদি ৰাখিছিল।