DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাফলঙত ডিমাছা ষ্টুডেন্টছ য়ুনিয়নৰ নতুন ভবনৰ দ্বাৰ উন্মোচন

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
December 3, 2018 6:34 pm
IMG-20181203-WA0028
444
VIEWS
Share on FacebookShare on Twitter

আজি হাফলঙত ডিমাছা ষ্টুডেন্টছ যুনিয়নৰ নতুন কাৰ্যালয় তথা হিড়িম্ব প্ৰতাপ থাউচেন ভবনৰ দ্বাৰ মুকলি কৰে অনুষ্ঠানৰ মুখ্য অতিথি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চিইএম দেবলাল গাৰ্লচাই। অনুষ্ঠানত উপস্থিত আছিল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ইএম অমেন্দু হোজাই, ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা, ডিমাছা এপেক্স বডি জাদিখে নাইশ্ব হছমৰ সভাপতি কল্যাণ দাওলাগুপু, ডিমাছা ষ্টুডেন্টছ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ কেন্দ্ৰীয় সভাপতি চিদুত নাইডিঙ, সাধাৰণ সচিব প্ৰমিত চেংগুইন আদি।

নতুন ভবনটো মুকলি কৰাৰ উপৰিও এপিএছচিত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৩ গৰাকী প্ৰাৰ্থীক ডিমাছা গামোচা আৰু মানপত্ৰ প্ৰদান কৰি সম্মনিত কৰা হয়। জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই তেওঁৰ বক্তব্যত ছাত্ৰ সংগঠনটোৰ এটা দীৰ্ঘদিনীয়া স্থায়ী ভবনৰ সমস্যা সমাধান হোৱাত ছাত্ৰ সংগঠনটোৰ কৰ্মকৰ্তাসকলক অভিনন্দন জনোৱাৰ লগতে ছাত্ৰ সংগঠনটোৰ নিজৰ সমাজ তথা জাতিৰ প্ৰতি দায়িত্ব পালন কৰি কাম যোৱাৰ বাবে আহ্বান জনায়।

অনুষ্ঠানৰ মুখ্য অতিথি স্বায়ত্ত শাসিত পৰিষদৰ চিইএম দেবলাল গাৰ্লচাই তেওঁৰ ভাষণনত কয় যে আটাইবোৰ জাতি-জনগোষ্ঠীৰ ছাত্ৰ সংগঠন থকা জৰুৰী। ডিমাছা ষ্টুডেন্টছ যুনিয়নে প্ৰায় ছয় দশক ধৰি সমাজৰ উন্নয়ণৰ হকে কাম কৰি আহিছে আৰু অহা দিনতো কৰি যাব। লগতে তেওঁ এপিএছচিত উত্তীৰ্ণ প্ৰাৰ্থী সকলোৰ উদ্দেশ্যে কয় যে বৰ্তমানে অসম চৰকাৰৰ শীৰ্ষ বিষয়া চুইটি চাঙছানে কৰাৰ দৰে ডিমা হাচাও জিলাৰ প্ৰতিগৰাকী চৰকাৰী বিষয়াই নিজ জিলা তথা জাতিৰ উন্নয়নৰ হকে কাম কৰিব লাগিব।

তেওঁ লগতে কয় যে ইতিমধ্যে বেলেগ জনগোষ্ঠীক এছটি হিলছৰ মৰ্য্যদা দিয়াৰ যো জা চলিছে। কিন্তু এয়া কেতিয়াও হ’বলৈ দিয়া নহ’ব। কাৰণ ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ উঠি অহা প্ৰজন্মৰ ওপৰত পৰিব। সেই কাৰণে আমি একগোট হৈ এই বিধেয়কৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব। চিইএমে লগতে কয় যে তেওঁৰ পৰিষদে এই বিধেয়ক বাতিল কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী আৰু মুখ্য মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিব।

লগতে পৃথক স্বায়ত্ত শাসিত ৰাজ্যৰ দাবীৰ কাৰণে ডিএছইউৰ আন্দোলন আজিও অব্যাহত আছে আৰু এই পৃথক ৰাজ্যৰ দাবীত বহুতে আত্মত্যাগ কৰিছে বুলিও তেওঁ মন্তব্য কৰে।

ছাত্ৰ সংগঠনৰ কেন্দ্ৰীয় সভাপতি চিদুত নাইডিঙে কয় যে ডিমাছা ষ্টুডেন্টছ য়ুনিয়নৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত এই ভবন নিৰ্মাণ আৰু পাৰ্বত্য পৰিষদে সহায় সহযোগিতা আগ বঢ়াইছে।

এই ভবনটোত আগন্তুক দিনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে থকাৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা ৰাখিছে। নাইডিঙে পৰিষদ কৰ্ত্পক্ষৰ লগতে ছাত্ৰ সংগঠনটোৰ সকলো কৰ্মকৰ্তা আৰু সদস্যক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

উল্লেখনীয় যে ভবনটো ডিমাছা ষ্টুডেন্টছ য়ুনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰতিষ্ঠাপক সভাপতি হিড়িম্ব প্রতাপ থাউচেনৰ নামত উৎসর্গা কৰা হয়।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd