• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অৰুণাচল প্ৰদেশৰ বনাঞ্চলত আৱিষ্কাৰ বিৰল প্ৰজাতিৰ পখিলা; জুবিন গাৰ্গৰ নামেৰে নামাকৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:51 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ ঘন অৰণ্যত এটা নতুন পখিলা আৱিষ্কাৰ হৈছে। আৰু সেইটো উত্তৰ-পূব ভাৰতৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰা হৈছে। বিজ্ঞান আৰু সংস্কৃতিৰ এই সংমিশ্ৰণে এফালে অঞ্চলটোৰ চহকী জৈৱ বৈচিত্ৰ্যৰ কথা পোহৰলৈ আনিছে আৰু আনফালে প্ৰয়াত শিল্পীজনৰ সাংস্কৃতিক প্ৰভাৱকো উজ্জ্বল কৰি তুলিছে।

নতুন প্ৰজাতিটোৰ বৈজ্ঞানিক নাম Euthalia (Limbusa) zubeengargi বুলি দিয়া হৈছে। এই প্ৰজাতিটো শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ লেপাৰাডা জিলাৰ বাছাৰ অঞ্চলত পোৱা গৈছে বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই জানিবলৈ দিছে।

Apply Now

এই আৱিষ্কাৰৰ আঁৰত আছে পখিলাৰ অনুৰাগী তথা আৰক্ষী বিষয়া ৰোশন উপাধ্যায় আৰু গৱেষক কালেশ সদাশিৱন। বাছাৰ বনাঞ্চলত ক্ষেত্ৰ জৰীপ চলাই থাকোঁতে এই অচিনাকি প্ৰজাতিটোৰ সন্ধান মিলে।

বিতং গৱেষণাৰ অন্তত নিশ্চিত হ’ল যে ইয়াৰ আগতে এইটো কেতিয়াও ৰেকৰ্ড কৰা হোৱা নাছিল। সেই ভিত্তিত এই প্ৰজাতিটোক ‘বাছাৰ ডিউক’ বুলি সাধাৰণ নাম দিয়া হৈছিল, যিয়ে ইয়াৰ আৱিষ্কাৰৰ স্থানক তুলি ধৰিছে। এই আৱিষ্কাৰ যিদৰে বৈজ্ঞানিক দিশৰ পৰা গুৰুত্বপূৰ্ণ, সেইদৰে জুবিন গাৰ্গৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলিও।

এই পখিলা যে অত্যন্ত বিৰল সেই সম্ভাৱনা গৱেষকসকলে নুই কৰা নাই। দীৰ্ঘদিনীয়া সমীক্ষাৰ পিছতো মাত্ৰ দুটা পখিলাহে পোৱা গৈছে। ফলত এই প্ৰশ্ন উত্থাপন হয়, স্বাভাৱিকতে ইয়াৰ সংখ্যা কম নেকি, নে ঘন অৰণ্যত থকাৰ বাবে ইয়াক দেখা পোৱা নাযায়?

জানিব পৰা মতে এই প্ৰজাতিটো মূলতঃ ৬০০ৰ পৰা ৭০০ মিটাৰ উচ্চতাত অৱস্থিত অৰ্ধ চিৰসেউজ অৰণ্যত বাস কৰে। সাধাৰণতে ছাঁৰে আগুৰি থকা নিম্নভূমিৰ জোপোহাত দেখা যায়। পৰ্যবেক্ষণৰ পৰা দেখা গৈছে যে এই পখিলাটোৱে পাতৰ মাজত লাহে লাহে উৰি গছৰ ৰস খাই বৰ্তি থাকে। ইয়াৰ উপৰিও ই অৰণ্যৰ ভিজা মাটি বা পৃষ্ঠৰ পৰাও খনিজ পদাৰ্থ সংগ্ৰহ কৰে।

গাঁথনিগতভাৱে এই পখিলাৰ ডেউকাবোৰ জলফাই-বাদামী ৰঙৰ, বগা দাগ আৰু সামান্য জিলিকনি থাকে। বিশেষকৈ মতা প্ৰজাতিৰ ডেউকাৰ ডিজাইন আৰু ভৌতিক গঠন বিশ্লেষণ কৰি গৱেষকসকলে নিশ্চিত কৰিছে যে ই ইউথেলিয়া গোটৰ সম্পূৰ্ণ নতুন প্ৰজাতি।

এই প্ৰজাতিটোৰ নাম, যাৰ নামেৰে এই প্ৰজাতিটোৰ নামকৰণ কৰা হৈছে, তেওঁ উত্তৰ-পূব ভাৰতৰ অন্যতম প্ৰভাৱশালী সংগীতজ্ঞ আছিল। যোৱা বছৰৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত তেওঁৰ অকাল মৃত্যু ঘটে। তেওঁৰ সংগীত আৰু শিল্পচৰ্চাই অসমকে ধৰি সমগ্ৰ উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক পৰিচয় গঢ়ি তোলাত অভূতপূৰ্ব ভূমিকা পালন কৰিছে।

গৱেষকসকলৰ মতে এই নামকৰণ কেৱল সন্মান প্ৰদৰ্শনেই নহয়, বৰঞ্চ এনে এগৰাকী শিল্পীৰ স্মৃতিও যিয়ে নিজৰ কৰ্মৰ জৰিয়তে সমগ্ৰ অঞ্চলটোৰ পৰিচয় বিশ্বৰ সন্মুখত দাঙি ধৰিছে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে আন এটা নতুন উদ্ভিদ প্ৰজাতিৰ নামো জুবিন গাৰ্গৰ নামেৰে ৰখা হৈছিল। ফলত আঞ্চলিক কিংবদন্তিসকলক সন্মান জনাই বৈজ্ঞানিক নামকৰণৰ এই ধাৰা ক্ৰমে বৃদ্ধি পাইছে বুলি ধাৰণা কৰা হৈছে।

বিজ্ঞানীসকলৰ মতে এনে পদক্ষেপে এফালে প্ৰসিদ্ধ সাংস্কৃতিক ব্যক্তিসকলক সন্মান জনোৱাৰ লগতে পূব হিমালয় অঞ্চলৰ অসাধাৰণ জৈৱ বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়েও সাধাৰণ জনতাৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd