• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 3, 2026 8:10 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুনচুনৰ প্ৰথম জ জাক বৰষুণতে শামলীৰ ওচৰত থকা দিল্লী ডেৰাডুন ইক’নমিক কৰিডৰত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হোৱা দেখা গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ এপ্ৰিল মাহত এই ২১৩ কিলোমিটাৰ দীঘল ৬ লেনযুক্ত কৰিডৰটো উদ্বোধন কৰিছিল। এই এক্সপ্ৰেছৱেখন দিল্লী, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ মাজেৰে পাৰ হৈ গৈছে। বিশ্বমানৰ এই এক্সপ্ৰেছৱেখন প্ৰায় ১২,০০০ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ প্ৰচাৰৰ বাবেও কোটি কোটি টকা খৰচ কৰা হৈছিল। ১৪ এপ্ৰিল ২০২৬ ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ শুভাৰম্ভ কৰিছিল। কিন্তু প্ৰথম বৰষুণতে ইয়াৰ এনে অৱস্থা হোৱাত এতিয়া পথচাৰীৰ মাজত হাহাকাৰ লাগিছে।

ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দাবী কৰা হৈছে যে উত্তৰ প্ৰদেশ, দিল্লী আৰু ডেৰাডুন সংযোগী এই এক্সপ্ৰেছৱেখন প্ৰথম বৰষুণতে বহি গৈছে। ৰাজপথত ইমানেই বিপদজনক গাঁতৰ সৃষ্টি হৈছে যে যিকোনো সময়তে ডাঙৰ দুৰ্ঘটনা বা মৃত্যুৰ ভয়ো থকা দেখা গৈছে। বহুতো ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীক টেগ কৰি এই পথটোৰ নিৰ্মাণ কাৰ্যৰ গুণগত মানদণ্ডৰ ওপৰত প্ৰশ্ন  উত্থাপন কৰিছে আৰু ইয়াৰ উচিত তদন্তৰ দাবী জানাইছে। অৱশ্যে এই সমগ্ৰ বিষয়টোক লৈ মন্ত্ৰী নিতিন গাডকাৰীৰ পৰা এতিয়ালৈকে কোনো সঁহাৰি পোৱা হোৱা নাই।

Apply Now

আনহাতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভাৰতীয় ৰাষ্ট্ৰীয় ৰাজপথ প্ৰাধিকৰণ অৰ্থাৎ এনএইচএআই কৰ্তৃপক্ষই ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বৰষুণৰ পিছত দিল্লী ডেৰাডুন ইক’নমিক কৰিডৰৰ এটা অংশ বহি যোৱাৰ বাবে যাত্ৰীসকলে ভোগ কৰিবলগীয়া অসুবিধাৰ বাবে তেওঁলোকে দুখ প্ৰকাশ কৰিছে। ক্ষতিগ্ৰস্ত অংশটো ইতিমধ্যে মেৰামতি কৰা হৈছে আৰু নিয়মীয়া যাতায়তৰ বাবে মুকলি কৰি দিয়া হৈছে। প্ৰাধিকৰণৰ মতে স্থানীয়ভাৱে পানী জমা হোৱাৰ বাবেই এই ঘটনা ঘটিবলৈ পালে। স্থানীয় বাসিন্দাৰ ধাৰাবাহিক প্ৰতিবাদৰ বাবেই সেই স্থানত স্থায়ী পানী নিষ্কাষণ ব্যৱস্থা সম্পূৰ্ণ কৰিব পৰা নগ’ল আৰু কালভাৰ্টটো সংযোগ কৰাত বাধা আহি পৰিল। ইয়াৰ পৰিৱৰ্তে স্থানীয় লোকে কালভাৰ্টৰ মুখখন গাড়ী পাৰ কৰিবলৈ ব্যৱহাৰ কৰি আছিল যাৰ বাবে প্ৰস্তাৱিত জল নিষ্কাষণ ব্যৱস্থাটো আৰম্ভ কৰিব পৰা নগল।

ঘটনাৰ পিছতেই এনএইচএআইয়ে মেৰামতিৰ কাম ক্ষিপ্ৰতাৰে আৰম্ভ কৰে। স্থায়ী ড্ৰেনিং ব্যৱস্থা সম্পূৰ্ণ নোহোৱালৈকে বৰষুণৰ পানী সুৰক্ষিতভাৱে ওলাই যাব পৰাকৈ বৰ্তমান এটা অস্থায়ী সমান্তৰাল নালা নিৰ্মাণৰ কামো হাতত লোৱা হৈছে। যাতায়ত যাতে সুৰক্ষিত আৰু নিৰৱচ্ছিন্ন হৈ থাকে তাৰ বাবে ক্ষতিগ্ৰস্ত স্থানখন অহৰহ নিৰীক্ষণ কৰি থকা হৈছে। এই ঘটনাটোক অতি গুৰুত্বসহকাৰে লৈ এনএইচএআই কৰ্তৃপক্ষই সংশ্লিষ্ট প্ৰজেক্ট ডাইৰেক্টৰ, অথৰিটি ইঞ্জিনিয়াৰ আৰু ইপিচি ঠিকাদাৰক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। ইয়াৰ লগতে অথৰিটি ইঞ্জিনিয়াৰ দলৰ টিম লিডাৰ আৰু ঠিকাদাৰৰ প্ৰজেক্ট মেনেজাৰক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd