• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেজপুৰত অগপৰ প্ৰাৰ্থিত্বৰ দৌৰত নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰে বিজেপি ত্যাগ কৰা নেতা

অনির্বান পাঠক by অনির্বান পাঠক
March 12, 2019 6:57 pm
668cb544-e47d-45ab-a678-5e524f948844
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰ সংগ ত্যাগ কৰা অসম গণ পৰিষদে এইবাৰ বিধেয়কখনৰ বিৰোধিতাকেই মূল এজেণ্ডা হিচাপে লৈ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিচাৰিছে। কিন্তু দলটোৱে পুনৰ বিজেপিৰে মিত্ৰতা কৰিব নেকি বুলি প্ৰশ্ন উত্থাপিত হৈ থকাৰ সময়তে এইবাৰ বিধেয়কৰ বিৰোধিতাৰে বিজেপি ত্যাগ কৰা এজন নেতাক অগপই লোকসভাত প্ৰক্ষেপ কৰাৰ সম্ভাৱনা দেখা গৈছে।

‘জাতিধ্বংসী’ বিধেয়কখনৰ বিৰোধিতা কৰি অসমৰ খিলঞ্জীয়া ৰাইজ আৰু জাতীয়-জনগোষ্ঠীয় দল সংগঠনৰ পক্ষত অৱস্থান লৈ বিজেপিৰ পৰা ওলাই অহা এজন নেতা অগপৰ এইবাৰ তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী হ’ব পাৰে।

Apply Now

অগপৰ প্ৰাৰ্থিত্বৰ দৌৰত থকা এই নেতাজন অনুপম বৰুৱা। অগপৰ এক বিশেষ সূত্ৰৰ পৰা নৰ্থ-ইষ্ট নাওৱে এই খবৰ লাভ কৰিছে।

উল্লেখ্য যে যোৱা ৮ জানুৱাৰিত নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পাছতেই বৰুৱাই বিজেপিৰ পৰা পদত্যাগ কৰিছিল। তেওঁ বিজেপিৰ শোণিতপুৰ পশ্চিম জিলা সমিতিৰ প্ৰাক্তন উপ-সভাপতি আছিল।

অৱশ্যে, অনুপম বৰুৱাই এতিয়ালৈ অগপত যোগদান কৰা নাই। কিন্তু তেওঁ অচিৰেই দলটোত যোগ দিব বুলি সভাপতি অতুল বৰাৰ উপৰিও কেইবাগৰাকীও কেন্দ্ৰীয় নেতৃত্বক জনাইছে বুলিও সূত্ৰটোত প্ৰকাশ পাইছে।

ইপিনে, নৰ্থ-ইষ্ট নাওৰ অনুপম বৰুৱাৰ সৈতে হোৱা যোগাযোগত তেওঁ তেজপুৰৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াবলৈ ওলোৱা কথাষাৰ নুই কৰা নাই।

‘’অগপৰ পৰা তেজপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছো। দলে যদি টিকট দিয়ে মই সাজু আছো’’, অনুপম বৰুৱাই কয়।

তেওঁ অসম আন্দোলনত যোগ দি জেললৈ গৈছিল বুলি জানিবলৈ দি সদায় জাতীয়তাবাদৰ পক্ষত আছে আৰু সেয়ে বিজেপি ত্যাগ কৰা বুলিও মন্তব্য কৰে।

‘’অসমত আঞ্চলিকতাবাদৰ বাদে গত্যান্তৰ নাই। মই অসম আন্দোলনৰ পৰাই অগপৰ পক্ষতেই আছিলো। কিন্তু ২০১২ চনত পৰিবৰ্তন বিচাৰি বিজেপিলৈ গৈছিলো। কিন্তু যি পৰিবৰ্তন হ’ল সেই পৰিবৰ্তনে জাতিটোলৈ সংশয় মাতি আনিলে। সেয়ে বিজেপিৰ পৰা আঁতৰি আহিলো’’, অনুপম বৰুৱাই নৰ্থ ইষ্ট নাওৰ আগত প্ৰকাশ কৰে।

ইপিনে, তেজপুৰ সমষ্টিৰ পৰা অগপৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও চৰ্চা চলিছিল। আনকি গোস্বামীয়ে নৰ্থ-ইষ্ট নাওৰ আগতো এই সম্ভাৱনীয়তা স্বীকাৰ কৰিছিল। তেওঁৰ উপৰিও দলটোৱে প্ৰেম শৰ্মাকো প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ চিন্তা-চৰ্চা কৰাৰ কথাও জানিব পৰা গৈছে।

অৱশ্যে, অনুপম বৰুৱাই অগপই প্ৰাৰ্থিত্ব নিদিলেও তেওঁৰ আপত্তি নাথাকিব বুলিও আমাক জানিবলৈ দিছে। কিন্তু আঞ্চলিক দলটোৱে এই পৰ্য্যন্ত কোনো সমষ্টিৰে প্ৰাৰ্থী নিশ্চিত কৰা নাই, লগতে মিত্ৰতা সন্দৰ্ভতো কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নাই। গতিকে অগপৰ নিৰ্বাচন কেন্দ্ৰিক চৰ্চা আৰু জল্পনা-কল্পনা সমুহৰ কোন বিলাকে স্থায়িত্ব পাব সেয়া এতিয়াও ধুঁৱলী-কুঁৱলী হৈয়ে আছে।

অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd