আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যক আৰু ইন্টাৰনেচনেল ৰাইন’ ফাউণ্ডেচনৰ যৌথ উদ্যোগত আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ এখন জিপচি গাড়ী প্ৰদান কৰা হয়। এই উপলক্ষে বোকাখাতত থকা কাজিৰঙাৰ সঞ্চালক আৰু বন্যপ্ৰাণী সংমণ্ডল কাৰ্যালয় প্ৰাঙ্গনত আয়োজিত এক বিশেষ অনুষ্ঠানত আৰণ্যকৰ সচিব প্ৰধান ড০ বিভৱ কুমাৰ তালুকদাৰ আৰু ইন্টাৰনেচনেল ৰাইণ’ ফাউণ্ডেচনৰ উপ সঞ্চালক চি চি চেফাৰ্ডে কাজিৰঙাৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াক আনুষ্ঠানিকভাৱে নতুন জিপচিখন অৰ্পণ কৰে।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত ইণ্টাৰনেশ্যনেল ৰাইন’ ফাউণ্ডেচনৰ প্ৰতিনিধি ৰাহুল দত্ত, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, কাজিৰঙা সাংবাদিক সন্থাৰ সভাপতি স্বপন নাথ আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপৰিও আৰণ্যকৰ কৰ্মকৰ্তা উপস্থিত থাকে।
কাজিৰঙালৈ নতুন জিপচিখন আগবঢ়াই আৰণ্যকৰ সচিব প্ৰধান বিভৱ তালুকদাৰে কয় যে আৰণ্যকে কাজিৰঙালৈ আৰু দুখন নতুন গাড়ী দিয়াৰ সিদ্ধান্ত লৈছে ৷ অচিৰেই উক্ত গাড়ী দুখন কাজিৰঙাৰ কৰ্তৃপক্ষৰ হাতত প্ৰদান কৰা হ’ব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।
আৰণ্যকৰ পৰা জিপচিখন গ্ৰহণ কৰি ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াই আৰণ্যক আৰু ইন্টাৰনেশ্যনেল ৰাইণ’ ফাউণ্ডেচনক ধন্যবাদ জনায়। উল্লেখযোগ্য যে জিপচিৰ উপৰিও আৰণ্যকে বিগত সময়ত কাজিৰঙাৰ পৰিচালনাত সহায় হোৱাকৈ ইঞ্জিন চালিত নাওঁ, বেঁতাৰ যন্ত্ৰ, বনকৰ্মীৰ পোচাক, লাইট আদি যোগান ধৰি আহিছে।
ইয়াৰ উপৰি আৰণ্যকৰ দ্বাৰা উচ্চ প্ৰশিক্ষিত কে-নাইন নামৰ এটা কুকুৰৰ দলেও কাজিৰঙাত চোৰাংচিকাৰ প্ৰতিৰোধৰ কামত নিয়োজিত হৈ আছে। আজিৰ এই অনুষ্ঠানটোৰ আঁত ধৰে গোলাঘাটৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই।