• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিতৰ্কৰ আৱৰ্তত ২০২৫ চনৰ নতুন আয়কৰ আইন: গোপনীয়তাৰ অধিকাৰ খৰ্ব হোৱাৰ শংকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2026 4:47 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে সোমবাৰে ‘২০২৫ চনৰ নতুন আয়কৰ আইন’ৰ কেইবাটাও বিতৰ্কিত ব্যৱস্থাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰা হৈছে। সোমবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে বিশ্বপ্ৰসাদ আলভা নামৰ এজন ব্যক্তিয়ে দাখিল কৰা এই আৱেদনখনৰ শুনানি গ্ৰহণ কৰে। অৱশ্যে আৱেদনকাৰীয়ে গোচৰটো প্ৰত্যাহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে ইয়াক খাৰিজ কৰে যদিও তেওঁক কেন্দ্ৰীয় চৰকাৰৰ উপযুক্ত কৰ্তৃপক্ষৰ ওচৰত নিজৰ আপত্তি দৰ্শাবলৈ অনুমতি প্ৰদান কৰে। উল্লেখযোগ্য যে, আগন্তুক ১ এপ্ৰিল, ২০২৬-ৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই নতুন আইনখনত কৰ্তৃপক্ষক তালাচী আৰু জব্দ অভিযানৰ কাৰণ ৰাজহুৱা নকৰাৰ ক্ষমতা দিয়া হৈছে, লগতে ‘অঘোষিত সম্পত্তি’ৰ পৰিসৰ ডিজিটেল ক্ষেত্ৰখনলৈকো সম্প্ৰসাৰিত কৰা হৈছে।

আৱেদনকাৰীৰ তৰফৰ পৰা ১৯৬১ চনৰ পুৰণি আয়কৰ আইনৰ ধাৰা ১৩২ আৰু ২০২৫ চনৰ নতুন আইনৰ ধাৰা ২৪৭ তথা ২৪৯-ৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁৰ যুক্তি আছিল যে তালাচীৰ কাৰণ লুকুৱাই ৰখাৰ যি ক্ষমতা বিভাগক প্ৰদান কৰা হৈছে, সেয়া নাগৰিকৰ মৌলিক অধিকাৰৰ পৰিপন্থী। শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ সূৰ্য কান্তই মৌখিকভাৱে মন্তব্য কৰে যে কৰ ফাঁকি দিয়া লোকসকলক নিয়ন্ত্ৰণ কৰিবলৈ আয়কৰ আইন অধিক কঠোৰ হোৱাৰ প্ৰয়োজন আছে, যদিও এনে আইন প্ৰণয়ন আৰু কাৰ্যকৰী কৰাটো এক জটিল প্ৰত্যাহ্বান।

Apply Now

আৱেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়েই যুক্তি দৰ্শাই কয় যে আইনখন ডাউদ ইব্ৰাহিমৰ দৰে অপৰাধীৰ বিৰুদ্ধে ব্যৱহাৰৰ বাবে প্ৰণয়ন কৰা হ‘লেও ইয়াৰ নেতিবাচক প্ৰভাৱ বহু সময়ত সাধাৰণ আৰু দুখীয়া মানুহৰ ওপৰত পৰিব পাৰে। তেওঁ তালাচীৰ কাৰণসমূহ সম্পূৰ্ণৰূপে গোপন ৰখাৰ ব্যৱস্থাটোক তীব্ৰ বিৰোধিতা কৰে। অধিবক্তা প্ৰাঞ্জল কিশোৰ আৰু হেগড়েই ব্যক্তিগত ডিজিটেল সঁজুলি জব্দ কৰাৰ ফলত তথ্যৰ গোপনীয়তাৰ অধিকাৰ খৰ্ব হোৱাৰ শংকা ব্যক্ত কৰি উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ‘পুট্টাস্বামী গোচৰ’ৰ ৰায়দানৰ কথা সোঁৱৰাই দিয়ে, য’ত ব্যক্তিগত গোপনীয়তাক মানৱীয় মৰ্যাদা আৰু জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে স্বীকৃতি দিয়া হৈছে।

জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কেগৰ এক প্ৰতিবেদনৰ উদ্ধৃতি দি কয় যে প্ৰায়ে তথ্যৰ অভাৱত আৰু সঠিক অনুসন্ধান নোহোৱাকৈয়ে আয়কৰ বিভাগে তালাচী চলায়, যাৰ ফলত কৰদাতাসকল অনাহকত হাৰাশাস্তিৰ সন্মুখীন হয়। তেওঁ উল্লেখ কৰে যে ব্যৱস্থাটোৰ ভিতৰত তালাচীৰ কাৰণসমূহ পৰীক্ষা কৰাৰ কোনোবা এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া (mechanism) থাকিব লাগে, অন্যথা কৰ্তৃপক্ষই নিজৰ ইচ্ছা অনুযায়ী পিছত কাৰণসমূহ সংযোজন কৰাৰ সুযোগ পাব। তেওঁ বিখ্যাত কবি ফৈজ আহমদ ফৈজৰ কবিতাৰ উদ্ধৃতি দি কয় যে তালাচীৰ কাৰণবোৰ ‘হাজিৰ’ আৰু ‘গায়ব’ (অৰ্থাৎ থকা আৰু নথকা) দুয়োটাই হোৱা অনুচিত; ই স্পষ্ট আৰু সুৰক্ষিত হ’ব লাগে।

ন্যায়াধীশ জয়মাল্য বাগচীয়ে এই সন্দৰ্ভত কয় যে যিহেতু এই আইনখনত উচ্চ ন্যায়ালয়ৰ জৰিয়তে ন্যায়িক সমীক্ষাৰ (Judicial Review) সুযোগ আছে, সেয়েহে এই ব্যৱস্থাটোক সম্পূৰ্ণৰূপে অসংবিধানিক বুলি ক’ব নোৱাৰি। হেগড়েই ইয়াৰ প্ৰত্যুত্তৰত কয় যে প্ৰতিজন সাধাৰণ ব্যক্তিৰ বাবে তালাচীৰ কাৰণ জানিবলৈ উচ্চ ন্যায়ালয়ৰ কাষ চপা সম্ভৱ নহয় আৰু অতি কমেও ট্ৰাইবিউনেলৰ পৰ্যায়ত এই কাৰণসমূহ দেখুওৱাৰ ব্যৱস্থা থাকিব লাগে। শুনানিৰ অন্তত মুখ্য ন্যায়াধীশ সূৰ্য কান্তই কয় যে বহু ক্ষেত্ৰত আৰম্ভণিতে আইনৰ ব্যৱস্থাসমূহ বিপদজনক যেন লাগিব পাৰে, কিন্তু সঠিক ব্যৱস্থাপনাৰ জৰিয়তে ইয়াৰ অপব্যৱহাৰ ৰোধ কৰিব পৰা যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

June 27, 2026 9:05 pm
সংসদত মিছা মাতিছিল নেকি ৰাজনাথ সিঙে? ‘অপাৰেচন সিন্দুৰ’ত ৬ জোৱান ছহিদ হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কেন্দ্ৰলৈ তীব্ৰ বাক্যবাণ বিৰোধীৰ

সংসদত মিছা মাতিছিল নেকি ৰাজনাথ সিঙে? ‘অপাৰেচন সিন্দুৰ’ত ৬ জোৱান ছহিদ হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কেন্দ্ৰলৈ তীব্ৰ বাক্যবাণ বিৰোধীৰ

June 27, 2026 8:59 pm
প্ৰশ্নকাকত ফাদিলৰ সন্দেহ: পৰীক্ষাৰ এদিন পূৰ্বেই স্থগিত মহাৰাষ্ট্ৰৰ টেট

প্ৰশ্নকাকত ফাদিলৰ সন্দেহ: পৰীক্ষাৰ এদিন পূৰ্বেই স্থগিত মহাৰাষ্ট্ৰৰ টেট

June 27, 2026 8:56 pm
হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

June 27, 2026 7:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

June 27, 2026 9:05 pm
সংসদত মিছা মাতিছিল নেকি ৰাজনাথ সিঙে? ‘অপাৰেচন সিন্দুৰ’ত ৬ জোৱান ছহিদ হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কেন্দ্ৰলৈ তীব্ৰ বাক্যবাণ বিৰোধীৰ

সংসদত মিছা মাতিছিল নেকি ৰাজনাথ সিঙে? ‘অপাৰেচন সিন্দুৰ’ত ৬ জোৱান ছহিদ হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কেন্দ্ৰলৈ তীব্ৰ বাক্যবাণ বিৰোধীৰ

June 27, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd