উচ্চতম ন্যায়ালয়ে সোমবাৰে ‘২০২৫ চনৰ নতুন আয়কৰ আইন’ৰ কেইবাটাও বিতৰ্কিত ব্যৱস্থাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰা হৈছে। সোমবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে বিশ্বপ্ৰসাদ আলভা নামৰ এজন ব্যক্তিয়ে দাখিল কৰা এই আৱেদনখনৰ শুনানি গ্ৰহণ কৰে। অৱশ্যে আৱেদনকাৰীয়ে গোচৰটো প্ৰত্যাহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে ইয়াক খাৰিজ কৰে যদিও তেওঁক কেন্দ্ৰীয় চৰকাৰৰ উপযুক্ত কৰ্তৃপক্ষৰ ওচৰত নিজৰ আপত্তি দৰ্শাবলৈ অনুমতি প্ৰদান কৰে। উল্লেখযোগ্য যে, আগন্তুক ১ এপ্ৰিল, ২০২৬-ৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই নতুন আইনখনত কৰ্তৃপক্ষক তালাচী আৰু জব্দ অভিযানৰ কাৰণ ৰাজহুৱা নকৰাৰ ক্ষমতা দিয়া হৈছে, লগতে ‘অঘোষিত সম্পত্তি’ৰ পৰিসৰ ডিজিটেল ক্ষেত্ৰখনলৈকো সম্প্ৰসাৰিত কৰা হৈছে।
আৱেদনকাৰীৰ তৰফৰ পৰা ১৯৬১ চনৰ পুৰণি আয়কৰ আইনৰ ধাৰা ১৩২ আৰু ২০২৫ চনৰ নতুন আইনৰ ধাৰা ২৪৭ তথা ২৪৯-ৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁৰ যুক্তি আছিল যে তালাচীৰ কাৰণ লুকুৱাই ৰখাৰ যি ক্ষমতা বিভাগক প্ৰদান কৰা হৈছে, সেয়া নাগৰিকৰ মৌলিক অধিকাৰৰ পৰিপন্থী। শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ সূৰ্য কান্তই মৌখিকভাৱে মন্তব্য কৰে যে কৰ ফাঁকি দিয়া লোকসকলক নিয়ন্ত্ৰণ কৰিবলৈ আয়কৰ আইন অধিক কঠোৰ হোৱাৰ প্ৰয়োজন আছে, যদিও এনে আইন প্ৰণয়ন আৰু কাৰ্যকৰী কৰাটো এক জটিল প্ৰত্যাহ্বান।
আৱেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়েই যুক্তি দৰ্শাই কয় যে আইনখন ডাউদ ইব্ৰাহিমৰ দৰে অপৰাধীৰ বিৰুদ্ধে ব্যৱহাৰৰ বাবে প্ৰণয়ন কৰা হ‘লেও ইয়াৰ নেতিবাচক প্ৰভাৱ বহু সময়ত সাধাৰণ আৰু দুখীয়া মানুহৰ ওপৰত পৰিব পাৰে। তেওঁ তালাচীৰ কাৰণসমূহ সম্পূৰ্ণৰূপে গোপন ৰখাৰ ব্যৱস্থাটোক তীব্ৰ বিৰোধিতা কৰে। অধিবক্তা প্ৰাঞ্জল কিশোৰ আৰু হেগড়েই ব্যক্তিগত ডিজিটেল সঁজুলি জব্দ কৰাৰ ফলত তথ্যৰ গোপনীয়তাৰ অধিকাৰ খৰ্ব হোৱাৰ শংকা ব্যক্ত কৰি উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ‘পুট্টাস্বামী গোচৰ’ৰ ৰায়দানৰ কথা সোঁৱৰাই দিয়ে, য’ত ব্যক্তিগত গোপনীয়তাক মানৱীয় মৰ্যাদা আৰু জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে স্বীকৃতি দিয়া হৈছে।
জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কেগৰ এক প্ৰতিবেদনৰ উদ্ধৃতি দি কয় যে প্ৰায়ে তথ্যৰ অভাৱত আৰু সঠিক অনুসন্ধান নোহোৱাকৈয়ে আয়কৰ বিভাগে তালাচী চলায়, যাৰ ফলত কৰদাতাসকল অনাহকত হাৰাশাস্তিৰ সন্মুখীন হয়। তেওঁ উল্লেখ কৰে যে ব্যৱস্থাটোৰ ভিতৰত তালাচীৰ কাৰণসমূহ পৰীক্ষা কৰাৰ কোনোবা এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া (mechanism) থাকিব লাগে, অন্যথা কৰ্তৃপক্ষই নিজৰ ইচ্ছা অনুযায়ী পিছত কাৰণসমূহ সংযোজন কৰাৰ সুযোগ পাব। তেওঁ বিখ্যাত কবি ফৈজ আহমদ ফৈজৰ কবিতাৰ উদ্ধৃতি দি কয় যে তালাচীৰ কাৰণবোৰ ‘হাজিৰ’ আৰু ‘গায়ব’ (অৰ্থাৎ থকা আৰু নথকা) দুয়োটাই হোৱা অনুচিত; ই স্পষ্ট আৰু সুৰক্ষিত হ’ব লাগে।
ন্যায়াধীশ জয়মাল্য বাগচীয়ে এই সন্দৰ্ভত কয় যে যিহেতু এই আইনখনত উচ্চ ন্যায়ালয়ৰ জৰিয়তে ন্যায়িক সমীক্ষাৰ (Judicial Review) সুযোগ আছে, সেয়েহে এই ব্যৱস্থাটোক সম্পূৰ্ণৰূপে অসংবিধানিক বুলি ক’ব নোৱাৰি। হেগড়েই ইয়াৰ প্ৰত্যুত্তৰত কয় যে প্ৰতিজন সাধাৰণ ব্যক্তিৰ বাবে তালাচীৰ কাৰণ জানিবলৈ উচ্চ ন্যায়ালয়ৰ কাষ চপা সম্ভৱ নহয় আৰু অতি কমেও ট্ৰাইবিউনেলৰ পৰ্যায়ত এই কাৰণসমূহ দেখুওৱাৰ ব্যৱস্থা থাকিব লাগে। শুনানিৰ অন্তত মুখ্য ন্যায়াধীশ সূৰ্য কান্তই কয় যে বহু ক্ষেত্ৰত আৰম্ভণিতে আইনৰ ব্যৱস্থাসমূহ বিপদজনক যেন লাগিব পাৰে, কিন্তু সঠিক ব্যৱস্থাপনাৰ জৰিয়তে ইয়াৰ অপব্যৱহাৰ ৰোধ কৰিব পৰা যায়।





