• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লকডাউনৰ প্ৰসংগত বিশ্বনাথ জিলা প্ৰশাসনে জাৰি কৰিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
May 4, 2020 5:07 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

3.2k
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা আৰম্ভ হোৱা তৃতীয় পৰ্য্যায়ৰ লকডাউনৰ সময়ত বিশ্বনাথ চাৰিআলি পৌৰ সভা এলেকাৰ ব্যৱসায়িক প্ৰতিস্থান সমূহ খোলাৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে।

ৰাজ্য চৰকাৰৰ নিৰ্দেশ আৰু বিশ্বনাথ জিলা উপায়ুক্তৰ নিৰ্দেশনা অনুসৰি আজি জিলা প্ৰশাসন আৰু বিশ্বনাথ চাৰিআলি বনিক সন্থাৰ আলোচনা মৰ্মে জাৰি কৰা এই নিৰ্ধাৰিত নীতি-নিয়ম সমূহ মানি চলিহে ব্যৱসায়ীসকলে ব্যৱসায়ীক প্ৰতিস্থান সমূহ খুলিব পাৰিব।

জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি অকলশৰীয়াকৈ থকা দোকান সমূহ সন্ধিয়া ৫ বজালৈকেহে খুলিব পাৰিব। আনহাতে লগালগিকৈ থকা দোকান সমূহ খোলাৰ ক্ষেত্ৰত এক বিশেষ নীতি গ্ৰহণ কৰা হৈছে।

সেই অনুসৰি ১নং দোকানখন খোলাৰ বিপৰীতে ২নং আৰু ৩নং দোকান বন্ধ থাকিব। এনেদৰে ৪নং দোকান খোলাৰ বিপৰীতে ৫নং আৰু ৬নং দোকান বন্ধ থাকিব। পৰৱৰ্তী দিনত ১নং দোকান বন্ধ থাকিব আৰু ২নং দোকান খুলিব পাৰিব।

এইদৰে প্ৰতিখন ব্যৱসায়িক প্ৰতিস্থান দুদিনৰ মুৰে মুৰে এদিন খুলিব পাৰিব। এই ক্ৰম পূবৰ পৰা পশ্চিমলৈ আৰু উত্তৰৰ পৰা দক্ষিণলৈ গণণা কৰা হ’ব।

অৱশ্যে গেলামালৰ দোকান, ফাৰ্মাচী আৰু কিতাপৰ দোকানৰ ক্ষেত্ৰত এই নিৰ্দেশ প্ৰযোজ্য নহব। এনেদৰে ক্ৰম নিৰ্দ্ধাৰণত বনিক সন্হাক বিশ্বনাথ চাৰিআলি পৌৰ সভাই প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াব বুলিও কোৱা হৈছে।

ইফালে শ্বপিং মল আদিত থকা সকলো দোকান বন্ধ থাকিব। সেইদৰে ৰেষ্টুৰেন্ট, ফাষ্ট ফুড, চাহ দোকান আদিয়ে ঘৰে ঘৰে যোগান (Home Delivery) ধৰিব আৰু কাউন্টাৰ চেলহে কৰিব পাৰিব। প্ৰতিষ্ঠানত গ্ৰাহকক খাদ্য খাবলৈ দিব নোৱাৰিব। এই ক্ষেত্ৰত তেওঁলোকে কেৱল এবাৰ ব্যৱহাৰ হোৱা সামগ্ৰী (Disposable) ব্যৱহাৰ কৰিব লাগিব।

আনহাতে চেলুন, বিউটি পাৰ্লাৰ আদি খোলাত বাধা আৰোপ কৰা হৈছে যদিও ঘৰলৈ গৈ চুলি, দাড়ি আদি কটাৰ কাম কৰিব পাৰিব।

প্ৰতিস্থান সমূহৰ সকলো কৰ্মচাৰীয়ে মাস্ক পৰিধান কৰা আৰু হাত ধোৱা ব্যৱস্থা ৰখাটো বাধ্যতামূলক কৰা হৈছে। ইয়াৰ লগতে প্ৰতিস্থান সমূহক এক মিটাৰ সামাজিক দূৰত্ব বজাই ৰাখিবলৈ কোৱা হৈছে।

ইয়াৰ উপৰি ৫ বছৰৰ তলৰ সন্তান থকা মহিলা কৰ্মচাৰী নিয়োগ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে চিনেমা হল, শ্বপিং মল, জিম, ক্ৰীড়া প্ৰকল্প, বাৰ প্ৰেক্ষাগৃহ আদি খোলাত বাধা আৰোপ কৰা হৈছে।

ফাৰ্মাচীৰ বাহিৰে সকলো প্ৰতিস্থান ৫ বজাৰ পাছত বন্ধ কৰাটো বাধ্যতামূলক কৰা হৈছে। এই নিৰ্দেশ অমান্য কৰা নাইবা খোলাৰ ক্ষেত্ৰত ক্ৰম ভংগ কৰা প্ৰতিস্থান সমূহক দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত জৰিমনা বিহা হ’ব বুলিও জিলা প্ৰশাসনে নিৰ্দেশটোত সকীয়াই দিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd