• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিউয়র্ক টাইমচৰ প্ৰতিবেদনে মুখা খুলিলে ভাৰত চৰকাৰৰ: অসম নাগৰিক সমাজ

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
February 15, 2022 6:33 pm
Asom Nagorik Somaj
186
VIEWS
Share on FacebookShare on Twitter

আমেৰিকান সংবাদ সংস্থা নিউয়র্ক টাইমচে ইজৰাইল সংস্থা(NSO) ৰ বিষয়ে প্রকাশ কৰা এটা প্ৰতিবেদনে মুখা খুলিলে ভাৰত চৰকাৰৰ। আজি এক সংবাদ মেল সম্বোধন কৰি এইদৰে উল্লেখ কৰিছে অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞাই।

যদিও NSO এটা ব্যক্তিগত সংস্থা, ইজৰাইলৰ সামৰিক চোৰাংচোৱা বাহিনীৰ কিছু লোক সংস্থাটোৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত। NSO আৰু ইজৰাইল চৰকাৰৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে।

ইজৰাইল চৰকাৰৰ ৰাজনৈতিক আৰু কূটনৈতিক স্বার্থ পূৰণৰ স্বাৰ্থত NSO – এ অইন এখন দেশলৈ ছফ্টৱেৰ যোগান ধৰে।

নিউয়ৰ্ক টাইমচৰ প্ৰতিবেদনটোত এই সংস্থাটোৰ বিষয়ে কেতবোৰ অতি তাৎপৰ্যপূৰ্ণ কথা উল্লেখ কৰা হৈছে। চফ্টৱেৰটোৰ ঘোষিত উদ্দেশ্য হল অপৰাধমূলক আৰু সন্ত্রাসবাদী কার্যকলাপ নিয়ন্ত্রণ কৰা।

কিন্তু বাস্তৱক্ষেত্ৰত, বিশেষকৈ মেক্সিকো, পানামা, পোলেণ্ড, হাংগেৰী আৰু সংযুক্ত আৰব এমিৰেটৰ দৰে দেশসমূহত ইয়াক ব্যৱহাৰ কৰা হৈছে মানৱ-অধিকাৰ কৰ্মী আৰু ৰাজনৈতিক বিৰোধীসকলৰ বিৰুদ্ধেহে।

প্রতিবেদনটোত এই কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ২০১৭ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ ইজৰাইল ভ্ৰমণৰ সময়ত ভাৰত চৰকাৰে অন্য সামৰিক অস্ত্ৰৰ লগতে এই NSO স্পাইৱেয়াৰ পেগাচাছো দুশ কোটি ডলাৰ মূল্যত কিনিছিল।

পেগাচাছ স্পাইৱেয়াৰৰ বিষয়ে এই প্রতিবেদনটো দুজন প্রখ্যাত সাংবাদিকে বছৰজোৰা গৱেষণাৰ অন্তত প্ৰস্তুত কৰিছে।

তেওঁলোকে অসংখ্য চৰকাৰী বিষয়া, চোৰাংচোৱা, আইন শৃঙ্খলা বলৱৎকাৰী অনুষ্ঠানৰ নেতৃস্থানীয় লোক, চাইবাৰ অস্ত্ৰৰ বিশেষজ্ঞ, ব্যৱসায়িক প্ৰতিষ্ঠানৰ উচ্চ পদস্থ ব্যক্তি আৰু ব্যক্তি স্বাধীনতা কৰ্মীৰ সক্ষাৎকাৰ লৈ এই প্রতিবেদনটি প্রস্তুত কৰিছিল।

পেগাচাছ সম্পর্কে ভাৰতৰ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা এই অভিযোগ নিউয়র্ক টাইমচৰ প্রতিবেদনটোৱে সত্য প্রমাণিত কৰিলে।

সংবাদ মেলত অজিত ভূঞাই কয়, এইয়া এটা অতি ভয়ংকৰ কথা। ভাৰত চৰকাৰে কেনেকৈ এনে এটা কাম কৰিব পাৰে? ই এক নোহোৱা-নোপজা কথা! গণতান্ত্ৰিক ভাৱে নির্বাচিত চৰকাৰ এখনৰ দ্বাৰা ই দেখদেখকৈ ক্ষমতাৰ অপব্যৱহাৰ।

গণতন্ত্র আৰু আইনৰ শাসনৰ সম্পূর্ণ পৰিপন্থী এই কাম কৰাৰ পিছতো চৰকাৰে পেগাচাছ বিতর্কৰ ক্ষেত্ৰত ভাৰতীয় সংসদ আৰু উচ্চতম ন্যায়ালয়কো ভুল পথে পৰিচালিত কৰিছে।

যিখন চৰকাৰে এটা স্পাইৱেয়াৰ নিজৰ নাগৰিক, ৰাজনৈতিক বিৰোধী আৰু উচ্চ পদবীত থকা ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পাৰে সেইখন চৰকাৰ নিজেই গণতন্ত্ৰৰ প্ৰতি এক প্রচণ্ড ভাবুকি নহয় নে বুলিও প্ৰশ্ন উত্থাপন কৰে নাগৰিক সমাজে।

সভাপতি ভূঞাই লগতে কয় যে স্বাধীনতাৰ পিচত আমাৰ দেশ এই বাৰেই প্ৰথম এনে ধৰণৰ ঘটনাৰ সন্মুখীন হৈছে। আমাৰ সংবিধান আৰু ই ঊর্ধ্বত তুলি ধৰা মৌলিক অধিকাৰসমূহ চৰকাৰৰ কাৰ্যই খৰ্ব কৰিছে। ই আমাৰ সকলোৰে বাবে এক গভীৰ উদ্বেগৰ বিষয়।

“আমি আমাৰ বিবেকক প্রশ্ন কৰা উচিত এওঁলোকে আমাৰ দেশখন কলৈ লৈ গৈছে৷ ইয়াৰ পিচতো তেওঁলোকৰ ক্ষমতাত থকাৰ অধিকাৰ আছে নে” বুলি প্ৰশ্ন কৰে ভূঞাই।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd