• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, April 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতৰ পৰা যোৱা কাকোৱে প্ৰৱেশ কৰিবলৈ নিদিয়ে এইখন দেশে; জাৰি কৰিলে নিষেধাজ্ঞা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 8, 2021 2:28 pm

2 min read

indian-tourist-visa

ফটো সৌজন্য: visafactory

480
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৱে আতংক বিয়পাইছে ভাৰতত। তাৰেই পৰিপ্ৰেক্ষিতত ভাৰতৰ পৰা নিউজিলেণ্ডলৈ যোৱাত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰিছে দেশখনৰ জেছিণ্ডা অৰ্ডেন প্ৰশাসনে।

সদ্যহতে দুসপ্তাহৰ বাবে ভাৰতৰ পৰা কোনো যাত্ৰী নিউজিলেণ্ডত প্ৰৱেশ কৰিব নোৱাৰিব। আনকি নিউজিলেণ্ডৰ নাগৰিকেও এইক্ষেত্ৰত ৰেহাই নাপাব।

বৃহস্পতিবাৰে অকলেণ্ডত এখন সংবাদ মেলত প্ৰধান মন্ত্ৰী অৰ্ডেনে কয়, ‘’ভাৰতৰ পৰা অহা যাত্ৰীসকলক নিউজিলেণ্ডত প্ৰৱেশৰ ক্ষেত্ৰত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰা হৈছে।‘’

প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ভাৰতৰ পৰা অহা কৰ’না আক্ৰান্ত ৰোগীৰ বাবেই এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অৱশ্যে এইটো কোন নিৰ্দিষ্ট দেশভিত্তিক বিবেচনা নহয়।

বৃহস্পতিবাৰে নিউজিলেণ্ডৰ সীমান্তত ২৩জন নতুন কৰ’না আক্ৰান্তৰ খৱৰ পোৱা গৈছে। ইয়াৰ ভিতৰত ১৭ জনৰেই ভাৰতৰ সৈতে যোগসূত্ৰ আছে।

এনে পৰিপ্ৰেক্ষিতত অহা ১১এপ্ৰিল দেওবাৰৰ বিয়লিৰ পৰা নিষেধাজ্ঞা কাৰ্যকৰী হ’ব বুলি কোৱা হৈছে। অহা ২৮ এপ্ৰিললৈকে এই নিষেধাজ্ঞা চলিব।

ইয়াৰ পৱৰ্তী সময়ত পৰিস্থিতিৰ পৰ্যালোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব আৰু ভাৰতৰ পৰা নিউজিলেণ্ডলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হ’ব।

ইপিনে, নিউজিলেণ্ডত কৰ’না বাইৰাছৰ সংক্ৰমণ সীমিত। প্ৰায় ৪০দিন ধৰি স্থানীয়ভাৱে গোষ্ঠী সংক্ৰমণ ঘটাৰ কোনো বাতৰি নাই। কিন্তু শেহতীয়াকৈ ভাৰতকে ধৰি বিদেশৰ পৰা কৰ’না আক্ৰান্ত লোক দেশখনৰ সীমান্তত উপস্থিত হোৱাত দেশখনৰ প্ৰশাসনে নতুনকৈ চিন্তা-চৰ্চা কৰিবলৈ লৈছে।

Recent News

Schools_during_COVID19_16

ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়

Covid-test-image-1-1

স্তব্ধ হোৱা নাই অসমত কৰ’নাৰ সংক্ৰমণ; আজি ৰাজ্যখনত পুনৰ ১৩৬৭গৰাকী লোক আক্ৰান্ত

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd