• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেট্ৰিকৰ ফলাফলৰ খবৰে ছিপাঝাৰত তিনিটা পৰিয়ালত তুলিছে কান্দোনৰ ৰোল

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
June 7, 2022 4:31 pm
HSLC Result
205
VIEWS
Share on FacebookShare on Twitter

আজি প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ছাত্ৰ জীৱনৰ প্ৰথমটো মূল পৰীক্ষাৰ ফলাফলৰ বাবে পৰম উৎকণ্ঠাৰে বাট চোৱাৰ পিছত ফলাফলৰ বাতৰিয়ে আনন্দিত কৰি তুলিছে প্ৰৰীক্ষাৰ্থী সকলৰ লগতে অভিভাৱকসকলকো।

কিন্তু ছিপাঝাৰৰ তিনিটা পৰিয়ালৰ তিনিগৰাকী ছাত্ৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছতো এতিয়া তেওঁলোকৰ গৃহত উঠিছে কান্দোনৰ ৰোল। নিজৰ এই ফলাফলৰ সুখানুভূতি উপভোগ কৰিবলৈ এই ধৰাতে নাই ছাত্ৰ কেইজন।

যোৱা মে’ মাহৰ ২৪ তাৰিখে ছিপাঝাৰত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যুক সাবটি ল’বলগীয়া হৈছিল এই তিনিগৰাকী ছাত্ৰই। আটাইকেইগৰাকী ছাত্ৰৰে দুচকুত আছিল অসীম আশা, এদিন যোগ্য হিচাপে ভৰ্তি হ’ব নিৰাপত্তাৰক্ষী বাহিনীত।

জনসাধাৰণৰ বাবে, দেশৰ বাবে আগবঢ়াব সেৱা! লগতে এটা চাকৰিৰ দ্বাৰা ঠন ধৰাই তুলিব ঘৰখনৰ অৰ্থনৈতিক অৱস্থা। নিজকে যোগ্যৰূপত প্ৰতিষ্ঠা কৰিব বিচৰা এটি কুমলীয়া সপোন লৈয়ে পুৱাই উঠি ৰাজপথত নিতৌ কৰিছিল দৌৰৰ অনুশীলন।

তেওঁলোকৰ নিজৰ ওপৰত হয়তো আছিল অযুত বিশ্বাস। অনুষ্ঠিত হৈ যোৱা পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’ম বুলি হয়তো নিশ্চিত আছিল আটাইকেইজন ছাত্ৰ।

এই বিশ্বাসৰ প্ৰতিফলন ঘটিছে সদ্য ঘোষিত ফলাফলত। দুৰ্ঘটনাত নিহত ৰেকিব আলি নামৰ কিশোৰজনে আজি ঘোষিত মেট্ৰিকৰ ফলাফলত লাভ কৰিছে ৭২ শতাংশ নম্বৰ।

একেদৰে দুৰ্ঘটনাত নিহত আন দুজন কিশোৰ ক্ৰমে ইমদাদুল হকে লাভ কৰিছে ৫৮ শতাংশ নম্বৰ আৰু জিন্টুমণি আহমেদে দুখনত লেটাৰসহ ৬১ শতাংশ নম্বৰ লাভ কৰিছে।

কিন্তু নিজৰ এই সফলতাৰ গৌৰৱৰ অংশীদাৰ হ’বলৈ জীয়াই নাথাকিল ছাত্ৰকেইজন। দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত ইহসংসাৰৰ পৰা বিদায় মাগিলে তিনিও বন্ধুৱে।

ছাত্ৰকেইজনক আৱৰ্তমানত এতিয়া তেওঁলোকৰ ঘৰত বিৰাজ কৰিছে এক দু:সহ পৰিৱেশ। আটাইকেইজনৰে ঘৰত এতিয়া কেৱল কান্দোনৰ কৰুণ সুৰ।

কেৱল ছাত্ৰ কেইগৰাকীৰ পৰিয়ালতে নহয়, মেধাৱী ছাত্ৰকেইগৰাকীৰ এই ফলাফলে এতিয়া সমগ্ৰ অঞ্চলটোতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

Recent News

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd