আঘাত অতিক্ৰম কৰি তেওঁ বিশ্বকাপ দলত স্থান লাভ কৰিছে যদিও আঘাতে নেইমাৰৰ পিছ এৰা নাই। ব্ৰাজিলৰ বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত হোৱাৰ পিছত ক্লাবৰ এখন খেলত পুনৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নেইমাৰ জুনিয়ৰ।
ব্ৰাজিলৰ ক্লাব ছান্টোছ এফ চিৰ হৈ খেলি থকাৰ সময়তে নেইমাৰে সোঁভৰিৰ পেশীত আঘাত পাইছে। তেওঁৰ আঘাত কিমান গুৰুতৰ সেয়া সঠিক এতিয়াও জানিব পৰা হোৱা নাই।
অহা সপ্তাহত বিশ্বকাপৰ বিশেষ শিবিৰত যোগদান কৰিব ব্ৰাজিলৰ ফুটবলাৰসকলে। তাৰ ঠিক আগতেই দলটোৰ তাৰকা ফুটবলাৰগৰাকীৰ বাবে আঘাতৰ খবৰে আশংকাৰ সৃষ্টি কৰিছে।
আগন্তুক বিশ্বকাপত ব্ৰাজিলৰ প্ৰথমখন খেল ১৪ জুনত, মৰক্কোৰ বিৰুদ্ধে। ইয়াৰ পূৰ্বে পাঁচবাৰৰ বিশ্ব চেম্পিয়ন দলটোৱে ক্ৰমে ১ আৰু ৬ জুনত পানামা আৰু ইজিপ্তৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচ খেলিব। বিশ্বকাপত মৰক্কোৰ বিৰুদ্ধে প্ৰথমখন খেল খেলাৰ পিছত ব্ৰাজিলৰ বাকী দুখন গ্ৰুপ মেচ হ’ল হাইটি (২০ জুন) আৰু স্কটলেণ্ডৰ (২৫ জুন) বিৰুদ্ধে।
বহু সময় অপেক্ষা, আঘাত আৰু অনিশ্চয়তাৰ অন্তত অৱশেষত ২০২৬ চনৰ বিশ্বকাপৰ বাবে ব্ৰাজিলৰ দলত অন্তৰ্ভুক্ত হ’ল নেইমাৰ। প্ৰায় তিনি বছৰ ধৰি ৰাষ্ট্ৰীয় দলৰ পৰা আঁতৰি থকাৰ পিছত এই প্ৰত্যাৱৰ্তনক লৈ আৱেগ উথলি আছিল। কিন্তু বিশ্বকাপ দললৈ ঘূৰি অহাৰ আনন্দৰ মাজতে আন এক আঘাতৰ ঘটনাই ব্ৰাজিলৰ শিবিৰত নতুন চিন্তাৰ সৃষ্টি কৰিছে।
শেহতীয়াকৈ ব্ৰাজিলৰ প্ৰশিক্ষক কাৰ্লো এন্সেল’টিয়ে বিশ্বকাপৰ চূড়ান্ত ২৬ জনীয়া দলৰ কথা ঘোষণা কৰিছে। ৩৪ বছৰীয়া নেইমাৰক অন্তৰ্ভুক্ত কৰাটো আছিল অন্যতম ডাঙৰ চমক আৰু আলোচনাৰ বিষয়। জাতীয় দলৰ হৈ তেওঁৰ অন্তিমখন মেচ আছিল ২০২৩ চনত। ইয়াৰ পিছত বহুবাৰ আঘাতৰ বাবে বিশেষকৈ আঁঠুৰ গুৰুতৰ সমস্যাৰ বাবে খেলপথাৰৰ বাহিৰত সময় কটাবলগীয়া হৈছিল। অৱশ্যে প্ৰশিক্ষকগৰাকীৰ মতে শেহতীয়া ফিটনেছ আৰু প্ৰস্তুতিৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্ত লোৱা হৈছে।
দল ঘোষণাৰ পিছতে নেইমাৰেও আৱেগিক সঁহাৰি দিয়ে। বিভিন্ন বাতৰিত দাবী কৰা হৈছিল যে বিশ্বকাপলৈ ঘূৰি অহাৰ খবৰ শুনি তেওঁ ভাঙি পৰিছিল আৰু আনন্দত উচুপি উঠিছিল। তেওঁ উভতি অহাৰ আঁৰত পৰিয়াল, সতীৰ্থ আৰু পুনৰ্বাসন দলৰ ভূমিকাও উল্লেখ কৰে।
অৱশ্যে সেই আনন্দ বেছি দিন নাথাকিল। বিশ্বকাপ দললৈ মাতি অনাৰ কেইদিনমানৰ ভিতৰতে পুনৰ আঘাতপ্ৰাপ্ত হয় নেইমাৰ। ব্ৰাজিলৰ ক্লাব ছান্টোছ এফ চিৰ চিকিৎসা মুৰব্বী ৰড্ৰিগো জোগাইবে কয় যে এইটো কোনো ডাঙৰ আঘাত নহয়, কিন্তু ভৰি ফুলা দেখা গৈছে, যিটো পোৱালিৰ আকাৰ প্ৰায় ২ মিলিমিটাৰ আছিল।
এই আঘাতৰ বাবে বৰ্তমান নেইমাৰ চিকিৎসাধীন হৈ আছে আৰু ক্লাবৰ প্ৰশিক্ষণ কেন্দ্ৰত তেওঁৰ পুনৰ্বাসন চলি আছে। ক্লাবৰ চিকিৎসা দলৰ উপৰিও ব্যক্তিগত ফিটনেছ দলেও পৰিস্থিতি নিৰীক্ষণ কৰি আছে। জনা গৈছে যে আগন্তুক কেইদিনমান তেওঁক জিৰণিত ৰখা হ’ব আৰু সেয়েহে তেওঁ কোনো কোনো ক্লাবৰ মেচত খেলিব নোৱাৰিব। যদিও ব্ৰাজিলৰ শিবিৰ বৰ্তমান আতংকিত হোৱা নাই।
প্ৰাৰম্ভিক মূল্যায়ন অনুসৰি ৫ৰ পৰা ১০ দিনৰ ভিতৰত তেওঁ সুস্থ হৈ উঠিব পাৰে। পৰিকল্পনা অনুসৰি ২৭ মে’ত ৰাষ্ট্ৰীয় দলৰ শিবিৰত যোগদান কৰাৰ লক্ষ্য। ৰাষ্ট্ৰীয় দলৰ চিকিৎসা কৰ্মীসকলেও পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু প্ৰয়োজন হ’লে নিজৰ মূল্যায়ন কৰিব।





