• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘নেইমাৰে ঘৰৰ পৰাই কাম কৰিছে’, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মন্তব্যত বিশ্বজুৰি চৰ্চা

বিশ্বকাপত ব্ৰাজিলে ইতিমধ্যে দুখন খেল খেলিছে। পৰৱৰ্তী পৰ্যায়লৈ যোৱাৰ দৌৰত দলটো বহু পৰিমাণে আগবাঢ়িছে। কিন্তু ব্ৰাজিল দলৰ প্ৰধান ভৰসা নেইমাৰক এতিয়াও দেখা পোৱা নাই। আঘাতৰ বাবে প্ৰথম দুখন খেলত তেওঁক নমোৱা হোৱা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2026 12:36 pm
81
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপত ব্ৰাজিলে ইতিমধ্যে দুখন খেল খেলিছে। পৰৱৰ্তী পৰ্যায়লৈ যোৱাৰ দৌৰত দলটো বহু পৰিমাণে আগবাঢ়িছে। কিন্তু ব্ৰাজিল দলৰ প্ৰধান ভৰসা নেইমাৰক এতিয়াও দেখা পোৱা নাই। আঘাতৰ বাবে প্ৰথম দুখন খেলত তেওঁক নমোৱা হোৱা নাছিল। এই বিষয়ক লৈ ফুটবল জগতত তীব্ৰ চৰ্চা চলি আছে। এইবাৰ নিজৰ দেশৰ তাৰকাগৰাকীক লৈয়েই তুমুল কটাক্ষ কৰিলে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা চিলভাই। তেওঁ স্পষ্টকৈ জনালে যে বিশ্বৰ প্ৰথমগৰাকী ফুটবলাৰ হিচাপে নেইমাৰে ঘৰৰ পৰাই কাম কৰিছে অৰ্থাৎ খেলপথাৰত ননামাকৈয়ে দায়িত্ব পালন কৰিছে।

দেশৰ জনস্বাস্থ্য আন্তঃগাঁথনিৰ বাবে বিনিয়োগৰ কথা ঘোষণা কৰিবলৈ ৰাষ্ট্ৰপতিগৰাকী এখন অনুষ্ঠানলৈ গৈছিল। তাতে তেওঁ সাধাৰণ ৰাইজৰ সৈতে কথা পাতে। এগৰাকী কিশোৰক তেওঁ প্ৰশ্ন কৰে যে ব্ৰাজিল দলৰ আটাইতকৈ ভাল ফুটবলাৰ কোন। উত্তৰত নেইমাৰৰ নাম শুনিয়েই ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকীয়ে হাঁহি পেলায়। তাৰ পিছত তেওঁ কয় যে নেইমাৰে দেখোন খেলাই নাই। আচলতে নেইমাৰে বিশ্বৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে ঘৰৰ পৰাই কাম কৰি ৰাষ্ট্ৰীয় দলত খেলি আছে। তেওঁক ঘৰৰ পৰা কাম কৰা খেলুৱৈ বুলি ক’ব পাৰি। ইয়াতেই শেষ নহয়, ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে এঘাৰগৰাকী পেলে তৈয়াৰ কৰি ৰাষ্ট্ৰীয় দল গঠন কৰিব লাগিব বুলি কোৱা ধেমেলীয়া ছবিও তেওঁ দেখিছে।

Apply Now

উল্লেখ্য যে প্ৰায় এমাহৰ আগতে শেষবাৰৰ বাবে খেলপথাৰত নামিছিল নেইমাৰ। চেণ্টোচ দলৰ হৈ খেলা সেই খেলখনত ভৰিৰ মাংসপেশীত আঘাত পোৱাৰ পিছত নেইমাৰে যে ৰাষ্ট্ৰীয় দলত স্থান পাব সেইটো বহুতেই ভবা নাছিল। কিন্তু ৰাষ্ট্ৰীয় দললৈ নিমন্ত্ৰণ পোৱাৰ পিছত জানিব পৰা যায় যে নেইমাৰৰ আঘাত প্ৰকৃততে যথেষ্ট গুৰুতৰ। সেইবাবে মৰক্কোৰ বিৰুদ্ধে হোৱা খেলখনত নেইমাৰক খেলপথাৰৰ বাহিৰত বহি থকাহে দেখা গৈছিল। কিন্তু ফিলাডেলফিয়াত হাইটিৰ বিৰুদ্ধে ব্ৰাজিলৰ খেল চলি থকাৰ সময়ত নেইমাৰ সুস্থ হ’বলৈ নিউ জাৰ্চিত আছিল আৰু দলৰ সৈতে যোৱা নাছিল।

এইবাৰ অৱশ্যে নেইমাৰে ঘৰৰ পৰাই কাম কৰা এই বদনাম আঁতৰাব বুলি আশা কৰা হৈছে। অহা পঁচিশ জুনত মায়ামি ষ্টেডিয়ামত গোট চি-ৰ অন্তিমখন খেলত ব্ৰাজিল স্কটলেণ্ডৰ মুখামুখি হ’ব। তাত এইগৰাকী তাৰকা খেলুৱৈয়ে খেলিব পাৰে। ব্ৰাজিলৰ প্ৰশিক্ষক কাৰ্লো আনচেলোত্তিয়ে কয় যে নেইমাৰে কাইলৈ সুকীয়াকৈ অনুশীলন কৰিব আৰু সোমবাৰৰ পৰা তেওঁক দলৰ সৈতে দেখা যাব। স্কটলেণ্ডৰ বিৰুদ্ধে হোৱা খেলখনত তেওঁক পোৱা যাব। নেইমাৰ নথকাৰ বাবে ব্ৰাজিল দলটোক প্ৰায় অকলেই আগুৱাই লৈ গৈছে ভিনিচিয়াছ জুনিয়ৰে। এতিয়া নেইমাৰ উভতি আহিলে তেওঁৰ ওপৰত থকা হেঁচা কিছু পৰিমাণে হ্ৰাস পাব পাৰে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

July 11, 2026 9:40 pm
৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

July 11, 2026 9:14 pm
সক্ৰিয় ভূ  চ্যুতিৰ ওপৰত বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প : চীনৰ মেগা ডেমক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত নতুন আশংকা

সক্ৰিয় ভূ  চ্যুতিৰ ওপৰত বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প : চীনৰ মেগা ডেমক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত নতুন আশংকা

July 11, 2026 9:03 pm

প্ৰধানমন্ত্ৰী মোদীৰ নীৰৱতাক লৈ চিপিআইৰ প্ৰশ্ন, ৰাম মন্দিৰ অনুদান কেলেংকাৰীক কেন্দ্ৰ কৰি ৰাজনৈতিক চাপ বৃদ্ধি

July 11, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

July 11, 2026 9:40 pm
৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

July 11, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd