উ: পূ: সীমান্ত ৰে’লৱেই ৩ অক্টোবৰত বহু প্ৰত্যাশিত বগীবিল দলঙৰ ওপৰত প্ৰথমটো স্পীড টেষ্ট সম্পন্ন কৰে। বগীবিলৰ পৰা ৭.৫ কি:মি: নিলগৰ দলঙৰ দক্ষিণফালে অৱস্থত ধামলগাঁও ৰে’ল ষ্টেশ্যনৰ পৰা এটা ৰে’ল ইঞ্জিনেৰে এই সৰীক্ষা সম্পন্ন কৰা হয়।
উ: পূ: সীমান্ত ৰে’লৱেৰ সূত্ৰ এটাই জনোৱা মতে ১২০ কি:মি:/ঘণ্টা বেগত এই পৰীক্ষা সম্পন্ন কৰা হয়। ইয়াৰ পূৰ্বে ২০ ছেপ্টেম্বৰত ৰে’লপথৰ কিছু কাম সস্পন্ন কৰাৰ বাবে দলঙৰ ওপৰেৰে এটা ট্ৰেক মেচিন পাৰ কৰি নিয়া হৈছিল।
উল্লেখ্য যে দলংখন উদ্বোধন কৰাৰ পূৰ্বে আৰু এবাৰ সৰ্বোচ্চ বহন ক্ষমতাসহ মালবাহী ৰে’লৰ ডবা পাৰ কৰাৰ পৰীক্ষা অতি শীঘ্ৰেই সম্পন্ন কৰা হ’ব।
ৰে’লৱে সূত্ৰটোৱে জনাইছে যে ধামলগাঁৱৰ ওচৰৰ ‘স্থলপথ উৰণীয়া সেতু’খন (ROB) বাদ দি বাকী সকলো কাম অক্টোবৰ মাহৰ ভিতৰতেই সম্পূৰ্ণ কৰি তোলা হ’ব।
এই দলংখনে ডিব্ৰুগড় আৰু ধেমাজি জিলাক সংযোগ কৰিব। সীমান্ত এলেকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটো শক্তিশালী কৰাৰ উপৰিও এই দলংখনে এই ঠাইখিনিৰ অৰ্থনৈতিক বিকাশৰ ধাৰাটোক ত্বৰান্বিত কৰিব।
উল্লেখ্য যে যোৱা মাহত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বগীবিল দলংখন পৰিদৰ্শন কৰিছিল। তেওঁ ব্যক্ত কৰিছিল যে চলিত বছৰৰ শেষৰ ফালে বগীবিল দলংখন জনসাধাৰণৰ বাবে মুকলি কৰা হ’ব আৰু তেওঁ প্ৰধান মন্ত্ৰী মোডীক দলংখন উদ্বোধন কৰাৰ বাবে অনুৰোধ জনায়।
উল্লেখ্য যে সময়সীমা অতিক্ৰম হোৱা বাবে ইতিমধ্যে দলংখনৰ প্ৰকল্প ব্যয় ১,৭৬৭ কোটিৰ পৰা ৫,৮০০ কোটিলৈকে বৃদ্ধি ঘটিছে।
প্ৰণিধানযোগ্য যে দেশৰ ভিতৰতে দীৰ্ঘতম ৰে’লপথ-স্থলপথ দলংখনৰ (৪.৯৪ কি:মি:) নিৰ্মাণকাৰ্য ১৬ বছৰ পূৰ্বে— ২০০২ চনৰ ২১ এপ্ৰিলত আৰম্ভ কৰা হৈছিল। ১৯৯৭ চনৰ ২২ জানুৱাৰিত প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ্চ ডি দেবগৌড়াই আধাৰশিলা স্থাপন কৰাৰ পাছত প্ৰয়াত প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে দলংখন উদ্বোধন কৰিছিল।