• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিমান বন্দৰৰ দৰে আলোকসজ্জিত কৰা হ’ব ৰে’ল ষ্টেশ্যন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 19, 2019 8:34 am
g
526
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ৰে’লৱেই উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত ১১টা ৰে’ল ষ্টেশ্যনক বিমান বন্দৰৰ লেখিয়াকৈ আলোক-সজ্জিত কৰাৰ পৰিকল্পনা কৰিছে।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুখ্য জন সম্পৰ্কৰক্ষী বিষয়া প্ৰণৱজ্যোতি শৰ্মাই কৈছে, ‘‘ৰে’লৱে মন্ত্ৰী পীয়ুষ গোৱেলৰ নিৰ্দেশনা অনুসৰি ৰে’লৱে প্ৰশাসনে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত কেইটামান নিৰ্বাচিত ৰে’লষ্টেশ্যনৰ আলোকন স্তৰ উন্নত কৰি সেইসমূহক বিমান বন্দৰৰ মানলৈ উন্নীত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

উত্তৰ পূবসীমান্ত ৰে’লৱেৰ অন্তৰ্গত আলোক-সজ্জিত হ’বলগীয়া ১১টা ৰে’লৱে ষ্টেশ্যন হৈছে গুৱাহাটী, কাটিহাৰ, পুৰ্নিয়া, কিশানগঞ্জ, বাৰছৈ, কামাখ্যা, লামডিং, ডিমাপুৰ, নিউ তিনিচুকীয়া, ডিব্ৰুগড আৰু আগৰতলা।

‘‘এই অভিলাসী পৰিকল্পনাৰ অন্তৰ্গত এই ৰে’ল ষ্টেশ্যনসমূহৰ বিভিন্ন স্থানৰ উজ্জলতা বৃদ্ধি কৰা হ’ব। ঘাইকৈ পাৰিপাৰ্শিক আৰু যাত্ৰী সুবিধাৰ নিমিত্তেই এই আলোকনৰ কাম কৰা হ’ব।’’ শৰ্মাই কয়।

তেওঁ আৰু কৈছে, ‘‘এই পৰিকল্পনাৰ অন্তৰ্গত ৰে’লৱে ষ্টেশ্যনৰ সন্মুখৰ মুক্ত এলেকাৰ উজ্জলতাৰ স্তৰ ১৬০ লাক্স, চাৰিওপাশৰ উজ্জলতাৰ স্তৰ ১১০ লাক্স, অপেক্ষা কক্ষৰ উজ্জলতাৰ স্তৰ ১৫০ লাক্স, মুক্ত প্লেটফৰ্ম এলেকাৰ উজ্জলতাৰ স্তৰ ১০০ লাক্স, আচ্ছাদিত প্লেটফৰ্ম এলেকাৰ উজ্জলতাৰ স্তৰ ২০০ লাক্স, অনুসন্ধান আৰু আসন সংৰক্ষণ কাৰ্যালয় কাউণ্টাৰৰ উজ্জলতাৰ স্তৰ ১৫০ লাক্স, ফুট অভাৰব্ৰীজ/ছাবৱে এলেকা আৰু এস্কেলেটৰ, লিফ্ট আৰু চিৰিৰ কাষৰ স্থানৰ উজ্জলতাৰ স্তৰ ১৫০ লাক্স, আৰু বাহিৰৰ পাৰ্কিং এলেকাৰ উজ্জলতাৰ স্তৰ ৫০ লাক্স ৰখাৰ ব্যৱস্থা কৰা হ’ব।

উল্লেখ্য যে সকলো ৰে’ল ষ্টেশ্যনতেই ১০০শতাংশ এলইডি লাইট স্থাপন কৰি উত্তৰ পূব সীমান্ত ৰে’লৱেই ইতিমধ্যেই উন্নততৰ উজ্জলতা লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে উক্ত ষ্টেশ্যনসমূহ আৰু ইয়াৰ আশ-পাশৰ এলেকাসমূহ আলোকসজজইত কৰাৰ ফলত  বিদ্যুৎশক্তি খৰছ ৰাহি হ’ব। উন্নত লাইটিঙে যাত্ৰীৰ নিৰাপত্তা ব্যৱস্থা উন্নত কৰাৰ লগতে ইয়ে ষ্টেশ্যনটো ছাফ-চিকুন কৰাত সহায় কৰি ইয়াৰ সৌন্দৰ্যও বৃদ্ধি কৰিব বুলি পূব সীমান্ত ৰে’লৱেৰ মুখ্য জন সম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

পৰিকল্পনা অনুসৰি, ২০১৯ৰ ১৫ ফেব্ৰুৱাৰিৰ ভিতৰতেই এই কাম সম্পন্ন কৰিব  এনএফ ৰে’লৱেই।

Recent News

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd