• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ-পূব সীমান্ত ৰে’লৱেত সংযুক্ত হ’ব ‘ফগ পাছ’ আহিলা

by
November 11, 2018 7:12 pm
Train_fog_Allahabad
493
VIEWS
Share on FacebookShare on Twitter

শীতৰ দিনৰ কুঁৱলীৰ মাজেৰে নিৰ্বিঘ্নে ৰে’লগাড়ী চলোৱাত সহায়ক হোৱাকৈ চালকক সহায় কৰাৰ বাবে ‘ফগ পাছ’ নামৰ এবিধ লঘু আহিলা সংযুক্ত কৰিবলৈ আগবাঢ়িছে উত্তৰ-পূব সীমান্ত ৰে’লৱে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এগৰাকী মুখপাত্ৰই শনিবাৰে এই কথা প্ৰকাশ কৰিছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখপাত্ৰ প্ৰণৱজ্যোতি শৰ্মাই কৈছে যে আহিলাবিধ হৈছে জিপিএছ ভিত্তিক এবিধ কম ব্যয়-বহুল আহিলা। কুঁৱলীৰ বাবে অনুমতিপ্ৰাপ্ত বেগত ৰে’লগাড়ী চলোৱাটো বিপজ্জনক হোৱাৰ সময়ত কামত আহিব।

শৰ্মাই জনাইছে যে এই আহিলাবিধ দৰাচলতে এক দৃশ্য-শ্ৰব্য চালনবিদ্যা সহায়ক ব্যৱস্থা। ইয়ে সমুখত থকা চিগনেল, আৰু লেভেল ক্ৰছিং আদি অন্যন্য জৰুৰী স্থানসমূহৰ বিষয়ে চালকক অৱগত কৰাব। তেওঁ আৰু জনাইছে আহিলাবিধে ৰীয়েল টাইম ভিত্তিক ভইচ নিৰ্দেশনা দিব।

মুখ্যপাত্ৰগৰাকীৰ মতে এই আহিলাবিধ স্থায়ী সমাধান নহয় যদিও যেতিয়াই প্ৰয়োজন হয়, তেতিয়াই চালকে ইয়াৰ সহায় ল’ব পাৰিব। আহিলাবিধৰ ওজন ডেৰ কেজিতকৈ কম আৰু ইয়াত ৰিচাৰ্জেবল লিথিয়াম আয়ন বেটাৰী থাকিব আৰু এবাৰ চাৰ্জ দিলে ই ১৮ ঘণ্টালৈকে চলি থাকিব। তেওঁ আৰু জনাইছে যে উঃ পূঃ সীমান্ত ৰে’লৱেত মুঠ ১,১০১ টা এনেধৰণৰ আহিলা সংযুক্ত কৰা হ’ব।

উল্লেখ্য যে ২০১১ চনত ৰে’লৱে মন্ত্ৰ্য়ালয় গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ নিৰাপত্তা পুনৰীক্ষণ কমিটীৰ (কাকধৰ কমিটী) পৰামৰ্শৰ ভিত্তিত এই আহিলাবিধ প্ৰৱৰ্তন কৰা হৈছে।

কাকধৰ কমিটীয়ে ১০৬টা পৰামৰ্শ দিছে আৰু ইয়াৰে ৬৮টা পৰামৰ্শ সম্পূৰ্ণ গ্ৰহণযোগ্য আৰু ১৯ টাক আংশিকভাৱে গ্ৰহণযোগ্য মৰ্যাদা প্ৰদান কৰা হৈছে।  ভাৰতীয় ৰে’লৱেই ইতিমধ্যে কমিটীখনৰ ২২টা পৰামৰ্শক ব্যৱহাৰিক ৰূপ দিছে।

Recent News

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd