অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰলৈ এক বৃহৎ ধাক্কা দি ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে (এন জি টি) এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ দায়িত্ব পালনৰ বাবে অসম বন সুৰক্ষা বাহিনীৰ প্ৰায় ১৬০০ গৰাকী জোৱানক নিয়োগ কৰিবলৈ চৰকাৰে দিয়া নিৰ্দেশৰ ওপৰত প্ৰাধিকৰণৰ পূব মণ্ডলৰ বিচাৰপীঠে স্থগিতাদেশ আৰোপ কৰিছে।
চোৰাং চিকাৰ প্ৰতিৰোধ, অবৈধ গছ কটা ৰোধ আৰু বনাঞ্চলৰ সুৰক্ষাৰ দৰে মূল দায়িত্বৰ পৰা বনকৰ্মীসকলক আঁতৰাই নিৰ্বাচনী কামত লগোৱাৰ বিৰুদ্ধে দাখিল কৰা এখন আৱেদনৰ ভিত্তিত এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।ন্যায়িক সদস্য ন্যায়াধীশ অৰুণ কুমাৰ ত্যাগী আৰু বিশেষজ্ঞ সদস্য ঈশ্বৰ সিঙক লৈ গঠিত দুজনীয়া বিচাৰপীঠখনে ৰাজ্য চৰকাৰৰ এই নিৰ্দেশনাক ত্ৰুটিপূৰ্ণ আৰু আইন বিৰোধী বুলি আখ্যা দিছে। এই সন্দৰ্ভত ন্যায়াধিকৰণে অসম চৰকাৰ, কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়, ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য কৰ্তৃপক্ষ, প্ৰধান মুখ্য বন সংৰক্ষক আৰু বিশেষ মুখ্য সচিবলৈ জাননী প্ৰেৰণ কৰিছে।
শুনানীত ন্যায়াধিকৰণে স্পষ্ট কৰি দিয়ে যে চৰকাৰক এই নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য নকৰিলে ই ভৱিষ্যতৰ বাবে এক ভুল পৰম্পৰাৰ সৃষ্টি কৰিব। গোচৰটোৰ পৰৱৰ্তী শুনানী অহা ৬ এপ্ৰিলত নিৰ্ধাৰণ কৰা হৈছে।যোৱা ১৯ মাৰ্চত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱে এই বিতৰ্কিত নিৰ্দেশনাটো জাৰি কৰিছিল। নিৰ্দেশনা অনুসৰি বন সুৰক্ষা বাহিনীৰ জোৱানসকলক ৩ এপ্ৰিলৰ ভিতৰত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ আৰু নিৰ্বাচনৰ পিছদিনা অৰ্থাৎ ১০ এপ্ৰিললৈকে নিৰ্বাচনী দায়িত্বত নিয়োজিত থাকিবলৈ কোৱা হৈছিল। ইয়াৰ বিৰুদ্ধে অধিবক্তা গৌৰৱ বনচলে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ কাষ চাপে।
আৱেদনকাৰীয়ে যুক্তি দৰ্শাইছিল যে এই পদক্ষেপে ২০২৪ চনৰ মে’ মাহত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনাক উলংঘা কৰিছে, য’ত বনকৰ্মী বা বন বিভাগৰ বাহনক নিৰ্বাচন বা বনজ সম্পদৰ সুৰক্ষাৰ বাহিৰে আন কোনো অনা-বনজ কামত ব্যৱহাৰ কৰাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।উল্লেখ্য যে ১৯৮৬ চনত স্থাপিত অসম বন সুৰক্ষা বাহিনীৰ প্ৰাথমিক দায়িত্ব হৈছে ৰাজ্যৰ বনাঞ্চল আৰু বন্যপ্ৰাণীসমূহৰ সুৰক্ষা নিশ্চিত কৰা। বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰে স্পৰ্শকাতৰ বনাঞ্চলসমূহৰ নিৰন্তৰ নিৰীক্ষণৰ বাবে এই জোৱানসকলৰ উপস্থিতি অপৰিহাৰ্য বুলি আৱেদনখনত উল্লেখ কৰা হৈছে। ইপিনে, এই নিৰ্দেশনা জাৰি কৰা অৱসৰপ্ৰাপ্ত ভাৰতীয় বন সেৱাৰ বিষয়া এম কে যাদৱ পূৰ্বেও বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল। ২০২৫ চনৰ মে’ মাহত বনাঞ্চলৰ মাটিত আইন বহিৰ্ভূতভাৱে কমাণ্ডো বেটেলিয়নৰ শিবিৰ স্থাপনৰ অনুমতি দিয়াৰ অভিযোগত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল। বৰ্তমান ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ এই অন্তৱৰ্তীকালীন নিৰ্দেশৰ ফলত বন সুৰক্ষা বাহিনীক নিৰ্বাচনী দায়িত্বত নিয়োগ কৰাৰ প্ৰক্ৰিয়াটো সাময়িকভাৱে স্তব্ধ হৈ পৰিছে।





