• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাইলিটাৰেল নিউমনিয়াত ভোগা যুৱতীৰ প্ৰাণ ৰক্ষা নাৰায়ণা হস্পিটেলৰ

NE NOW NEWS
গুৱাহাটী , December 6, 2018 4:24 pm

2 min read

NH-NARAYANA-750x375

প্ৰতিনিধিত্বমূলক ফটো

287
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ নাৰায়ণা ছুপাৰস্পেচিয়েলিটী হস্পিটেলৰ সংকটকালীন সেৱা আৰু নিউমোনোলজি বিভাগৰ চিকিৎসকলৰ নিৰলস প্ৰচেষ্টাত এগৰাকী ২২ বছৰীয়া যুৱতীৰ প্ৰাণ ৰক্ষা পৰিছে।

মেঘা সিনহা নামৰ যুৱতীগৰাকী বাইলিটাৰেল নিউমোনিয়া অৰ্থাৎ নিউমোনিয়াৰ দ্বাৰা দুয়োটা হাওফাও আক্ৰান্ত  হোৱা ৰোগত আক্ৰান্ত হৈছিল। ইয়াৰ ফলত তেওঁ উশাহ লোৱাত কষ্ট পোৱাৰ লগতে আৰু তীব্ৰ জ্বৰত ভুগি আছিল। তেওঁৰ অৱস্থা ইমান শোচনীয় হৈ পৰিছিল যে অক্সিজেন দিয়াৰ পাছতো তেওঁৰ তেজত অক্সিজেনৰ মাত্ৰা স্বাভাৱিক ৰাখিব পৰা নগৈছিল। তেওঁৰ তেজত অক্সিজেনৰ মাত্ৰা যথেষ্ট কমি যোৱাৰ পাছত নাৰায়ণা ছুপাৰস্পেচিয়েলিটী হস্পিটেলৰ জৰুৰীকালীন সেৱা বিভাগে তেওঁক ভেণ্টিলেটৰ ছাপৰ্ট দিয়াৰ কথা বিৱেচনা কৰে। তেওঁৰ ১০০শতাংশ অক্সিজেনৰ লগতে ব্ৰ’ড স্পেক্ট্ৰাম এণ্টিবায়টিক ( broad spectrum antibiotics হৈছে গ্ৰাম পজিটিভ (gram positive) আৰু গ্ৰাম নেগেটিভ (gram negative) দুয়ো প্ৰকাৰৰ বেক্টেৰিয়াৰ বিৰূদ্ধে কাৰ্যক্ষম হ’ব পৰা) আৰু আন আন জীৱনৰক্ষী সাহাৰ্য প্ৰদান কৰা হৈছিল।

এটা উৎসৰ্গিত সংকটকালীন সেৱা বিভাগৰ বিশেষজ্ঞৰ দলে তেওঁক সদা-সৰ্বক্ষণ নিৰীক্ষণ কৰি আছিল।

সাধাৰণতে বাইলিটাৰেল নিউমোনিয়াত আক্ৰান্ত হ’লে সৰ্বাধিক অক্সিজেনৰ প্ৰযোজন হয় আৰু আৰোগ্য হ’বলৈ ৩ৰ পৰা ৪ সপ্তাহ সময় লয়। কিন্তু নাৰায়ণা ছুপাৰস্পেচিয়েলিটী হস্পিটেলৰ আইচিয়ুৰ উৎসৰ্গিত গোটটোৰ নিৰলস প্ৰচেষ্টাৰ পলত তেওঁ শীঘ্ৰেই আৰোগ্য লাভ কৰিবলৈ সক্ষম হয়। বৰ্তমান ৰোগীগৰাকীক ভেণ্টিলেটৰৰ পৰা মুক্ত কৰি আইচিয়ুত ৩দিন ৰখাৰ পাছত তেওঁক ৱাৰ্ডলৈ অনা হৈছে। বৰ্তমান তেওঁ ভালে আছে।

সংকটকালীন সেৱা আৰু জৰুৰীকালীন মেডিচিন বিভাগৰ কনছালটেণ্ট আৰু মুৰব্বী ডা০ অপূৰ্ব কুমাৰ বৰাই কৈছে, ‘‘বাইলিটাৰেল নিউমোনিয়া প্ৰাণঘাটী হ’ব পাৰে আৰু ই সাধাৰণতে ভাইৰাছ সংক্ৰমণৰ ফলত হয়। এই ৰোগত আক্ৰান্ত হ’লে নাকেৰে ধাৰাসাৰে পানী ওলাই থকা, কাঁহ, উশাহ লোৱাত কষ্ট পোৱা, জ্বৰ, গোটেই গাত বিষ, ডায়েৰীয়া আদি উপসৰ্গই দেখা দিয়ে। এই ৰোগ অতি সোনকালে বাঢ়ে। বিশেষকৈ চিঅ’পিডি (COPD) (এম্ফিছেমা আৰু ক্ৰনিক ব্ৰংকাইটিছ আদি হাওফাওৰ ৰোগসমূহৰ গোট), এজমা আদি ৰোগত আক্ৰান্ত সকলে যথেষ্ট সোনকালে এই চিকিৎসা কৰাব লাগে। হাই ৰিস্ক থকা ৰোগীসকলে ইয়াৰ প্ৰতিষেধক ছিটাও ল’ব লাগে।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd