DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, January 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পঞ্চভূতত বিলীন হ’ল কবি নীলমণি: কবিৰ ইচ্ছামতেই শেষকৃত্য সম্পন্ন ভূতনাথত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2023 7:12 pm
Nilmani Phookan
109
VIEWS
Share on FacebookShare on Twitter

অযুত গুণমুগ্ধক শোকস্তদ্ধ কৰি অৱশেষত পঞ্চভূতত বিলীন হ’ল কাব্যঋষি নীলমণি ফুকন। কবিৰ শেষ ইচ্ছা অনুসৰিয়েই আজি আত্মীয়-স্বজন আৰু কিছু গুণমুগ্ধৰ উপস্থিতিত ভূতনাথ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয়।

ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, কামৰূপ মেট্ৰ’ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ লগতে পৰিয়ালৰ সদস্য আৰু শুভাকাংক্ষীসকল অন্তিম সংস্কাৰৰ সময়ত উপস্থিত থাকে।

জানিব পৰা মতে, কবিগৰাকীয়ে নিজ মুখে তেওঁৰ মৃত্যুৰ পিছত মৃতদেহ পোনে পোনে ভূতনাথ শ্মশানলৈ লৈ যাবলৈ উল্লেখ কৰি গৈছিল। সহজ-সৰল জীৱন-যাপনেৰে গুণমুগ্ধৰ মনত ঋষিতুল্য সাঁচ বহুওৱা কবি নীলমণিয়ে নিজৰ অন্তিম যাত্ৰাত বিচৰা নাছিল কোনো লোকৰে অনাহক অশান্তি!

উল্লেখ্য যে, কাব্যঋষি নীলমণি ফুকনৰ আজি পুৱা ১১ বাজি ৫৫ মিনিটত দেহাৱসান ঘটে। জ্ঞানপীঠ বঁটা বিজয়ী কবিগৰাকীৰ মহাপ্ৰয়ানত শোকস্তদ্ধ হৈ পৰিছে অসমৰ কাব্যপ্ৰেমীৰ লগতে সুধী সমাজ। কবিৰ মৃত্যুৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে কবি গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি ঘোষণা কৰিছিল।

অসমীয়া সাহিত্যৰ তৃতীয়গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনৰ কবিতাই প্ৰজন্মৰ পিছত প্ৰজন্মৰ মন মগজু আলোড়িত কৰি ৰাখিছে।

কবি নীলমনি ফুকনৰ উল্লেখযোগ্য কবিতাপুথি সমূহৰ ভিতৰত সূৰ্য হেনো নামি আহে এই নদীয়েদি, নিৰ্জনতাৰ শব্দ, ১৯৬৫, আৰু কি নৈঃশব্দ্য, জাপানী কবিতা, ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে, কাঁইট গোলাপ আৰু কাঁইট, গাৰ্থিয়া লৰ্কাৰ কবিতা, নৃত্যৰতা পৃথিৱী, চীনা কবিতা, আদি অন্যতম।

১৯৩৩ চনৰ ১০ ছেপ্টেম্বৰত গোলাঘাট জিলাৰ দেৰগাঁৱত নীলমণি ফুকনৰ জন্ম। তেওঁ ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁক ১৯৮১ চনত তেওঁৰ ‘কবিতা’ শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হয়৷ ১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে ফুকনক৷

তদুপৰি, ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু ২০০২ চনত সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল’ প্ৰদান কৰা হয়৷ কবি ফুকনক ২০১৯ বৰ্ষৰ ১৯ আগষ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘ডি লীট’ উপাধি প্ৰদান কৰে৷

১৯৬৪ চনত গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰি নীলমনি ফুকনে ১৯৯২ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। কবিতাৰে মানুহৰ হৃদয় উদ্বেলিত কৰি চিৰকাল মানৱতাৰ জয়গান গোৱা অসমীয়া বৌদ্ধিক আকাশৰ মহানক্ষত্ৰৰ যেন আজি পতন ঘটিল।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd