চৰকাৰী নিৰ্দেশ অনুসৰী বোকাখাতৰ নিৰ্বাচনী বিষয়া জিমলী শইকীয়া কাকতীৰ কামৰূপ মেট্র’লৈ বদলি হোৱাৰ পাছত বোকাখাতৰ নিৰ্বাচনী বিষয়া হিচাবে নিযুক্তি লাভ কৰা নিতিশা বৰাই বৃহস্পতিবাৰে বিয়লী নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰে।
বোকাখাতলৈ অহাৰ পূৰ্বে নিতিশা বৰাই মাজুলী জিলাৰ সহকাৰী আয়ুক্ত হিচাপে কৰ্মৰত আছিল আৰু তেখেত ২০১৭ বৰ্ষৰ অসম প্ৰশাসনিক সেৱা বিষয়া।
পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত বোকাখাতৰ মহকুমা নিৰ্বাচনী বিষয়া হিচাবে যোগদান কৰা নিতিশা বৰাক বৃহস্পতিবাৰে বোকাখাতৰ বিভিন্ন দল-সংগঠনে আদৰণী জনাইছে।
উল্লেখযোগ্য যে বিদায়ী বিষয়া জিমলী শইকীয়া কাকতীয়ে নিৰ্বাচনী বিষয়া হিচাবে বোকাখাতত প্ৰায় আঢ়ৈ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল।





